Skip to content
Opens in a new window
Listen to this chapter • 6:25

[1] মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ; তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলোঁ?

[2] কিয়নো উৰ্দ্ধবাসী ঈশ্বৰে দিয়া ভাগ কি? আৰু ওপৰত থকা সৰ্ব্বশক্তিমান জনাৰ পৰা পোৱা অংশ কি?

[3] সেয়ে জানো অধৰ্মিবোৰৰ নিমিত্তে আপদ, আৰু কুকৰ্মীবোৰৰ নিমিত্তে দুৰ্গতি নহয়?

[4] তেন্তে তেওঁ মোৰ কোনো পথ নেদেখে নে? আৰু মোৰ আটাই খোজ তেওঁ গণনা নকৰে নে?

[5] মই যদি মিছাত চলিলোঁ, আৰু মোৰ ভৰি প্ৰবঞ্চনা পথলৈ লৰ ধৰিলে,

[6] (ঈশ্বৰে মোৰ সিদ্ধতা জানিবৰ নিমিত্তে, মোক ঠিক তৰ্জুত জোখক;)

[7] মই যদি অবাটে খোজ চলালোঁ, মোৰ মন যদি চকুৰ পাছে পাছে চলিল, আৰু মোৰ হাত দুখনত যদি কোনো দাগ লাগি আছে,

[8] তেন্তে মই সিচিলে অন্যে খাওক, এনে কি, মোৰ পথাৰত গজা শস্যবোৰো উঘলা হওক।

[9] মই যদি পৰৰ তিৰোতাত মোহ গলোঁ, আৰু চুবুৰীয়াৰ দুৱাৰৰ গুৰিত যদি মই লুকাই থাকিলোঁ,

[10] তেন্তে মোৰ তিৰোতাই অন্যৰ নিমিত্তে জাঁত ঘুৰাওক, আৰু অন্য লোকে তাইক ভোগ কৰক।

[11] কিয়নো সেয়ে গৰ্হিত কাৰ্য, আৰু বিচাৰকৰ্ত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ;

[12] কাৰণ সেয়ে বিনাশৰ গাতলৈকে দহি থকা অগ্নি; সেয়ে মোৰ সৰ্ব্বস্ব বিনষ্ট কৰিলেহেঁতেন।

[13] মোৰ বন্ধী কি বেটীয়ে মোৰ আগত অভিযোগ কৰিলত, মই যদি সিহঁতৰ বিচাৰলৈ হেয়জ্ঞান কৰিলোঁ,

[14] তেন্তে ঈশ্বৰ উঠিলে মই কি কৰিম? আৰু তেওঁ বুজ-বিচাৰ ললে, মই তেওঁক কি উত্তৰ দিম?

[15] মোক গৰ্ভত নিৰ্ম্মাণ কৰা জনাই জানো তাকো নিৰ্ম্মাণ কৰা নাই? আৰু এনে জনাই জানো আমাক গৰ্ভত গঠন কৰা নাই?

[16] মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰ কৰিবলৈ নিবাৰণ কৰিলোঁ, আৰু বিধৱাৰ চকু জলকা লগালোঁ,

[17] যদি বা মোৰ খোৱা মুঠি অকলেই খালো, আৰু পিতৃহীন ল’ৰাই তাৰ অলপো খাবলৈ নাপালে,

[18] (এনে নহয়, মোৰ ডেকা কালৰ পৰা এনেকুৱা লৰাই বাপেকৰ লগত থকাৰ দৰে মোৰ লগত ডাঙৰ-দীঘল হয়, আৰু মই মাতৃৰ গৰ্ভত থকাৰে পৰা বিধৱাৰ পথদৰ্শক;)

[19] যদি মই কোনোক বস্ত্ৰৰ অভাৱত মৰিব লগা দেখিলোঁ, বা দুখীয়াক গাত লবলৈ কাপোৰ নাইকিয়া দেখিলোঁ,

[20] তাৰ ককালে যদি মোক আশীৰ্ব্বাদ নকৰালে, আৰু মোৰ মেৰৰ নোমৰ পৰা সি ফল নাপালে,

[21] আৰু নগৰৰ দুৱাৰত মোৰ ফলিয়া মানুহ দেখি, যদি মই পিতৃহীনৰ অহিতে হাত ডাঙিলোঁ,

[22] তেন্তে মোৰ বাবিচনীৰ হাড়ৰ পৰা মোৰ কান্ধ খহি পৰক, আৰু মোৰ বাহু হাড়ডালৰ পৰা ভাগি পৰক।

