[1] হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ যিহোৱা, মই দিনে-ৰাতিয়ে তোমাৰ ওচৰত কাতৰোক্তি কৰিছোঁ।
[2] তোমাৰ আগত মোৰ প্রার্থনা উপস্থিত হওঁক; তুমি মোৰ কাতৰোক্তিলৈ কাণ পাতা।
[3] কাৰণ মোৰ প্রাণ দুখেৰে ভৰি পৰিছে, মোৰ জীৱন প্ৰায় চিয়োলৰ ওচৰ চাপিছে।
[4] গাতলৈ নামি যোৱাবোৰৰ লগত মই গণিত হৈছোঁ; মই অসহায় লোকৰ দৰে বলহীন হৈছোঁ;
[5] মই মৃতবোৰৰ মাজত পৰিত্যাগ কৰা লোকৰ দৰে হৈছোঁ; মৈদামত পৰি থকা হত লোকবোৰৰ নিচিনা হৈছোঁ, যিবোৰক তুমি সোঁৱৰণো নকৰা, যিবোৰ তোমাৰ সহায়ৰ হাতৰ পৰা বিছিন্ন হৈছে।
[6] তুমি মোক গাতৰ সকলোতকৈ তলৰ ঠাইত ৰাখিছা, অন্ধকাৰ আৰু গভীৰ ঠাইত ৰাখিছা।
[7] হে ঈশ্বৰ, তোমাৰ ক্ৰোধে মোক বেৰি ধৰিছে, তোমাৰ সকলো প্রকাৰ ঢৌৰে তুমি মোক দুখ দিছা। (চেলা)।
[8] তুমি মোৰ চিনাকিবোৰক মোৰ পৰা দূৰ কৰিছা; তেওঁলোকৰ সন্মুখত মোক ঘৃণাৰ পাত্র কৰিছা; মই বন্দী হৈ আছোঁ, ওলাই যাব পৰা নাই।
[9] দুখতে মোৰ চকুৰ দৃষ্টি কমি আহিছে; হে যিহোৱা, প্রতিদিনে মই তোমাৰ আগত প্ৰাৰ্থনা কৰিছোঁ; মই তোমালৈ মোৰ হাত মেলি ৰাখিছোঁ।
[10] মৃতজনৰ কাৰণে জানো তুমি আচৰিত কৰ্ম কৰা? মৃতজনে উঠি জানো তোমাৰ স্তুতি কৰিব? (চেলা)।
[11] মৈদামত জানো তোমাৰ গভীৰ প্রেমৰ বৰ্ণনা আৰু বিনাশৰ ঠাইত জানো তোমাৰ বিশ্বস্ততাৰ কথা প্ৰচাৰ কৰা হব?
[12] অন্ধকাৰ স্থানত জানো তোমাৰ আচৰিত কৰ্ম জনা যাব? যি দেশৰ লোকক তুমি পাহৰি যোৱা, সেই ঠাইত জানো তোমাৰ ধাৰ্মিকতাৰ কার্য জনা যাব?
[13] হে যিহোৱা, মই, মই হলে তোমাৰ ওচৰত কাকুতি কৰি কান্দিছোঁ, ৰাতিপুৱাতেই তোমাৰ আগত মোৰ প্ৰাৰ্থনা গৈ উপস্থিত হয়।
[14] হে যিহোৱা, কিয় তুমি মোক ত্যাগ কৰিছা? তোমাৰ মুখ মোৰ পৰা কিয় লুকুৱাই ৰাখিছা?
[15] মই ল’ৰা কালৰে পৰা দুখী আৰু মৃতপ্ৰায় হৈ আছোঁ; মই তোমাৰ ভয়ানক ক্রোধ ভোগ কৰি ব্যাকুল হৈছোঁ। মই হতাশ হৈ পৰিছো।
[16] তোমাৰ প্ৰচণ্ড ক্ৰোধ মোৰ ওপৰেদি বৈ গৈছে; তোমাৰ ক্রোধে মোক ধ্বংস কৰিছে।
[17] সেইবোৰে পানীৰ ঢল অহাৰ দৰে ওৰে দিনটো মোক আৱৰি ৰাখিছে; চৌদিশৰ পৰা মোক বেৰি ধৰি ৰাখিছে।
[18] মোৰ প্রিয়জন আৰু বন্ধুসকলক তুমি মোৰ পৰা দূৰ কৰিলা; এতিয়া অন্ধকাৰেই মোৰ সংগী।