[1] তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ।
[2] তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে; তেওঁ ছাঁৰ দৰে অলপ সময়ৰ বাবে থাকে আৰু নাইকিয়া হয়, স্থিৰ হৈ নাথাকে;
[3] এনে লোকলৈ তুমি চকু মেলি চাইছা? আৰু মোক তোমাৰ লগত বিচাৰস্থানলৈ লৈ গৈছা?
[4] অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে? কোনেও নোৱাৰে।
[5] তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হ’ল, তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা, আৰু তেওঁ পাৰ হ’ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা;
[6] ভাড়াতীয়লোকৰ দৰে তেওঁ নিজৰ দিন পূৰ্ণ নকৰালৈকে, তেওঁ জিৰণী পাবলৈ তুমি তেওঁৰ পৰা চকু আঁতৰাই নিয়া।
[7] কিয়নো গছৰ আশা আছে, তাক কাটিলেও সি আকৌ পোখা মেলে, আৰু তাৰ কোমল গজালিৰ অভাৱ নহয়।
[8] যদি মাটিত তাৰ শিপা বুঢ়া হয়, আৰু ভুমিত তাৰ মূঢ়াতো মৰে,
[9] তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায়, আৰু নতুনকৈ ৰোৱা গছপুলিৰ দৰে ডাল-পাত মেলে।
[10] কিন্তু মানুহ মৰে আৰু ক্ষয় পায়; মনুষ্যই প্ৰাণত্যাগ কৰিলে, পুনৰ ক’ত থাকিব?
[11] যেনেকৈ জলাহৰ পানী ঢুকাই যায়, আৰু নৈৰ পানী শুকাই সম্পূৰ্ণৰূপে নাইকিয়া হয়,
[12] তেনেকৈ মানুহ মৰিলে পুনৰ নুঠে, আকাশ-মণ্ডল লুপ্ত নহয়মানে তেওঁলোকে সাৰ নাপায়, আৰু তেওঁলোকক নিদ্ৰাৰ পৰা জগোৱা নহয়।
[13] অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হ’লে, তোমাৰ ক্ৰোধ মাৰ নাযোৱালৈকে মোক গুপ্তকৈ ৰখা হলে, তুমি মোৰ কাৰণে এটা সময় নিৰূপণ কৰি, মোক সোঁৱৰণ কৰা হ’লে, কেনে ভাল আছিল!
[14] যদি কোনো মানুহ মৰে, তেনেহলে তেওঁ কি পুনৰায় জীব নে? যদি জীয়ে, তেনেহলে মোৰ মুক্তিৰ দিন নহালৈকে, মই মোৰ ক্লান্তিৰ সময়খিনি বাট চায় থাকিম।
[15] তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম; তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্মলৈ হাবিয়াহ কৰিবা।
[16] কিন্তু এতিয়া তুমি মোৰ ভৰিৰ খোজকো হিচাব কৰিছা; তুমি মোৰ পাপলৈ জানো চকু দি থকা নাই?
[17] মোৰ অধৰ্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে, আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা।
[18] কিন্তু পৰ্ব্বতো পৰি যায় আৰু নাইকিয়া হয়; আনকি বৃহৎ শিলকো নিজ ঠাইৰ পৰা আতৰোৱা হয়।
[19] পানীয়ে শিলবোৰকো ক্ষয় নিয়ায়, তাৰ ধল উঠি আহি পৃথিবীৰ মাটি খহাই লৈ যায়; সেইদৰে তুমি মানুহৰ আশাকো ভাঙি দিয়া।
[20] তুমি তেওঁক একেবাৰে মৰমান্তিক আঘাত কৰাত, তেওঁ লোকান্তৰলৈ যায়। তুমি তেওঁৰ মুখ বিকৃত কৰি তেওঁক পঠাই দিয়া।
[21] তেওঁৰ পুতেকবোৰ মৰ্য্যদাৱন্ত হলেও, তেওঁ সেই বিষয়ে নাজানে; আনকি সিহঁতৰ অৱস্থা হীন হলেও, তেওঁ তাৰ বিষয়ে গম নাপায়।
[22] কিন্তু তেওঁৰ নিজ শৰীৰে বেদনা পায়, আৰু তেওঁৰ অন্তৰত থকা হৃদয়ে শোক কৰে।”