[1] যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মঙ্গলময়; কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে!
[2] যিহোৱাৰ মুক্ত লোকসকলে এই কথা কওঁক, যি সকলক তেওঁ শত্রুৰ হাতৰ পৰা মুক্ত কৰিলে,
[3] যি সকলক তেওঁ নানা দেশৰ পৰা গোট খোৱালে, পূৱ-পশ্চিম আৰু উত্তৰ-দক্ষিণৰ পৰা গোটালে।
[4] তেওঁলোকে মৰুভূমিৰ নিৰ্জন পথত ভ্ৰমি ফুৰিছিল, তেওঁলোকে কোনো বসতিৰ নগৰ বিচাৰি নাপালে।
[5] তেওঁলোক ক্ষুধিত আৰু তৃষ্ণার্ত হ’ল; তেওঁলোকৰ প্ৰাণ শ্রান্ত হৈ মূর্ছিত হ’ল।
[6] তেতিয়া তেওঁলোকে সঙ্কটত পৰি যিহোৱাৰ আগত কাতৰোক্তি কৰিলে; তাতে ক্লেশৰ পৰা তেওঁ তেওঁলোকক উদ্ধাৰ কৰিলে।
[7] তেওঁ পোন বাটেদি তেওঁলোকক গমন কৰালে; যাতে তেওঁলোকে গৈ কোনো বসতি নগৰ পাব পাৰে।
[8] মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
[9] কিয়নো তেওঁ পিপাসিত প্ৰাণক তৃপ্ত কৰে; আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যেৰে পূৰ কৰে।
[10] কোনো লোক অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ মাজত বহিছিল; সেই বন্দীসকলে দুখত আৰু লোহাৰ শিকলিৰ বন্ধনত কষ্ট পাইছিল।
[11] কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল; সৰ্ব্বোপৰি জনাৰ পৰামৰ্শক তেওঁলোকে তুচ্ছ জ্ঞান কৰিলে।
[12] সেই বাবেই তেওঁ কঠোৰ পৰিশ্ৰম দি তেওঁলোকৰ হৃদয়ক অৱনত কৰিলে; তেওঁলোক পতিত হ’ল আৰু সহায় কৰিবলৈ কোনো নাছিল।
[13] তেতিয়া সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক কষ্টৰ পৰা ৰক্ষা কৰিলে।
[14] তেওঁ তেওঁলোকক আন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ পৰা বাহিৰ কৰি আনিলে; তেওঁলোকৰ শিকলিৰ বন্ধন চিঙি পেলালে।
[15] মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে লোকসকলে তেওঁৰ প্ৰশংসা কৰক।
[16] তেওঁ পিতলৰ দুৱাৰবোৰ ভাঙি পেলালে; আৰু লোহাৰ ডাংবোৰ কাটি পেলালে।
[17] যি সকল নিৰ্ব্বোধ, তেওঁলোকে নিজৰ বিদ্রোহৰ কাৰণে আৰু অপৰাধৰ কাৰণে যাতনা ভোগিলে।
[18] তেওঁলোকে সকলো খোৱা বস্তুকে ঘিণ কৰিলে; তেওঁলোক মৃত্যুদ্বাৰৰ ওচৰলৈ চাপি গ’ল।
[19] সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ আগত ক্রন্দন কৰিলে; তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।
[20] তেওঁ নিজ বাক্য পঠাই তেওঁলোকক সুস্থ কৰিলে; তেওঁ বিনাশৰ পৰা তেওঁলোকক ৰক্ষা কৰিলে।
