[1] চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে, আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ।
[2] তোমালোকে যি জানা, ময়ো তাক জানো; মই তোমালোকতকৈ নিকৃষ্ট নহওঁ।
[3] কিয়নো মই সৰ্ব্বশক্তিমান জনাকহে কথা কম, আৰু মই ঈশ্বৰৰ লগতহে বাদ-বিচাৰ কৰিব খুজিছোঁ।
[4] কিন্তু তোমালোক হলে মিছা কথা সাজোঁতা, আৰু তোমালোক সকলোৱেই অকামিলা বেজ।
[5] অস, তোমালোক একেবাৰে নিমাত হৈ থকা হ’লে, কেনে ভাল আছিল! সেয়ে তোমালোকৰ পক্ষে জ্ঞানৰ কাৰ্য বুলি গণিত হলহেঁতেন।
[6] এতিয়া মোৰ তিৰস্কাৰ শুনা, আৰু মোৰ মুখৰ অনুযোগ-বাক্যলৈ কাণ পাতা।
[7] তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা ক’বা নে? আৰু তেওঁৰ পক্ষ হৈ প্ৰবঞ্চনা-বাক্য বুলিবা নে?
[8] তোমালোকে তেওঁৰেই পক্ষপাত কৰিবা নে? তোমালোকে ঈশ্বৰৰেই পক্ষ হৈ প্ৰতিবাদ কৰিবা নে?
[9] তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মঙ্গল হ’ব নে? বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰিবা?
[10] তোমালোকে যদি গুপুতে পক্ষপাতিত্ব কৰা, তেন্তে তেওঁ অৱশ্যে তোমালোকক দণ্ড দিব।
[11] তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে? তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা?
[12] তোমালোকৰ সোঁৱৰণীয় বাক্য ভস্মস্বৰূপ দৃষ্টান্ত মাথোন, তোমালোকৰ প্রতিৰোধ ধুলিৰ গড়স্বৰূপ।
[13] তোমালোকে মনে মনে থাকা, মোকেই কথা ক’বলৈ এৰি দিয়া; মোলৈ যি ঘটে, ঘটক।
[14] মই কিয় মোৰ মাংস দাঁতত লৈ থাকিম? মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম।
[15] চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম; তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।
[16] এয়ে মোৰ মুক্তিৰ কাৰণ হ’ব, মই এজন অধাৰ্মিক লোকৰ দৰে তেওঁৰ আগত থিয় হ’ব নোৱাৰিম।
[17] মনোযোগ কৰি মোৰ কথা শুনা; মোৰ বাক্য তোমালোকৰ কাণত সোমাওক।
[18] চোৱা, মোৰ গোচৰ মই ঠিকঠাক কৰি থৈছোঁ; মই যে নিৰ্দ্দোষী হওঁ, তাক মই জানো।
[19] মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে? যদি আছে, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম।
[20] হে ঈশ্বৰ, তুমি কেৱল দুটা কাৰ্য মোলৈ কৰিবা; তাতে মই তোমাৰ সম্মুখৰ পৰা নিজকে নুলুকুৱাম।
[21] মোৰ ওপৰৰ পৰা তোমাৰ অত্যাচাৰী হাত আঁতৰাই নিবা, আৰু তোমাৰ ভয়ানকতাৰে মোক ভয় নুখুৱাবা।
[22] তেতিয়া তুমি মোক মাতিবা, মই উত্তৰ দিম, বা মই কম, তুমি উত্তৰ দিবা।
[23] মোৰ অপৰাধ আৰু পাপ কিমান? মোৰ অধৰ্ম আৰু পাপ মোক জনোৱা।
[24] কিয় তোমাৰ মুখ মোৰ পৰা লুকুৱাইছা, আৰু মোক তোমাৰ শত্ৰু যেন জ্ঞান কৰিছা?
[25] উৰুৱাই নিয়া পাতক তুমি জানো তাড়ণা কৰিবা? আৰু শুকান ঘুলাক জানো খেদি যাবা?
[26] কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা, আৰু মোক যৌবন-কালৰ অপৰাধৰ উত্তৰাধিকৰী কৰিছা।
[27] তুমি মোৰ ভৰি কুন্দত বান্ধি ৰাখিছা, মোৰ সকলো পথৰ চিন ৰাখিছা, আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা,
[28] সেয়ে মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা, আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ হলোঁ।