Skip to content
Opens in a new window
Listen to this chapter • 1:14

[1] হে ঈশ্বৰ, মোৰ বিচাৰ কৰা; ঈশ্বৰ ভয়হীন জাতিৰ বিৰুদ্ধে মোৰ পক্ষে কথা কোৱা; ছল আৰু অন্যায়কাৰী মানুহৰ পৰা মোক ৰক্ষা কৰা।

[2] কিয়নো তুমিয়েই মোৰ ঈশ্বৰ, মোৰ দুৰ্গ; তুমি মোক কিয় ত্যাগ কৰিলা? মই কিয় শত্ৰুৰ উপদ্ৰৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছোঁ?

[3] তোমাৰ দীপ্তি আৰু সত্যতাক পঠাই দিয়া; সেইবোৰেই মোৰ পথদৰ্শক হওঁক; সেইবোৰেই মোক তোমাৰ সেই পবিত্ৰ পৰ্ব্বতলৈ আৰু তোমাৰ আবাসলৈ লৈ যাওঁক।

[4] তাতে মই ঈশ্বৰৰ যজ্ঞ-বেদীৰ ওচৰলৈ যাম, মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম; হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মই বীণাৰে তোমাৰ ধন্যবাদ কৰিম।

[5] হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভাৰসা কৰা; কাৰণ মই পুনৰায় তেওঁৰ স্তুতি কৰিম। তেৱেঁই মোৰ সহায়, মোৰ ঈশ্বৰ।

গীতমালা — Chapters