Skip to content
Opens in a new window
Listen to this chapter • 0:50

[1] ই কেনে উত্তম আৰু কেনে আনন্দময় হয়, যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে!

[2] তেওঁলোক মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা, যি তললৈ দাঢ়িলৈকৈ নামি আহে, হাৰোণৰেই দাঢ়িৰ ওপৰেদি নামি গৈ তেওঁৰ বস্ত্ৰৰ ডিঙিলৈকে বৈ আহিল!

[3] সেয়ে হৰ্মোণ পর্বতৰ নিয়ৰৰ নিচিনা, যি চিয়োনৰ পৰ্বতমালাৰ ওপৰলৈ নামি আহিল; কিয়নো তাত যিহোৱাই তেওঁৰ আশীৰ্ব্বাদৰ ৰায় দিলে, অনন্ত কালৰ নিমিত্তে জীৱনৰ ৰায় দিলে।

গীতমালা — Chapters