Skip to content
Opens in a new window
Listen to this chapter • 3:28

[1] হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা, আৰু ৰাজকোঁৱৰক তোমাৰ ধাৰ্মিকতা প্ৰদান কৰা।

[2] তেওঁ ধাৰ্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব; ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব।

[3] পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব; পাহাৰবোৰেও ধাৰ্মিকর্তা উৎপাদন কৰিব।

[4] তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব, অভাৱগ্রস্ত সন্তান সকলক ৰক্ষা কৰিব; কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব।

[5] তেওঁ সূৰ্য চন্দ্ৰ থাকেমানে থাকিব, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব।

[6] ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়, তেওঁ তেনেকৈয়ে ভূমি ভিজোৱা বৰষুণ জাকৰ দৰেই হয়।

[7] তেওঁৰ সময়ত ধাৰ্মিকজন জকমকাব; যিমান দিনলৈ চন্দ্ৰ থাকিব সিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব।

[8] তেওঁলোকে এখন সমুদ্ৰৰ পৰা আন এখন সমুদ্ৰলৈকে ৰাজ্য শাসন কৰিব, আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব।

[9] মৰুভূমিৰনিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব; আৰু তেওঁৰ শত্ৰুবোৰে ধূলি চেলেকিব।

[10] তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।

[11] এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব; আৰু সকলো জাতিৰ লোকে তেওঁৰ সেৱা কৰিব।

[12] কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব।

[13] তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব; দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব।

[14] অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হ’ব।

[15] ৰজাসকল জীয়াই থাকিব আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব; লোকসকলে নিতৌ তেওঁৰ গুৰিত প্ৰাৰ্থনা কৰিব, ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰিব।

[16] পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব।

[17] ৰজাৰ নাম চিৰস্থায়ী হ’ব; সূৰ্য থাকেমানে তেওঁৰ নাম থাকিব; লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব; সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলিব।

[18] ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক; যি জন কেৱল আচৰিত কৰ্ম কৰোঁতা।

[19] তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক; আৰু সমুদায় পৃথিৱী তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওঁক। আমেন আৰু আমেন।

[20] যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত।

গীতমালা — Chapters