[1] হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা; মোৰ কাতৰোক্তি তোমাৰ আগত উপস্থিত হওক।
[2] সঙ্কটৰ কালত তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; মোলৈ কাণ পাতা; মই প্ৰাৰ্থনা কৰা কালত শীঘ্ৰে মোক উত্তৰ দিয়া।
[3] কিয়নো ধুঁৱাৰ নিচিনাকৈ মোৰ দিনবোৰ বিলীন হৈ গৈছে, মোৰ অস্থিবোৰ যেন অগ্নিশালৰ জুইত জ্বলিছে।
[4] ৰ’দৰ তাপত লেৰেলি যোৱা ঘাঁহৰ নিচিনাকৈ মোৰ হৃদয় শুকাই গৈছে; এনে কি মই ভোজন কৰিবলৈও পাহৰি যাওঁ।
[5] মই বৰকৈ কেঁকাই থকাত মোৰ অস্থিবোৰ শৰীৰৰ ছালত লাগি গৈছে।
[6] মই মৰুভূমিত বাস কৰা এটি ফেঁচাৰ নিচিনা হ’লো, ধ্বংসস্তূপত থকা এটা অকলশৰীয়া সৰু ফেঁচাৰ দৰে হ’লো।
[7] মই টোপনি যাব নোৱাৰো; ঘৰৰ চালত থকা অকলশৰীয়া চৰাইজনীৰ সদৃশ হ’লো।
[8] মোৰ শত্ৰুবোৰে দিনে-ৰাতিয়ে মোক বিদ্রূপ কৰে; মোৰ বিৰুদ্ধে খঙত উন্মত্ত লোকসকলে মোৰ নাম শাও ৰূপে ব্যৱহাৰ কৰে।
[9] বাস্তৱিক মই আহাৰ স্বৰূপে ভস্ম খাওঁ; পেয় দ্রব্যৰে সৈতে মোৰ চকুলো মিহলাও;
[10] ইয়াৰ কাৰণ হৈছে তোমাৰ ৰোষ আৰু তোমাৰ ক্রোধ; কিয়নো তুমি মোক ওপৰলৈ তুলি দলিয়াই পেলাই দিলা।
[11] মোৰ দিনবোৰ সন্ধিয়া পৰৰ ছাঁৰ নিচিনা হৈছে; মই তৃণৰ দৰে শুকাই গৈছোঁ।
[12] কিন্তু, হে যিহোৱা, তুমি হ’লে তোমাৰ সিংহাসনত চিৰকাললৈকে থাকা; তোমাৰ নামৰ যশস্যা পুৰুষে পুৰুষে স্থায়ী।
[13] তুমি উঠিবা, চিয়োনলৈ কৃপা কৰিবা; এতিয়াই তাৰ প্রতি দয়া কৰাৰ সময় হৈছে, কাৰণ নিৰূপিত সময় উপস্থিত হ’ল।
[14] তোমাৰ দাসবোৰৰ ওচৰত তাৰ শিলবোৰ প্রিয়, তাৰ ধুলিকণাৰ ওপৰতো তেওঁলোকৰ মমতা আছে।
[15] যিহোৱাৰ নামক সকলো জাতিয়ে ভয় কৰিব, পৃথিৱীৰ সমুদায় ৰজা তোমাৰ প্ৰতাপত ভীত হ’ব।
[16] কিয়নো যিহোৱাই পুনৰ চিয়োনক নিৰ্ম্মাণ কৰিব; তেওঁ নিজৰ মহিমাৰে দৰ্শন দিব।
[17] সেই সময়ত তেওঁ দীনহীনবোৰৰ প্রার্থনাৰ উত্তৰ দিব, তেওঁলোকৰ প্রার্থনাক তেওঁ অগ্রাহ্য নকৰিব।
[18] ভাৱী বংশধৰসকলৰ কাৰণে এই সকলো কথা লিখি থোৱা হ’ব, যাতে এতিয়া জন্ম নোহোৱা সন্তান সকলেও যিহোৱাৰ প্রশংসা কৰিব পাৰে।
[19] কিয়নো তেওঁৰ পবিত্র উচ্চ স্থানৰ পৰা তেওঁ তললৈ দৃষ্টি কৰিলে; যিহোৱাই স্বর্গৰ পৰা পৃথিৱীলৈ দৃষ্টি কৰিলে,
[20] যাতে বন্দীসকলৰ কেঁকনি শুনিব পাৰে, মৃত্যুদণ্ডৰে অভিযুক্ত সকলক মুক্ত কৰিব পাৰে।
[21] চিয়োনত যিহোৱাৰ নাম প্রচাৰিত হ’ব, যিৰূচালেমত তেওঁৰ প্ৰশংসা-স্তুতি হ’ব,
[22] যেতিয়া যিহোৱাৰ সেৱা কৰিবৰ কাৰণে সকলো জাতি আৰু ৰাজ্যবোৰ একত্রিত হ’ব।
[23] জীৱন পথৰ মাজতেই যিহোৱাই মোৰ শক্তি কমাই দিলে; মোৰ আয়ুস চুটি কৰি দিলে।
[24] সেয়ে মই কৈছো, “হে মোৰ ঈশ্বৰ, জীৱনৰ মাজভাগতে তুমি মোক তুলি নিনিবা; তোমাৰ বছৰবোৰতো সর্বপুৰুষলৈকে স্থায়ী।”
[25] অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা; আকাশমণ্ডল তোমাৰ হাতৰ কাৰ্য।
[26] সেইবোৰ ধ্বংস হৈ যাব, কিন্তু তুমি হ’লে চিৰকাল থাকিবা; কাপোৰৰ দৰে সেই সকলো জীৰ্ণ হৈ যাব; তুমি সেইবোৰক বস্ত্ৰৰ নিচিনাকৈ সলনি কৰিবা; তাতে সেইবোৰ আৰু নাথাকিব।
[27] কিন্তু তুমি হ’লে সদায় একে, তোমাৰ বছৰৰ কেতিয়াও শেষ নহ’ব।
[28] তোমাৰ দাসবোৰৰ সন্তান সকল জীয়াই থাকিব; তেওঁলোকৰ বংশধৰসকল তোমাৰ উপস্থিতিত থিৰে থাকিব।