[1] সঙ্কটৰ কালত যিহোৱাই তোমাক উত্তৰ দিয়ক, যাকোবৰ ঈশ্বৰৰ নামে তোমাক সুৰক্ষা দিয়ক,
[2] তেওঁৰ পবিত্ৰ স্থানৰ পৰা তেওঁ তোমাক সহায় কৰক; তেওঁ চিয়োনৰ পৰা তোমাক শক্তি দান কৰক।
[3] তোমাৰ সকলো উৎসৰ্গৰ কথা তেওঁ সোঁৱৰণ কৰক; তোমাৰ হোম-বলিবোৰ তেওঁ গ্ৰহণ কৰক। (চেলা)
[4] তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক। তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক।
[5] তোমাৰ বিজয়ত আমি যেন আনন্দ-ধ্বনি কৰিম; আমাৰ ঈশ্বৰৰ নামত আমি নিচান তুলিম; যিহোৱাই তোমাৰ সকলো প্ৰাৰ্থনা সাম্ফল কৰক।
[6] এতিয়া মই জানো, যিহোৱাই তেওঁৰ অভিষিক্ত জনক সহায় কৰিব, তেওঁৰ সোঁ হাতৰ বিজয়সূচক পৰিত্রাণেৰে সৈতে, তেওঁ নিজৰ পবিত্ৰ স্বৰ্গৰ পৰা অভিষিক্ত জনাৰ মাতত উত্তৰ দিব।
[7] অনেকে তেওঁলোকৰ ৰথত, অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে; কিন্তু আমি হলে অহংকাৰ কৰোঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।
[8] তেওঁলোক পৰিব আৰু পতন হ’ব। কিন্তু আমি হলে মূৰ দাঙি থিয় হৈ থাকিম।
[9] হে যিহোৱা, ৰজাক উদ্ধাৰ কৰা; আমি প্ৰাৰ্থনা কৰা কালত আমাক উত্তৰ দিয়া।