Listen to this chapter • 1:30
[1] হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা; তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা।
[2] হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ মুখৰ কথালৈ কাণ দিয়া।
[3] কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে, হৃদয়হীন লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে; তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। [চেলা]
[4] কিন্তু ঈশ্ৱৰ মোৰ সহায়কৰ্তা; ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে।
[5] তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব; তোমাৰ বিশ্ৱস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা।
[6] মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম।
[7] কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে; মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে।
গীতমালা — Chapters
11:0522:1031:2041:4952:3461:4273:1981:4393:33103:41111:22121:39131:15141:45151:05161:55173:26188:34192:37201:32212:18226:05231:05241:54253:33261:51272:54282:11291:50302:19314:50322:20333:15343:38355:26362:17376:10383:34392:58403:42412:25422:37431:14444:27453:36462:02471:32482:13493:43503:50513:20521:55531:38541:30554:01562:27572:17582:18593:32602:25611:24622:33631:57641:56652:43663:04671:13687:21696:20701:05714:17723:28734:19744:16752:02762:00773:417812:54792:45803:20812:47821:14833:07842:28852:14862:55871:17883:12898:05902:56912:23922:22930:59943:17951:50962:14971:50981:35991:411000:581011:341024:331033:161045:371056:541068:121076:231082:141095:041101:311111:431121:451131:091141:171152:321162:371170:231184:0911925:071201:071211:061221:311230:521241:091251:061261:041271:041280:561291:131301:131310:511323:041330:501340:351353:141364:211371:491381:421394:091402:211412:081421:331432:291443:111453:161461:491473:021482:361491:321501:03