Skip to content
Opens in a new window
Listen to this chapter • 3:50

[1] পৰাক্রমী ঈশ্বৰ যিহোৱাই কথা কলে, সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিবীৰ সকলোকে তেওঁ মাতিলে।

[2] চিয়োনৰ পৰা, পৰিপূর্ণ সৌন্দর্যৰ ঠাইৰ পৰা, ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে।

[3] আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।

[4] তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে, তেওঁ ওপৰৰ আকাশ-মণ্ডলক আৰু পৃথিবীক মাতিছে।

[5] “মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা, যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে।”

[6] আকাশ-মণ্ডলে তেওঁৰ ধাৰ্মিকতা ঘোষণা কৰিছে; কিয়নো ঈশ্বৰ নিজেই বিচাৰকর্তা। (চেলা)

[7] হে মোৰ লোকসকল, শুনা, মই কথা ক’ম; হে ইস্ৰায়েল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম; মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ।

[8] তোমাৰ উৎসর্গৰ বাবে মই তোমাক দোষী কৰা নাই; তোমাৰ হোমবলিবোৰ সদায় মোৰ সন্মুখত আছে।

[9] তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ; তোমাৰ গঁৰালৰ ছাগলীও মই গ্ৰহণ নকৰোঁ।

[10] কিয়নো সকলো বনৰীয়া জন্তু মোৰেই, অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই।

[11] এনেকি, পাহাৰৰ সকলো পক্ষীক মই জানো; পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই।

[12] “মোৰ ভোক লাগিলেও মই তোমাক নক’ম; কিয়নো জগত আৰু তাত থকা সকলো মোৰেই।

[13] ভতৰাৰ মাংস মই ভোজন কৰিম নে? মই ছাগলীবোৰৰ তেজ পান কৰিম নে?

[14] ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।

[15] সঙ্কটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা; মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা।”

[16] কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, “মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে?

[17] কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা; মোৰ কথাবোৰ পাছফালে পেলাই থোৱা।

[18] চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা; তুমি ব্যভিচাৰীবোৰৰ সহযোগী হৈ থাকা।

[19] দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা, তোমাৰ জিভাই ছলনাৰ বশত থাকি কথা কয়।

[20] তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাক; একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা।

[21] এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ; তুমি ভাৱিছা, মই তোমাৰেই নিচিনা এজন। কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দোষ লৈ আনিম।

[22] তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা; নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম; তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।

[23] যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।

গীতমালা — Chapters