[1] তেতিয়া ইয়োবে পুনৰ উত্তৰ কৰি ক’লে,
[2] তোমালোকে নো কিমান কাললৈ মোৰ মনত ক্লেশ দিবা, আৰু বাক্যেৰে মোক গুড়ি কৰিবা?
[3] তোমালোকে এই দহবাৰ মোক অপমান কৰিলা; তোমালোকে যে মোলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰিছা, ইয়াতে তোমালোকে লাজ নোপোৱা।
[4] বাস্তৱিকতে মই যদি ভূল কৰিলোঁ, তেন্তে মোৰ সেই ভূল মোৰ লগতে আছে।
[5] যদি বাস্তৱিকতে তোমালোকে মোৰ ওপৰত গৰ্ব্ব কৰা, আৰু মোৰ বিৰুদ্ধে মোৰ অপমানৰ প্ৰমাণ কৰা,
[6] তেন্তে তোমালোকে জানিবা যে, ঈশ্বৰেহে মোৰ অন্যায় কৰিছে, আৰু তেওঁ নিজৰ জালেৰেই মোক মেৰাই ধৰিছে।
[7] চোৱা, মই অন্যায়ৰ কাৰণে চিঞৰোঁ, কিন্তু কোনেও নুশুনে; মই উপকাৰ পাবলৈ কাতৰোক্তি কৰোঁ, কিন্তু সোধ বিচাৰ নাই।
[8] মই পাৰ হ’ব নোৱাৰাকৈ তেওঁ মোৰ বাটত জেওৰা দিছে, আৰু মোৰ পথ আন্ধাৰ কৰিছে।
[9] তেওঁ মোৰ গৌৰৱস্বৰূপ বস্ত্ৰ সোলোকাই দিলে, আৰু মোৰ মুৰৰ কিৰীটি দূৰ কৰিলে।
[10] তেওঁ মোক চাৰিওফালে ভাঙি-ছিঙি পেলোৱাত, মই বিনষ্ট হ’লো; তেওঁ মোৰ আশাকো গছৰ দৰে উঘালি পেলালে,
[11] তেওঁ মোৰ বিৰুদ্ধে নিজ ক্ৰোধ জ্বলালে; আৰু তেওঁ মোক তেওঁৰ শত্রুবোৰৰ মাজৰ এজন বুলি জ্ঞান কৰিছে।
[12] তেওঁৰ সৈন্যবোৰে একেলগে আহি মোৰ বিৰুদ্ধে গড় বান্ধিছে, আৰু মোৰ তম্বুৰ চাৰিওফালে ছাউনি পাতিছে।
[13] তেওঁ মোৰ ভাই-ককাইবোৰক মোৰ পৰা দূৰ কৰিলে, আৰু মোৰ চিনাকি লোক সকল মোলৈ একেবাৰে অচিনাকি হ’ল।
[14] মোৰ জ্ঞাতি-কুটুম্ববোৰ আঁতৰ হৈছে, আৰু মোৰ প্ৰণয়ৰ বন্ধুবোৰে মোক পাহৰিলে।
[15] মোৰ ঘৰৰ বন্দী আৰু মোৰ বেটীবোৰেও, মোক অচিনাকি যেন জ্ঞান কৰে; মই সিহঁতৰ দৃষ্টিত বিদেশী হৈছোঁ।
[16] মোৰ বন্দীক মই মাতিলে, সি উত্তৰ নিদিয়ে; মই নিজ মুখেৰে তাৰ আগত বিনয় কৰিব লগীয়া হৈছোঁ।
[17] মোৰ তিৰোতাৰ আগত মোৰ নিশ্বাস, আৰু মোৰ সহোদৰৰ আগত মোৰ গাৰ গোন্ধ ঘিণলগীয়া হৈছে।
[18] শিশুবোৰেও মোক তুচ্ছ জ্ঞান কৰে; মই উঠিব খুজিলে, সিহঁতে মোৰ অহিতে কথা কয়।
[19] মোৰ বিশ্বাসী বন্ধুবোৰে মোক ঘিণ কৰে, মোৰ প্ৰিয় পাত্ৰসকল মোৰ পৰা বিমুখ হ’ল।
[20] মই হাড়ে-ছালে লাগিলোঁ; মই কেৱল দাঁতৰ ছালখিনিৰে সৈতে সাৰিলোঁ।
[21] হে মোৰ বন্ধু সকল, তোমালোকেই মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো ঈশ্বৰৰ হাতে মোক স্পৰ্শ কৰিলে।
[22] ঈশ্বৰৰ নিচিনাকৈ তোমালোকেও মোক কিয় তাড়না কৰিছা? আৰু মোৰ মঙহত তোমালোকৰ কিয় হেপাহ পলোৱা নাই?
[23] অস্ মোৰ কথাবোৰ লিখা হোৱা হ’লে, অস্, সেইবোৰ পুথিত লিখি থোৱা হ’লে,
[24] অস্, সেইবোৰ লোহাৰ কলম আৰু সীহৰ সৈতে সেইবোৰ চিৰকালৰ বাবে শিলত লিখা!
[25] কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে, শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব।
[26] আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত, মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম।
[27] মই নিজেই তেওঁক দেখা পাম, আনৰ চকুৱে নহয়, মোৰ নিজৰ চকুৱেই তেওঁক দেখিব। হাবিয়াহ কৰোঁতে কৰোঁতে মোৰ অন্তৰত হৃদয় ক্ষীণ হৈ গৈছে।
[28] যদি তুমি কোৱা, ‘আমি তাক কেনেকৈ তাড়না কৰিম কিয়নো মূল বিষয় তাৰ ওচৰত পোৱা যায়,’
[29] তেনেহলে তোমালোকে তৰোৱাললৈ ভয় কৰা; কিয়নো ক্রোধে তৰোৱালৰ দণ্ড আনে, গতিকে তোমালোকে জানিব লাগে যে, ন্যায় বিচাৰ এটা আছে।”