Skip to content
Opens in a new window
Listen to this chapter • 1:24

[1] হে ঈশ্বৰ, মোৰ ক্রন্দন শুনা; মোৰ প্ৰাৰ্থনালৈ কাণ দিয়া।

[2] মোৰ মন দুখত যেতিয়া ভাঙি পৰে, মই পৃথিবীৰ অন্তত থাকিলেও তাৰ পৰা তোমাক মাতিম; তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে।

[3] কিয়নো তুমি মোৰ আশ্ৰয়, শত্ৰুৰ পৰা ৰক্ষা কৰোঁতা দৃঢ় দুৰ্গ।

[4] মই যেন চিৰকাললৈকে তোমাৰ তম্বুত বাস কৰিবলৈ পাম; তোমাৰ ডেউকাৰ আঁৰত মই যেন আশ্রয় পাম। [চেলা]

[5] কিয়নো হে ঈশ্বৰ, তুমিয়েই মোৰ সঙ্কল্পবোৰ শুনিলা। তোমাৰ নাম শ্রদ্ধা কৰাসকলৰ আধিপত্য তুমি মোক দিলা।

[6] তুমি ৰজাৰ আয়ুস দীর্ঘাযু় কৰিবা; তেওঁ বয়স বহু পুৰুষলৈকে থাকিব।

[7] তেওঁ ঈশ্বৰৰ সাক্ষাতে চিৰকাল বাস কৰিব; তেওঁৰ ৰক্ষাৰ অৰ্থে দয়া আৰু সত্যতা ব্যৱহাৰ কৰা।

[8] তাতে, মই চিৰকাললৈকে তোমাৰ প্ৰশংসাৰ গান কৰিম; প্রতিদিনে নিজৰ সঙ্কল্প সিদ্ধ কৰিম।

গীতমালা — Chapters