[23] কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ, আৰু মই তেওঁৰ মহত্ত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলোঁ,

[24] মই যদি সুবৰ্ণক মোৰ বিশ্বাস-ভূমি কৰিলোঁ, আৰু “তুমি মোৰ আশ্ৰয়” এনে কথা যদি শুদ্ধ সোণক কলোঁ,

[25] মোৰ সম্পত্তি অধিক বুলি যদি আনন্দ কৰিলোঁ, আৰু নিজ হাতেৰে অনেক লাভ পাইছোঁ, বুলি যদি মই উল্লাস কৰিলোঁ,

[26] মই সুৰ্য্যক দীপ্তি দিয়া, বা চন্দ্ৰক উজ্জ্বলৰূপে আকাশত গমন কৰা দেখি,

[27] যদি মোৰ মন গুপুতে মোহ গল, আৰু সেই দুয়োৰো উদ্দেশ্যে মোৰ মুখে হাতত চুমা খালে,

[28] তেন্তে ইও, বিচাৰকত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ হলহেঁতেন; কিয়নো সেয়ে হোৱা হলে মই উৰ্দ্ধবাসী ঈশ্বৰৰ আগত অস্বীকাৰ কৰিলোহেঁতেন।

[29] মোক ঘিণাওঁতাৰ আপদত মই যদি আনন্দ কৰিলোঁ, আৰু সি দুৰ্দ্দশাত পৰা দেখি মই উল্লাস হলোঁ,

[30] (এনে নহয়, তাক মৰাবলৈ শাও দিয়াৰ দ্বাৰা মোৰ মুখকো পাপ কৰিবলৈ মই দিয়া নাই;)

[31] তেওঁ দিয়া মাংস খাই তৃপ্ত নোহোৱা কোন আছে? এই বুলি মোৰ তম্বুৰ মানুহবোৰে যদি কোৱা নাই,

[32] (বিদেশীয়ে বাটত ৰাতি কটোৱা নাই, কিন্তু মই পৰ্থিকৰ অৰ্থে দুৱাৰ মেলি থৈছিলোঁ,)

[33] মই অনেক লোক সমূহক ভয় কৰাৰ, আৰু প্ৰধান প্ৰধান বংশৰ ঘৃণা আশঙ্কা কৰাৰ কাৰণে মনে মনে থাকি দুৱাৰৰ বাহিৰলৈ নগৈ,

[34] নিজ হিয়াত মোৰ অধৰ্ম লুকুৱাই ৰাখি, যদি মই আদমৰ নিচিনাকৈ মোৰ অপৰাধ ঢাকি থলোঁ,-

[35] অস, মোৰ কথা শুনিবলৈ এজন থকা হলে কেনে ভাল আছিল! চোৱা, এইয়া মোৰ চহিৰ চিন, সৰ্ব্বশক্তিমান জনাই মোক উত্তৰ দিয়ক; অস, মোৰ প্ৰতিবাদীয়ে লিখা দোষৰ পত্ৰ মোৰ ইয়াত থকা হলে, কেনে ভাল আছিল!

[36] অৱশ্যে মই তাক মোৰ কান্ধত বলোহেঁতেন, আৰু ৰাজমুকুট বুলি মোৰ মূৰত পিন্ধিলোহেঁতেন,

[37] তেওঁৰ আগত মোৰ খোজৰ সংখ্যা দনালোহেঁতেন, আৰু ৰাজকোঁৱৰৰ দৰে তেওঁৰ ওচৰলৈ গলোহেঁতেন।

[38] মোৰ মাটিয়ে যদি মোৰ অহিতে চিঞঁৰ মাৰে, আৰু তাৰ আটাই সিৰলুবোতে যদি কান্দে,

[39] মই যদি ধন নিদিয়াকৈ সেই মাটিৰ ফল ভোগ কৰিলোঁ, বা তাৰ গৰাকীবিলাকৰ প্ৰাণ হানি কৰিলোঁ,

[40] তেন্তে মোৰ ঘেহুঁৰ সলনি কাঁইট, আৰু যৱৰ সলনি বন গজক। ইয়োবৰ বাক্য সমাপ্ত।

ইয়োব — Chapters