Skip to content
Opens in a new window
Listen to this chapter • 2:18

[1] হে যিহোৱা, তোমাৰ শক্তিত ৰজাই আনন্দ কৰে! তুমি তেওঁক উদ্ধাৰ কৰিলে, তেওঁ কেনে আনন্দিত হয়!

[2] তুমি তেওঁৰ মনৰ বাঞ্ছা পূৰ কৰিলা, তুমি তেওঁৰ ওঁঠৰ নিবেদন অগ্রাহ্য নকৰিলা। (চেলা)

[3] তুমি তেওঁলৈ মঙ্গলৰ নানা আশীৰ্ব্বাদ আনিলা, তুমি তেওঁৰ মূৰত নিভাঁজ সোণৰ কিৰীটি দিলা।

[4] তেওঁ তোমাৰ পৰা দীর্ঘায়ু জীৱন বিচাৰিলে; তাতে তুমি তেওঁক তাক দিলা; তুমি তেওঁক অনেক আয়ুস দিলা।

[5] তোমাৰ সাহায্যত তেওঁৰ গৰিমা মহান হয়; তুমি তেওঁৰ ওপৰত মৰ্য্যাদা আৰু প্ৰতাপ ৰাখিছা;

[6] তুমি তেওঁক চিৰস্থায়ী আশীৰ্ব্বাদ দান কৰিছা; তোমাৰ উপস্থিতিৰ আনন্দেৰে তুমি তেওঁক আনন্দ দান কৰিছা।

[7] কিয়নো ৰজাই যিহোৱাৰ ওপৰতে ভাৰসা কৰে; সৰ্ব্বোপৰি জনাৰ দয়াই তেওঁক লৰচৰ নকৰিব।

[8] তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব; তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব।

[9] তোমাৰ প্রকাশৰ কালত তুমি তেওঁলোকক এক অগ্নিময় জুইশালৰ নিচিনা কৰিবা; যিহোৱাই নিজৰ ক্রোধত তেওঁলোকক গ্ৰাস কৰিব; অগ্নিয়ে তেওঁলোকক দহন কৰিব।

[10] পৃথিবীৰ বুকুৰ পৰা তেওঁলোকৰ বংশধৰসকলক তুমি ধ্বংস কৰি পেলাবা; মনুষ্যৰ মাজৰ পৰা তেওঁলোকৰ সন্তান সকলক উচ্ছন্ন কৰিবা।

[11] যদি তেওঁলোকে তোমাৰ বিৰুদ্ধে দুষ্ট মন্ত্রণা কৰে, যদি অপকর্মৰ পৰিকল্পনা কৰে, তেওঁলোক সফল হ’ব নোৱাৰিব।

[12] কিয়নো তুমি তেওঁলোকৰ মুখৰ ফালে লক্ষ্য কৰি যেতিয়া তোমাৰ ধনুত কাঁড় জুৰিবা, তেতিয়া তুমি তেওঁলোকক পলাই যাবলৈ বাধ্য কৰিবা।

[13] হে যিহোৱা, তুমি নিজ পৰাক্ৰমেৰে উঠা! আমি তোমাৰ পৰাক্রমৰ গীত গাম আৰু প্ৰশংসাৰ গান কৰিম।

গীতমালা — Chapters