Skip to content
Opens in a new window
Listen to this chapter • 3:10

[1] তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে,

[2] তোমালোকেনো কিমান কাল কথা বিচাৰি থাকিবা? তোমালোকে বুজি চাব লাগে; তাৰ পাছত আমি কথা ক’ব পাৰোঁ।

[3] আমি নো কেলেই পশুতুল্য গণিত হৈছোঁ? আৰু তোমালোকৰ দৃ্ষ্টিত আমি নো কেলেই অশুচি হৈছোঁ?

[4] ক্ৰোধত নিজকে বিদৰোৱা যি তুমি, তোমাৰ নিমিত্তে জানো পৃথিৱী ত্যাগ কৰা হ’ব, বা তোমাৰ নিমিত্তে বৃহৎ শিলক নিজ ঠাইৰ পৰা আঁতৰোৱা যাব?

[5] নিশ্চয় দুষ্টৰ দীপ্তি নুমাই যাব, আৰু তাৰ অগ্নিশিখাই পোহৰ নিদিব।

[6] তাৰ তম্বুত পোহৰেই আন্ধাৰ হ’ব, আৰু তাৰ ওপৰত ওলোমাই থোৱা চাকি নুমাই যাব।

[7] তাৰ খোজৰ শক্তি কম হৈ যাব, আৰু সি নিজৰ পৰামৰ্শতে নিজে পৰিব।

[8] কিয়নো নিজৰ ভৰিয়েই তাক জালৰ মাজত পেলাই দিয়ে, আৰু সি পাশৰ ওপৰেদি ফুৰে।

[9] কুন্দাই তাৰ ভৰিৰ গোৰোহাত ধৰিব, আৰু সি ফান্দত ধৰা পৰিব।

[10] তাৰ নিমিত্তে মাটিত খোৰোচা লুকুৱাই পতা আছে, আৰু তাৰ নিমিত্তে বাটত ফাচ পতা আছে।

[11] কেইওফালৰ পৰা নানা ত্ৰাসে তাক ভয় লগাব, আৰু খোজে খোজে তাক খেদি যাব।

[12] ভোকত তাৰ বল কমি যাব, আৰু বিপদে তাৰ পতনলৈ বাট চাই থাকিব।

[13] মৃত্যুৰ জেষ্ঠ পুত্ৰই তাৰ সৰ্ব্বাঙ্গ গ্ৰাস কৰিব, আৰু তাৰ শৰীৰৰ অঙ্গ-প্ৰতঙ্গবোৰ খাই পেলাব,

[14] যি তম্বুতেই সি আশ্ৰয় লব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হ’ব; ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হ’ব।

[15] তাৰ অসম্পৰ্কীয়বোৰে তাৰ তম্বুত বাস কৰিব; তাৰ বসতিৰ ঠাইত গন্ধক সিঁচা হ’ব।

[16] তলত তাৰ শিপাবোৰ শুকাব, আৰু ওপৰত তাৰ ডাল কটা যাব।

[17] পৃথিবীৰ পৰা তাৰ সোঁৱৰণ লুপ্ত হ’ব, আৰু গাৱেঁ-ভূঁয়ে কোনেও তাৰ নাম নলব।

[18] তাক পোহৰৰ পৰা আন্ধাৰলৈ দূৰ কৰি দিয়া হ’ব, আৰু সংসাৰৰ পৰা খেদাই দিয়া যাব।

[19] স্বজাতীয়বোৰৰ মাজত তাৰ পো নাতি নাথাকিব, তাৰ বসতিৰ কোনো ঠাইত কোনো অৱশিষ্ট নাথাকিব।

[20] তাৰ দুৰ্দ্দিন দেখি পশ্চিমত থকা লোক সকলে বিস্ময় মানিব, আৰু পূবত থকাবোৰে চিঞৰি উঠিব।

[21] নিশ্চয়ে অধৰ্মিৰ বাসস্থান এনেকুৱা হ’ব, আৰু ঈশ্বৰক নজনা লোকৰ ঠাই এনেকুৱা।”

ইয়োব — Chapters