[1] যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক; দ্বীপ সমূহেও আনন্দ কৰক।
[2] তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল।
[3] অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে; চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে।
[4] তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল; তাকে দেখি পৃথিৱী কম্পমান হ’ল।
[5] পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত, সমুদায় পৃথিৱীৰ সন্মুখত।
[6] আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্রচাৰ কৰিছে, সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে।
[7] লজ্জিত হওঁক সেইসকল, যিসকলে মূৰ্ত্তি পূজা কৰে; যিসকলে অসাৰ প্রতিমাত গর্ব কৰে; যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।
[8] হে যিহোৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে, যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে।
[9] হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰি জনা; সকলো দেৱতাৰ ওপৰত তোমাৰ স্থান।
[10] যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে; তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে, দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।
[11] ধাৰ্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়; সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়।
[12] হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।