Skip to content
Opens in a new window
Listen to this chapter • 0:51

[1] হে যিহোৱা, মোৰ মন গর্বিত নহয়, মোৰ দৃষ্টিও উচ্চ নহয়, নিজৰ কাৰণে মোৰ কোনো মহান আশা নাই, নাইবা মোৰ পক্ষে অসম্ভৱ আশ্চর্য বিষয়বোৰ লৈয়ো মই চিন্তিত নহও।

[2] কিন্তু মই মোৰ প্রাণক সুস্থিৰ আৰু শান্ত কৰি ৰাখিলোঁ, যেনেকৈ পিয়াহ এৰা শিশুটি মাকৰ ওচৰত শান্ত হৈ থাকে; মোৰ ভিতৰত থকা প্রাণটো পিয়াহ এৰা শিশুটিৰ দৰে মোৰ লগতে আছে।

[3] হে ইস্ৰায়েল, যিহোৱাত আশা ৰাখা, এতিয়াৰ পৰা অনন্ত কাললৈকে।

গীতমালা — Chapters