[1] মই যিহোৱাক প্ৰেম কৰোঁ, কিয়নো তেওঁ মোৰ স্বৰ আৰু কাকুতি শুনিলে।
[2] তেওঁ মোৰ কথালৈ কাণ পাতিলে, সেয়ে মই জীয়াই থকা দিনলৈকে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিম।
[3] মই মৃত্যুৰ জৰীত বান্ধ খাই পৰিছিলোঁ, চিয়োলৰ যাতনাৰ সন্মুখীন হৈছিলো, মই দুখ-কষ্ট পাইছিলো;
[4] তেতিয়া মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ, “হে যিহোৱা, মই মিনতি কৰিছোঁ, তুমি মোৰ প্ৰাণ ৰক্ষা কৰা!”
[5] যিহোৱা দয়াময় আৰু ধাৰ্মিক; বাস্তৱিক আমাৰ ঈশ্বৰ স্নেহময়।
[6] যিহোৱাই অমায়িক লোকক ৰক্ষা কৰে; মই অসহায় হোৱাত তেওঁ মোক উদ্ধাৰ কৰিলে।
[7] হে মোৰ প্রাণ, তোমাৰ বিশ্ৰাম-স্থানলৈ উভটি যোৱা, কিয়নো যিহোৱাই তোমাক প্ৰচুৰ মঙ্গল কৰিলে।
[8] কাৰণ তুমিয়েই মৃত্যুৰ পৰা প্ৰাণ, চকুলোৰ পৰা মোৰ চকু, উজুটি খোৱাৰ পৰা মোৰ ভৰি ৰক্ষা কৰিলা।
[9] মই জীৱিতসকলৰ দেশত যিহোৱাৰ সাক্ষাতে অহা-যোৱা কৰিম।
[10] যেতিয়া মই কৈছিলোঁ, “মই অতিশয় উৎপীড়িত হৈছোঁ” তেতিয়াও যিহোৱাত মই বিশ্বাসত আছিলোঁ।
[11] মই উদ্বেগ কৰি কৈছিলোঁ, “সকলো মানুহ মিছলীয়া।”
[12] যিহোৱাই মোলৈ কৰা সকলো মঙ্গলৰ পৰিবর্তে মই তেওঁক কি দিম?
[13] মই পৰিত্ৰাণৰ পানপাত্ৰ তুলি ধৰিম, আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম;
[14] মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম; তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।
[15] যিহোৱাৰ দৃষ্টিত তেওঁৰ বিশ্বাসীসকলৰ মৃত্যু বহুমূল্য।
[16] হে যিহোৱা, সচাঁকৈয়ে মই তোমাৰ দাস হওঁ; মই তোমাৰ দাস, তোমাৰেই দাসীৰ পুত্ৰ; তুমিয়েই মোৰ বন্ধনবোৰ মুকলি কৰিলা।
[17] মই তোমাৰ উদ্দেশ্যে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম; মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম।
[18] মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম; তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।
[19] হে যিৰূচালেম, তোমাৰেই মাজত, যিহোৱাৰ গৃহৰ চোতাল কেইখনত, মই সেই সকলো পূর্ণ কৰিম। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!