Skip to content
Opens in a new window
Listen to this chapter • 2:45

[1] হে ঈশ্বৰ, আন জাতিবোৰে আহি তোমাৰ আধিপত্যত সোমাল; তেওঁলোকে তোমাৰ পবিত্ৰ মন্দিৰ অশুচি কৰিলে; তেওঁলোকে যিৰূচালেমক ধ্বংসৰ স্তূপ কৰিলে।

[2] তোমাৰ দাসবোৰৰ মৰা শৱবোৰ তেওঁলোকে আকাশৰ পক্ষীবোৰক আহাৰ স্বৰূপে খাবলৈ দিলে; তোমাৰ ভক্তসকলৰ মাংস পৃথিৱীৰ বনৰীয়া পশুবোৰক দিলে।

[3] যিৰূচালেমৰ চাৰিওফালে তেওঁলোকে সেই লোকসকলৰ তেজ পানীৰ দৰে ঢালি দিলে; তেওঁলোকক মৈদাম দিবলৈ কোনো নাছিল।

[4] চুবুৰীয়া জাতিবোৰৰ আগত আমি নিন্দাৰ পাত্র হৈছোঁ; আমাৰ চাৰিওফালৰ লোকসকলৰ আগত আমি হাঁহিয়াতৰ আৰু বিদ্রূপৰ খোৰাক হৈছোঁ।

[5] হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকাললৈ ক্ৰোধ কৰি থাকিবানে? তোমাৰ হিংসুক অন্তৰ্জ্বালা অগ্নিৰ দৰে কিমান কাললৈকে জ্বলি থাকিব?

[6] তোমাক নজনা জাতিবোৰৰ ওপৰত তোমাৰ ক্ৰোধ ঢালি দিয়া, তোমাৰ নামেৰে প্ৰাৰ্থনা নকৰা ৰাজ্যবোৰৰ ওপৰত তোমাৰ ক্ৰোধ বাকি দিয়া।

[7] কিয়নো তেওঁলোকেই যাকোবৰ বংশক গ্ৰাস কৰিলে, তেওঁৰ বাসস্থান উচ্ছন্ন কৰিলে।

[8] আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধবোৰক তুমি আমাৰ অহিতে সোঁৱৰণ নকৰিবা; শীঘ্ৰে তোমাৰ দয়া আমাৰ ওচৰলৈ আহিবলৈ দিয়া, কিয়নো আমি অতিশয় হীন-অৱস্থাত পৰিছোঁ।

[9] হে আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ, তোমাৰ নামৰ গৌৰৱৰ কাৰণে আমাক সহায় কৰা; তোমাৰ নামৰ কাৰণে আমাক উদ্ধাৰ কৰা আৰু আমাৰ পাপবোৰ ক্ষমা কৰা।

[10] আন জাতিবোৰে কিয় ক’ব, “সিহঁতৰ ঈশ্বৰ ক’ত গ’ল?” তুমি আমাৰ চকুৰ সন্মুখতে জাতিবোৰৰ ওপৰত, তোমাৰ দাসবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ তুমি সাধিবা।

[11] বন্দীবোৰৰ কাতৰোক্তি তোমাৰ আগলৈ আহঁক; যি সকলৰ ওপৰত মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে, তোমাৰ মহান ক্ষমতা অনুসাৰে তুমি তেওঁলোকক ৰক্ষা কৰা।

[12] হে প্ৰভু, আমাৰ প্রতিবেশী জাতিবোৰে যিভাৱে তোমাক অপমান কৰিছে, তাৰ সাত গুণ প্ৰতিফল তুমি তেওঁলোকৰ বুকুত উভটাই দিয়া।

[13] তাতে তোমাৰ লোক আৰু চৰণীয়া পথাৰৰ মেৰ-ছাগ যি আমি, আমি চিৰকাল তোমাৰ ধন্যবাদ কৰিম, আৰু পুৰুষানুক্ৰমে তোমাৰেই প্ৰশংসা কৰিম।

গীতমালা — Chapters