[1] হে মোৰ পুত্র, মোৰ প্রজ্ঞালৈ মনোযোগ দিয়া; সাৱধানতাৰে মোৰ তাৎপর্যপূৰ্ণ কথা শুনা।
[2] সেয়ে তুমি সুবিবেচনা শিকিব পাৰিবা; আৰু তোমাৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব পাৰিব।
[3] কিয়নো ব্যভিচাৰিণীৰ ওঁঠৰ পৰা টোপে টোপে মৌ বৰষে, আৰু তেওঁৰ মুখৰ কথা তেলতকৈয়ো মসৃণ।
[4] কিন্তু শেষত তেওঁ চোকা তৰোৱালে কটাৰ দৰে কাটে। তিতা উদ্ভিদৰ দৰে হয়,
[5] তেওঁৰ ভৰি মৃত্যুলৈ নামি যায়, তেওঁ খোজ দিয়া সকলো পথ চিয়োললৈ যায়।
[6] তেওঁ জীৱন পথত কোনো চিন্তা নকৰে; তেওঁৰ খোজ আচৰ্যজনক, তেওঁ ক’লৈ গৈ আছে তেওঁ নাজানে।
[7] আৰু এতিয়া, হে মোৰ পুত্রসকল, মোৰ কথা শুনা, মোৰ মুখৰ বাক্য শুনাৰ পৰা বিমুখ নহবা।
[8] তেওঁৰ পৰা তোমাৰ পথ দূৰত ৰাখা; তেওঁৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ নাযাবা।
[9] নহ’লে তোমাৰ সন্মান অন্যলোকক এৰি দিব লাগিব, আৰু তোমাৰ জীৱনৰ বছৰবোৰ নিৰ্দয় ব্যক্তিক দিব লাগিব।
[10] তোমাৰ সম্পত্তি অচিনাকী লোকে ভোগ কৰিব; আৰু তোমাৰ পৰিশ্ৰমৰ ফল অচিনাকী লোকৰ ঘৰলৈ যাব।
[11] আৰু তোমাৰ জীৱনৰ শেষত তুমি আৰ্তনাদ কৰিবা; তোমাৰ যেতিয়া শৰীৰ আৰু মাংস ক্ষয় হ’ব,
[12] তুমি ক’বা, “মই কেনেকৈ শাসন প্রণালীক ঘিণ কৰিছিলোঁ। আৰু মোৰ অন্তৰে অনুযোগ হেয়জ্ঞান কৰিলে।
[13] মই মোৰ শিক্ষকসকলক মানিচলা নাছিলো, বা মোক দিয়া উপদেশ নুশুনিলোঁ।
[14] সমাজ আৰু সমবেত লোকসকলৰ মাজত মই প্ৰায় সম্পূৰ্ণ ধ্বংস হলোঁ।
[15] তুমি তোমাৰ নিজৰ পুখুৰীৰ পানী খোৱা, আৰু তোমাৰ নিজৰ নাদৰ পৰা ওলাই থকা পানী পান কৰা।
[16] তোমাৰ ভুমুকবোৰ চাৰিওফালে প্লাৱিত হ’ব লাগে নে? আৰু তোমাৰ জুৰিৰ পানী জনসাধৰণৰ মাজলৈ বৈ যাব লাগে নে?
[17] সেইবোৰ কেৱল তোমাৰ নিজৰ বাবেই হওক, আৰু তোমাৰ সৈতে থকা অচিনাকী লোকৰ বাবে নহওক।
[18] তোমাৰ ভুমুক আশীৰ্ব্বাদযুক্ত হওক; তুমি তোমাৰ যৌৱন কালৰ ভাৰ্যাত আনন্দ কৰা।
[19] কাৰণ তেওঁ মৰমীয়াল হৰিণী আৰু লাবন্যময়ী মৃগ, তেওঁৰ স্তনৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা, আৰু তেওঁৰ প্ৰেমতেই সদায় মত্ত থাকা।
[20] কিয়নো হে মোৰ পুত্র, তুমি ব্যভিচাৰিণীত কিয় মত্ত হবা? আৰু তুমি অচিনাকী মহিলাৰ বুকু কিয় সাৱটি ধৰিবা?
[21] কিয়নো মানুহে কৰা সকলো কাম যিহোৱাই চাই, আৰু তেওঁ তাৰ সকলো পথ পৰ্যবেক্ষণ কৰে।
[22] এজন দুষ্ট লোক নিজৰ অপৰাধতে ধৰা পৰে; তেওঁক নিজৰ পাপৰূপ জৰীয়ে বান্ধি ৰাখে।
[23] নিয়মানুবৰ্ত্তিতাৰ অভাৱত তেওঁৰ মৃত্যু হয়; তেওঁৰ অজ্ঞানতাৰ কাৰণে তেওঁ বিপথে যায়।