[21] মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
[22] তেওঁলোকে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰক; আনন্দ গীতেৰে তেওঁৰ কৰ্মৰাজিৰ বৰ্ণনা কৰক।
[23] যিসকলে জাহাজত উঠি সাগৰত অহা-যোৱা কৰে, আৰু মহা জল সমূহৰ ওপৰেদি ব্যৱসায় কৰে,
[24] তেওঁলোকে যিহোৱাৰ কাৰ্যবোৰ দেখে, গভীৰ জলত তেওঁৰ আচৰিত কার্যবোৰ দেখে।
[25] তেওঁৰ আজ্ঞাৰ দ্বাৰাই প্ৰচণ্ড ধুমুহা হ’ল; তাতে সাগৰৰ ঢৌবোৰ ওফন্দি উঠে;
[26] ঢৌবোৰ বহু ওপৰলৈ উঠে, পুনৰ বহু গভীৰলৈ নামি আহে; বিপদৰ কালত তেওঁলোকৰ প্ৰাণ ভয়তে দ্ৰৱ হৈ যায়।
[27] মতলীয়া মানুহৰ দৰে তেওঁলোকে ঢলংপলং কৰে; তেওঁলোকৰ সকলো বুদ্ধি নাইকিয়া হয়।
[28] সঙ্কটৰ কালত তেওঁলোকে যিহোৱাৰ ওচৰত ক্রন্দন কৰে, তাতে তেওঁ তেওঁলোকক ক্লেশৰ পৰা উদ্ধাৰ কৰে।
[29] তেওঁ ধুমুহাক প্রশমিত কৰে, তাৰ ঢৌবোৰক শান্ত কৰে।
[30] সাগৰ শান্ত হোৱাৰ কাৰণে তেওঁলোকে আনন্দ কৰে; তেওঁ তেওঁলোকক লক্ষ্যৰ বন্দৰলৈ লৈ যায়।
[31] মানুহৰ প্রতি যিহোৱাৰ আচৰিত কার্যৰ কাৰণে আৰু তেওঁৰ গভীৰ প্রেমৰ কাৰণে তেওঁলোকে তেওঁৰ প্ৰশংসা কৰক।
[32] সমাজৰ মাজত তেওঁলোকে তেওঁৰ গৌৰৱ-কীৰ্ত্তন কৰক, বৃদ্ধসকলৰ সভাত তেওঁৰ প্ৰশংসা কৰক।
[33] নদীবোৰক তেওঁ মৰুভূমিলৈ, জলৰ ভুমুকবোৰক তেওঁ শুকান ভূমিলৈ পৰিণত কৰে;
[34] তেওঁ ফলৱান দেশক লোণাময় অনুর্বৰ ভূমি কৰে, সেই ঠাইৰ নিবাসীসকলৰ দুষ্টতাৰ কাৰণে তেওঁ এই সকলো কৰে।
[35] তেওঁ মৰুভূমিক জলাশয়লৈ, শুকান ঠাইবোৰক জলৰ ভুমুকলৈ পৰিণত কৰে।
[36] ক্ষুধাতুৰ লোকসকলক তেওঁ তাত বসতি কৰায়; তেওঁলোকে তাত নগৰ স্থাপন কৰে।
[37] তেওঁলোকে পথাৰত বীজ সিঁচে, দ্ৰাক্ষালতা ৰোৱে, আৰু প্রচুৰ ফল চপায়।
[38] তেওঁ তেওঁলোকক আশীৰ্ব্বাদ কৰে আৰু তেওঁলোক সংখ্যাত অতিশয় বৃদ্ধি পায়; তেওঁ তেওঁলোকৰ পশুধনবোৰক হ্রাস হবলৈ নিদিয়ে।
[39] উপদ্ৰৱ, বিপদ আৰু শোকত পুনৰ তেওঁলোক সংখ্যাত হ্রাস পায়, তেওঁলোকৰ নীহ অৱস্থা হ’য়।
[40] তেওঁ উচ্চপদৰ লোকসকলৰ ওপৰত অপমান বৰষায়, পথহীন মৰুভূমিৰ মাজত তেওঁলোকক ভ্ৰমণ কৰায়;
[41] কিন্তু তেওঁ দৰিদ্ৰক দুখৰ পৰা তুলি আনি উচ্চ পদত স্থাপন কৰে, আৰু মেৰ-ছাগৰ জাকৰ নিচিনাকৈ তেওঁৰ পৰিয়ালৰ যত্ন লয়।
[42] তাকে দেখি ধাৰ্মিক লোকে আনন্দ কৰে, কিন্তু সকলো অধৰ্মকাৰীয়ে নিজৰ মুখ বন্ধ কৰে।
[43] যি জন জ্ঞানী, তেওঁ এই সকলো কথালৈ মনোযোগ দিয়ক, যিহোৱাৰ বিশ্বস্ত প্রেমৰ বিষয়ে ধ্যান কৰক।