[1] হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান; তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত।
[2] বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।
[3] তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।
[4] তুমি বতাহক তোমাৰ দূত কৰিছা; অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা।
[5] তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা; সেয়ে কেতিয়াও লৰচৰ নহ’ব।
[6] তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা। সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল।
[7] কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল; তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল।
[8] পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল; তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল।
[9] এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে।
[10] উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া; সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়।
[11] সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়; বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়।
[12] জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়, গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়।
[13] তেওঁ আকাশৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে; তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়।
[14] তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া, যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়;
[15] যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, মুখ উজ্জ্বল কৰা তেল, আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়।
[16] যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়; তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়।
[17] সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে।
[18] ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস; শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান।
[19] ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা; তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে।
[20] তুমি অন্ধকাৰ কৰিলে ৰাতি হয়; অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে।
[21] যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে; ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে।
[22] সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে।
[23] মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়; সন্ধ্যালৈকে পৰিশ্ৰম কৰে।
[24] হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
[25] সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ; তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে।
[26] তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা।
[27] সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে; যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া।
[28] তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়; তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়।
[29] তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে।
[30] তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়, আৰু তুমি ভূমিতল নতুন কৰি তোলা।
[31] যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক; যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক।
[32] তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়: তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়।
[33] মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
[34] তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; মই যিহোৱাত আনন্দ কৰিম।
[35] পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক; দুষ্টলোক আৰু নাথাকক। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।