[1] নিজৰ সিদ্ধতাত চলা দৰিদ্ৰ লোক, কোনো এজন কথাত বিপথগামী আৰু অজ্ঞানী লোকতকৈ ভাল।
[2] জ্ঞানৰ অবিহনে অভিপ্রায় থকা ভাল নহয়; আৰু যি জনে বেগেৰে যায়, তেওঁ পথ হেৰুৱাই।
[3] মানুহৰ অজ্ঞানতাই তেওঁৰ জীৱন ধ্বংস কৰে; আৰু তেওঁৰ হৃদয় যিহোৱাৰ বিৰুদ্ধে ক্রোধাম্বিত হয়।
[4] ধন-সম্পত্তিয়ে অনেক বন্ধু একত্রিত কৰে; কিন্তু দৰিদ্ৰ লোক নিজৰ বন্ধুসকলৰ পৰা বিছিন্ন হয়।
[5] মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; আৰু যি জনে মিছা কথা কয় তেৱোঁ অব্যাহতি নাপায়।
[6] অনেক লোকে অনুগ্ৰহ পাবলৈ দয়ালু লোকৰ আগত নিবেদন কৰে, আৰু যি জনে উপহাৰ দিয়ে, তেওঁৰ সকলো বন্ধু হয়।
[7] যদি দৰিদ্ৰ লোকৰ ভায়েক সকলে তেওঁক ঘিণ কৰে; তেনেহলে তাতকৈ কিমান অধিক পৰিমাণে তেওঁৰ বন্ধুসকল তেওঁৰ পৰা আঁতৰি যাব! তেওঁ তেওঁলোকক আহ্বান কৰে, কিন্তু তেওঁলোক আতৰি যায়।
[8] যিজনে জ্ঞান লাভ কৰে, তেওঁ নিজৰ প্ৰাণক প্ৰেম কৰে, যিজনে বিবেচনা শক্তি ৰাখে, তেওঁ যি ভাল তাক বিচাৰি পায়।
[9] মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; কিন্তু মিছা কথা কোৱা জন বিনষ্ট হ’ব।
[10] অজ্ঞানী লোকে বিলাসীতা জীৱন যাপন কৰা অনুপযুক্ত; তেনেহলে ৰাজকুমাৰৰ ওপৰত দাসে শাসন কৰা তাতকৈ কিমান অধিক পৰিমাণে অনুপযুক্ত!
[11] মানুহৰ বিবেচনাই তেওঁক ক্ৰোধত ধীৰ কৰে, আৰু অপৰাধ অৱমাননা কৰা তেওঁৰ গৌৰৱ।
[12] ৰজাৰ ক্ৰোধ ডেকা সিংহৰ গৰ্জ্জনৰ দৰে; কিন্তু তেওঁৰ অনুগ্ৰহ ঘাঁহৰ ওপৰত পৰা নিয়ৰৰ দৰে।
[13] মূৰ্খ পুত্ৰই পিতৃলৈ ধ্বংস আনে, আৰু কন্দল কৰা মহিলা টোপ-টোপকৈ পৰি থকা পানীৰ দৰে।
[14] ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ; কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়।
[15] এলাহে মানুহক দুৰ্ঘোৰ নিদ্রাত পেলায়, কিন্তু যিজনে কাম কৰিবলৈ ইচ্ছা নকৰে, তেওঁ ভোকত থাকিব।
[16] যি জনে আজ্ঞা পালন কৰে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যি জনে নিজৰ পথৰ বিষয়ে চিন্তা নকৰে, তেওঁৰ মৃত্যু হ’ব।
[17] যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।
[18] আশা থাকোতে নিজৰ সন্তানক নিয়মানুবৰ্তিতা শিকোৱা; আৰু সন্তানক মাৰি পেলোৱাৰ কথা হৃদয়ত নাভাবিবা।
[19] অতি ক্ৰোধী মানুহে দণ্ড পোৱা উচিত; যদি তুমি তেওঁক মুক্ত কৰা, তেনেহলে তুমি দ্বিতীয় বাৰৰ বাবেও কৰিব লাগিব।
[20] তুমি জীৱনৰ শেষ বয়সত জ্ঞানী হ’বলৈ পৰামৰ্শ শুনা, আৰু নিৰ্দেশ গ্ৰহণ কৰা।
[21] মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে; কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।
[22] আনুগত্য মানুহৰ ইচ্ছাৰে হয়, আৰু মিছলীয়াতকৈ দৰিদ্ৰ লোক ভাল।
[23] যিহোৱাক তেওঁৰ পাবলগীয়া সন্মান দিয়া, আৰু সেয়ে তোমাৰ জীৱনদায়ক হ’ব, আৰু যি জনৰ সেয়া আছে, তেওঁ তৃপ্ত হৈ থাকিব; আৰু তেওঁ অনিষ্টৰ দ্বাৰাই পীড়িত নহ’ব।
[24] এলেহুৱাই পাত্ৰৰ আহাৰত হাত সুমুৱাই, এনেকি পুনৰায় মুখলৈ ঘূৰাই নিব নোৱাৰিব।
[25] নিন্দকক প্ৰহাৰ কৰা, তাতে অশিক্ষিত দূৰদর্শী হ’ব; আৰু সুবিবেচকক অনুযোগ কৰা, তাতে তেওঁ জ্ঞান লাভ কৰিব।
[26] যি পুত্ৰই পিতৃক লুট কৰে, আৰু মাতৃক খেদি দিয়ে, তেওঁ এনে পুত্র যি জনে লাজ আৰু অপমান আনে।
[27] হে মোৰ পুত্র, যদি তুমি উপদেশ শুনিবলৈ এৰি দিয়া, তুমি জ্ঞানৰ বাক্যৰ পৰা ভ্রান্ত হবা।
[28] দুৰ্নীতিগ্রস্ত সাক্ষীয়ে ন্যায় বিচাৰৰ নিন্দা কৰে, আৰু দুষ্টসকলৰ মুখে অপৰাধ গ্ৰাস কৰে।
[29] নিন্দকসকলৰ বাবে দণ্ড যুগুত আছে, আৰু অজ্ঞানী সকলৰ পিঠিৰ বাবে সাঁচ বহা কোব যুগুত আছে।