Skip to content
Opens in a new window
Listen to this chapter • 1:09

[1] ইস্ৰায়েলে ইয়াকে কওঁক, “যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন,

[2] শত্রুবোৰে যেতিয়া আমাক আক্রমণ কৰিছিল, তেতিয়া যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন,

[3] তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে ক্ৰোধত জ্বলি উঠি আমাক জীয়াই জীয়াই গ্ৰাস কৰিলেহেঁতেন,

[4] তেতিয়া জল সমূহে আমাক উটুৱাই লৈ গ’লহেতেঁন, আমাৰ ওপৰেদি জলৰ সোঁত বৈ গ’লহেতেঁন;

[5] ওফন্দি উঠা জল সমূহ আমাৰ ওপৰেদি বৈ গ’লহেতেঁন।

[6] ধন্য যিহোৱা, যি জনাই আমাক চিকাৰ স্বৰূপে তেওঁলোকৰ দাঁতত পেলাই নিদিলে।

[7] আমাৰ প্রাণ ব্যাধৰ ফান্দৰ পৰা ৰক্ষা পোৱা পক্ষীৰ নিচিনাকৈ ৰক্ষা পৰিল; ফান্দ ছিঙি গ’ল আৰু আমি ৰক্ষা পালোঁ।

[8] যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ নামত আমি সহায় পাওঁ।

গীতমালা — Chapters