Skip to content
Opens in a new window
Listen to this chapter • 2:23

[1] যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে

[2] তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।”

[3] তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব।

[4] তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব, তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা; ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব।

[5] তুমি ৰাতিৰ আতঙ্কলৈ; আৰু দিনত উড়ি অহা কাঁড়লৈ ভয় নকৰিবা।

[6] অন্ধকাৰত ঘূৰি ফুৰা মহামাৰীলৈ নাইবা দুপৰীয়া সময়ত অহা ধ্বংসকাৰী আঘাতলৈ তুমি ভয় নকৰিবা।

[7] হয়তো তোমাৰ ওচৰে-পাজৰে ধ্বংস হ’ব হাজাৰ হাজাৰ লোক, আৰু তোমাৰ সোঁফালে অযুত অযুত; কিন্তু সেয়ে তোমাৰ কাষলৈ নাহিব।

[8] তুমি কেৱল নিজ চকুৰে দেখা পাবা; দুষ্টবোৰে কেনে প্ৰতিফল পায়, তুমি তাক দেখা পাবা।

[9] ‘হে প্ৰভু, হয়, তুমিয়েই মোৰ আশ্ৰয়!’ তুমি সৰ্ব্বোপৰি জনাক তোমাৰ আশ্রয়স্থান কৰিলা।

[10] সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব।

[11] কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব।

[12] তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায়

[13] তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা।

[14] কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে।

[15] তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।

[16] মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম; মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম।

গীতমালা — Chapters