[1] তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,
[2] মই এইৰূপ অনেক কথা শুনিলো; তোমালোক সকলোৱেই দুখদায়ক শান্ত্বনাকাৰী।
[3] বায়ুতুল্য কথাৰ জানো কেতিয়াবা শেষ হয়? বা উত্তৰ দিবলৈ তোমাক জানো উদগাইছে?
[4] ময়ো তোমালোকৰ দৰে উত্তৰ দিব পাৰোঁ; মোৰ প্ৰাণৰ সলনি যদি তোমালোকৰ প্ৰাণ হলেহেঁতেন, তেনেহলে মইও তোমালোকৰ অহিতে কথা সাজিব পাৰিলোহেঁতেন, আৰু তোমালোকক বিদ্রূপ কৰি মূৰ জোকাৰিব পাৰিলোহেঁতেন।
[5] অস্ মই মুখেৰেহে তোমালোকক সবল কৰিলোহেঁতেন, আৰু মোৰ ওঠৰ শান্ত্বনাত তোমালোকৰ দুখৰ উপশমহে হলহেঁতেন।
[6] মই কথা কলেও মোৰ ক্লেশৰ উপশম নহয়, আৰু নিমাতে থাকিলে কি মোৰ দুখ গুচিব?
[7] কিন্তু তেওঁ এতিয়া মোক ক্লান্ত কৰিলে; তুমি মোৰ গোটেই পৰিয়াল উচ্ছন্ন কৰিলা।
[8] তুমি মোৰ শৰীৰ শীৰ্ণ কৰিলা, সেয়ে মোৰ বিৰুদ্ধে সাক্ষী হৈছে; মোৰ শৰীৰৰ দীনতাই মোৰ বিৰুদ্ধে উঠিছে, আৰু এয়ে মোৰ অহিতে উঠি মোৰ সাক্ষাতে প্ৰমাণ দিছে।
[9] তেওঁ ক্ৰোধত মোক বিদাৰিলে, আৰু তাড়নাও কৰিলে; তেওঁ মোলৈ দাঁত কৰচিলে; মোক চকুৰপানীয়ে পৃথক কৰে, মোৰ শত্রুৱে মোলৈ দৃঢ়ভাবে চাই থাকে;
[10] লোকে মোৰ বিৰুদ্ধে মুখ মেলে; সিহঁতে ধিক্কাৰ দি মোৰ গালত চৰ মাৰে; সিহঁতে মোৰ অহিতে গোট খায়।
[11] ঈশ্বৰে মোক অধৰ্মিৰ হাতত সমৰ্পণ কৰিলে, আৰু দুষ্টবোৰৰ হাতত পেলাই দিলে।
[12] মই শান্তিৰে আছিলোঁ আৰু তেওঁ মোক ভাঙি পৃথক কৰিলে, এনে কি, মোৰ ডিঙিত ধৰি মোক থেকেচিলে; আৰু মোক নিজৰ কাঁড় মৰাৰ নিচান পাতিলে।
[13] তেওঁৰ ধনুৰ্দ্ধৰবোৰে মোক আগুৰি ধৰে; ঈশ্বৰে মোৰ বৃক্ক বিদাৰিলে আৰু মোক অতিৰিক্ত নকৰিলে, তেওঁ মোৰ পিত্ত মাটিত ঢালি দিলে।
[14] তেওঁ মোৰ প্ৰাচীৰৰ যোগেদি বাৰে বাৰে ভাঙে; তেওঁ বীৰৰ নিচিনাকৈ মোৰ বিৰুদ্ধে লৰি আহে।
[15] মই ছালৰ ওপৰত চট কাপোৰ সিয়াই ললোঁ, আৰু ধুলিৰে মোৰ শিং লেটিপেটি কৰিলোঁ।
[16] যদিও মোৰ হাতত অত্যাচাৰ নাই, আৰু মোৰ প্ৰাৰ্থনাও পবিত্ৰ,
[17] তথাপি কান্দোতে কান্দোতে মোৰ মুখ বিকৃত হ’ল, আৰু মৃত্যুচ্ছায়া মোৰ চকুৰ পিৰঠিৰ ওপৰত আছে।
[18] হে পৃথিৱী, তুমি মোৰ তেজ নাঢাকিবা, আৰু মোৰ কাতৰোক্তিয়ে জিৰাবলৈ ঠাই নাপাওক।
[19] চোৱা, এতিয়াও মোৰ সাক্ষী স্বৰ্গত আছে, আৰু মোৰ পক্ষে প্ৰমাণ দিওঁতা জনা উচ্চস্থানত আছে।
[20] মোৰ চকুৱে যেতিয়া ঈশ্বৰৰ কাৰণে অশ্রু বিসৰ্জন কৰে, তেতিয়া মোৰ বন্ধুবোৰেই মোক নিন্দা কৰে;
[21] যেনেদৰে এজন মানুহে নিজ চুবুৰীয়াৰ সৈতে কৰে, তেনেদৰে মই কওঁ সাক্ষ্যৰ বাবে এই মানুহে ঈশ্বৰৰ সৈতে তৰ্ক কৰে!
[22] কিয়নো মাত্র কেইবছৰৰ ভিতৰতে মই সেই ঠাইলৈ যাম, যি ঠাইৰ পৰা মই পুনৰ উভতি আহিব নোৱাৰিম।