Skip to content
Opens in a new window
Listen to this chapter • 0:59

[1] যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত; যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে; জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।

[2] তোমাৰ সিংহাসন পূৰ্বৰে পৰা স্থাপন কৰা হ’ল; তুমি অনাদি কালৰে পৰা বিদ্যমান।

[3] হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে, নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে; নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।

[4] মহা জল সমূহৰ কল্লোল ধ্বনিতকৈয়ো, সমুদ্ৰৰ প্ৰচণ্ড তৰঙ্গবোৰতকৈয়ো সৰ্ব্বোপৰি যিহোৱা বলৱান।

[5] তোমাৰ আজ্ঞাবোৰ অতি বিশ্বাসযোগ্য; হে যিহোৱা চিৰদিনৰ কাৰণে পবিত্ৰতা তোমাৰ গৃহৰ শোভা।

গীতমালা — Chapters