Skip to content
Opens in a new window
Listen to this chapter • 3:33

[1] হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম, আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম।

[2] মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম; হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম!

[3] মোৰ শত্রুবোৰ যেতিয়া উলটি গ’ল, তেতিয়া তেওঁলোক তোমাৰ সন্মুখত উজুটি খাই বিনষ্ট হ’ল।

[4] তোমাৰ সিংহাসনত বহি, তুমি ন্যায় বিচাৰ কৰিছা। কিয়নো তুমিয়েই মোৰ বিচাৰ কৰি মোৰ পক্ষে ৰায় দিছা।

[5] তুমি আন জাতিবোৰক ধমকি দিছা, দুষ্টবোৰক বিনষ্ট কৰিছা; তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা।

[6] শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল; তাৰ নগৰবোৰ তুমি উভালি পেলালা, সেইবোৰৰ নাম তুমি মচি পেলালা।

[7] কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে; তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে।

[8] তেওঁ ধার্মিকতাৰে জগতৰ বিচাৰ কৰে, তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে।

[9] উপদ্ৰৱ পোৱাসকলৰ কাৰণে যিহোৱা উচ্চ দুৰ্গস্বৰূপ হ’ব; তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুর্গ হয়।

[10] যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা।

[11] যিহোৱা চিয়োনত আছে। তোমালোকে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা; জাতিবোৰৰ মাজত তেওঁ কৰা কাৰ্যবোৰ ঘোষণা কৰা।

[12] কিয়নো যিজনে ৰক্তপাতৰ প্রতিশোধ লয়, ঈশ্বৰে তেওঁক পাহৰি নাযায়; পীড়িতসকলৰ ক্রন্দন তেওঁ কেতিয়াও নাপাহৰে।

[13] হে যিহোৱা, মোক কৃপা কৰা; চোৱা, ঘিণাওঁতা সকলৰ দ্বাৰা মই কেনে উপদ্রৱ পাইছো। মৃত্যুৰ দুৱাৰৰ পৰা মোক ৰক্ষা কৰা।

[14] মই তোমাৰ প্রশংসা প্রচাৰ কৰিম; চিয়োন জীয়াৰীৰ দুৱাৰত তোমাৰ দ্বাৰা পোৱা উদ্ধাৰত মই আনন্দ কৰিম!

[15] আন জাতিবোৰ নিজে খন্দা গাতত ডুবিল; তেওঁলোকে লুকুৱাই পাতি থোৱা জালত তেওঁলোকৰেই ভৰি লাগিল।

[16] ন্যায় বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, চেলা)।

[17] যি জাতিয়ে ঈশ্বৰক পাহৰি যায়, তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব;

[18] অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ’ব, অসহায়সকলৰ আশা কেতিয়াও অসম্পূর্ণ হৈ নাথাকিব।

[19] হে যিহোৱা, তুমি উঠা; মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা; তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক।

[20] হে যিহোৱা, তেওঁলোকৰ মন আতঙ্কিত হওঁক; আন জাতিবোৰে জানক যে, তেওঁলোক কেৱলমাত্র মানুহ। (চেলা)।

গীতমালা — Chapters