[1] হে যিহোৱা, তুমি তোমাৰ দেশৰ প্রতি দয়া দেখুৱালা। তুমি যাকোবৰ ভৱিষ্যত পুনৰ স্থাপন কৰিলা।
[2] তোমাৰ লোকসকলৰ অপৰাধ তুমি ক্ষমা কৰিলা; তুমি তেওঁলোকৰ সকলো পাপ ঢাকিলা। (চেলা)
[3] তোমাৰ সকলো ক্রোধ তুমি দূৰ কৰি দিলা আৰু তোমাৰ প্ৰচণ্ড কোপৰ পৰা তুমি ঘূৰি আহিলা।
[4] হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুনৰ উদ্ধাৰ কৰা; আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা।
[5] তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি? সৰ্ব্ব পুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি?
[6] তোমাৰ লোকসকলে যাতে তোমাত আনন্দ কৰিব পাৰে, তাৰবাবে তুমি জানো আমাক পুণৰায় জাগৰিত নকৰিবা?
[7] হে যিহোৱা, তোমাৰ দৃঢ় প্রেম তুমি আমাক দেখুউৱা; তোমাৰ পৰিত্ৰাণ আমাক দান কৰা।
[8] ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম; কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব, যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়।
[9] তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্ৰাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট; তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব।
[10] গভীৰ প্রেম আৰু বিশ্ৱস্ততাৰ মিলন ঘটিব; ধাৰ্মিকতা আৰু শান্তিয়ে পৰস্পৰে চুম্বন কৰিব।
[11] দেশৰ ভূমিৰ পৰা বিশ্ৱস্ততাৰ গজালি ওলাব; স্বৰ্গৰ পৰা ধাৰ্মিকতাই তললৈ দৃষ্টি কৰিব।
[12] যি যি উত্তম, যিহোৱাই নিশ্চয়ে তাক দান কৰিব। আমাৰ দেশে নিজৰ শস্য উৎপন্ন কৰিব।
[13] ধাৰ্মিকতা যিহোৱাৰ আগে আগে চলিব; তেওঁৰ খোজৰ চিহ্নত ধার্মিকতাই এটি পথ প্রস্তুত কৰিব।