Skip to content
Opens in a new window
Listen to this chapter • 4:01

[1] হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ নিবেদনৰ সময়ত নিজকে লুকুৱাই নাৰাখিবা।

[2] মোলৈ মনোযোগ কৰা, মোক উত্তৰ দিয়া;

[3] শত্ৰুৰ কথাৰ কাৰণে, দুষ্টৰ অত্যাচাৰৰ বাবে, তেওঁলোকে মোলৈ আকস্মিক দুর্দশা মাতি আনিছে, তেওঁলোকে ক্ৰোধেৰে মোক নির্যাতন চলাইছে।

[4] মোৰ হৃদয়ত অত্যন্ত যন্ত্ৰণা পাইছে, মৃত্যুৰ আশঙ্কাই মোক বেৰি ধৰিছে।

[5] ভয় আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে; আতঙ্কিত হৈ ভয়াভিভূত হৈছোঁ।

[6] মই কলোঁ, কপৌৰ দৰে মোৰ ডেউকা থকা হলে! তেতিয়া মই উড়ি গৈ বিশ্ৰাম ললোহেঁতেন,

[7] চোৱা, সেয়ে হোৱা হলে, মই দূৰলৈ উৰি গলোহেঁতেন; গৈ অৰণ্যত বাস কৰিলোহেঁতেন। [চেলা]

[8] প্ৰচণ্ড বতাহ আৰু ধুমুহাৰ পৰা, শীঘ্ৰে মই আশ্ৰয় স্থানলৈ গলোহেঁতেন।

[9] হে’ প্ৰভু, তেওঁলোকক ধ্বংস কৰা, তেওঁলোকৰ ভাষা বিশৃঙ্খল কৰা; মই হিংস্রতা, শত্রুতা নগৰৰ ভিতৰত দেখিছোঁ।

[10] তেওঁলোকে দিনে-ৰাতিয়ে গড়ৰ ওপৰেদি নগৰ ভ্ৰমি ফুৰে; অপৰাধ আৰু দুষ্টতা তাৰ ভিতৰত আছে।

[11] ইয়াৰ ভিতৰত মন্দতা আছে; পথবোৰৰ পৰা উপদ্ৰৱ আৰু প্ৰতাৰণা নুগুচে।

[12] কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়; কৰা হলে, মই তাক সহিলোহেঁতেন; মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়; কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন।

[13] কিন্তু যি তুমি, এজন আমাৰ দৰেই মানুহ; মোৰ সঙ্গী মোৰ প্ৰণয়ৰ বন্ধু, তুমিয়েই তাক কৰিছা।

[14] আমি একে-লগে মধুৰ সহযোগিতা কৰিছিলোঁ; লোক সকলৰ সৈতে আমি ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।

[15] মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক, জীয়াই জীয়াই চিয়োললৈ নামি যাওঁক; কিয়নো তেওঁলোকৰ বাসস্থান আৰু মনত দুষ্টতা আছে।

[16] মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম; তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব।

[17] গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম; তাতে তেওঁ মোৰ মাত শুনিব।

[18] কিয়নো মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অনেক আছিল; মোৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পৰা তেওঁ মোৰ প্ৰাণ নিৰাপদে ৰাখিলে।

[19] ঈশ্বৰ, যি জন অৱশেষ অনাদি কালৰে পৰা আছে; তেওঁ শুনিব আৰু তেওঁলোকক উত্তৰ দিব। [চেলা] যি মানুহৰ পৰিবৰ্ত্তন নাই; তেওঁলোকে ঈশ্বৰক ভয় নকৰে।

[20] মোৰ বন্ধুৱে নিজৰে সৈতে শান্তিৰে থকাসকলৰ বিৰুদ্ধে হাত উঠালে; তেওঁ নিজে কৰা নিয়মটি উলঙ্ঘন কৰিলে।

[21] তেওঁৰ মুখ মাখনৰ নিচিনা কোমল, কিন্তু তেওঁৰ অন্তৰ বিদ্রোহী; তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া, সেইবোৰ খাপৰ পৰা ওলোৱা তৰোৱালৰ নিচিনা।

[22] যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।

[23] কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাতলৈ নমাই আনিবা; ৰক্তপাত কৰা আৰু ছলনাকাৰী মানুহবোৰে আধা বয়সো নাপাব; কিন্তু মই হ’লে, তোমাৰ ওপৰত ভাৰসা কৰিম।

গীতমালা — Chapters