Skip to content
Opens in a new window
Listen to this chapter • 5:02

[1] যেতিয়া তুমি কোনো শাসনকৰ্ত্তাৰ সৈতে ভোজনত বহা, তেতিয়া তোমাৰ সন্মুখত কোন আছে সাৱধানে লক্ষ্য কৰিবা।

[2] কাৰণ তুমি যদি অধিক আহাৰ খাবলৈ ভাল পোৱা, তেনেহ’লে নিজৰ ডিঙিত নিজে ছুৰী দিবা।

[3] তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা, কিয়নো সেয়ে প্ৰবঞ্চক আহাৰ।

[4] ধনী হ’বলৈ অধিক কষ্ট নকৰিবা, কেতিয়া বন্ধ কৰিব লাগে সেই কথা জানিবলৈ যথেষ্ট জ্ঞানী হোৱা।

[5] যেতিয়া তোমাৰ দৃষ্টি ধনত পৰে, সেয়ে গুচি যায়, আৰু হঠাতে ডেউকা লগাই, আৰু ঈগলৰ দৰে আকাশলৈ উৰি যায়।

[6] তোমাৰ আহাৰলৈ কোনো লোকে বহু সময় চাই থাকিলে, পাপী মানুহৰ আহাৰ ভোজন নকৰিবা, আৰু তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা;

[7] কাৰণ তেওঁ এনে এজন মানুহ যি তোমাৰ আহাৰৰ হিচাপ লয়। তেওঁ তোমাক কয়, “ভোজন-পান কৰা!” কিন্তু তেওঁৰ হৃদয় তোমাৰ সৈতে নাথাকে।

[8] তুমি যি অলপ খাইছা, সেয়াও বমি কৰিবা, আৰু তোমাৰ অভিনন্দন বৃথা হ’ব।

[9] অজ্ঞানী লোকে শুনি থকাকৈ কথা নকবা; কিয়নো তেওঁ তোমাৰ প্রজ্ঞাৰ কথা তুচ্ছ কৰিব।

[10] পুৰণি সীমাৰ দেৱাল আতৰাই নিদিবা, বা অনাথ সকলৰ পথাৰৰ সীমালঙ্ঘন নকৰিবা;

[11] কিয়নো তেওঁলোকৰ মুক্তিকৰ্ত্তা বলৱান; আৰু তেওঁ তোমাৰ বিৰুদ্ধে তেওঁলোকৰ হৈ প্ৰতিবাদ কৰিব।

[12] তোমাৰ হৃদয়ে অনুশাসনলৈ মনোযোগ দিয়ক, আৰু জ্ঞানৰ কথালৈ তোমাৰ কাণ পাতা।

[13] সন্তানক শাস্তি দিবলৈ ত্রুটি নকৰিবা; কিয়নো তুমি তাক চেকনীৰে কোবালে সি নমৰিব।

[14] তুমি যদি তাক চেকনীৰে কোবোৱা, তেনেহ’লে তুমি তাৰ আত্মা চিয়োলৰ পৰা ৰক্ষা কৰিবা।

[15] হে মোৰ পুত্র, যদি তোমাৰ হৃদয় জ্ঞানী হয়, তেনেহ’লে মোৰ হৃদয়ো আনন্দিত হ’ব;

[16] যেতিয়া তোমাৰ ওঁঠে যথাৰ্থ কথা কয়, তেতিয়া মোৰ অন্তঃকৰণ উল্লাসিত হয়।

[17] তোমাৰ হৃদয়ে পাপীক ঈৰ্ষা নকৰক; কিন্তু তুমি ওৰে দিনটো যিহোৱাৰ ভয়ত থাকা;

[18] অৱশ্যে ইয়াত তোমাৰ ভবিষ্যত জড়িত হৈ আছে, আৰু তোমাৰ আশা খণ্ডন কৰা নহব।

[19] হে মোৰ পুত্র, শুনা আৰু জ্ঞানী হোৱা, আৰু তোমাৰ হৃদয় সৰল পথত চলোৱা।

[20] সুৰা প্রিয় লোকৰ সৈতে সহযোগী নহ’বা, বা অধিক মাংস ভোজন কৰা সকলৰ সঙ্গী নহবা।

[21] কাৰণ মতলীয়া আৰু খকুৱা লোক দৰিদ্ৰ হয়, আৰু মানুহৰ টোপনিয়ে তেওঁলোকক ফটা বস্ত্র পিন্ধায়।

[22] তোমাক জন্ম দিয়া পিতৃৰ কথা শুনা, আৰু তোমাৰ মাতৃৰ বৃদ্ধা অৱস্থাত তেওঁক হেয়জ্ঞান নকৰিবা।

[23] সত্যক কিনা, কিন্তু ইয়াক বিক্রী নকৰিবা; প্রজ্ঞা, অনুশাসন, আৰু সুবিবেচনা কিনা।

[24] ন্যায় কাৰ্য কৰা জনৰ পিতৃ অতিশয় উল্লাসিত হয়, আৰু জ্ঞানী পুত্ৰৰ জন্মদাতাই তেওঁৰ বাবে আনন্দ কৰিব।

[25] তোমাৰ পিতৃ আৰু মাতৃক আনন্দিত হ’বলৈ দিয়া, আৰু তোমাৰ জন্মদাতাক উল্লাসিত হ’ব দিয়া।

[26] হে মোৰ পুত্র, তোমাৰ হৃদয় মোক দিয়া, তোমাৰ চকুক মোৰ পথলৈ নিৰীক্ষণ কৰিবলৈ দিয়া।

[27] কাৰণ বেশ্যা দ গাতৰ দৰে, আৰু অন্য লোকৰ ভাৰ্যা ঠেক নাদৰ দৰে।

[28] তেওঁ ডকাইতৰ দৰে খাপ দি থাকে, আৰু মনুষ্যসকলৰ মাজত বিশ্বাসঘাতকতৰ দল বৃদ্ধি কৰে।

[29] কাৰ দুৰ্দশা আছে? কাৰ দুখ আছে? কোনে কাজিয়া কৰে? কোনে অভিযোগ কৰে? কোনে অকাৰণে মাৰ খায়? কাৰ চকু ৰঙা হয়?

[30] যিসকলে বহুদিন দ্ৰাক্ষাৰসত লিপ্ত থাকে, আৰু যিসকলে দ্ৰাক্ষাৰসৰ মিহলাবলৈ চেষ্টা কৰে।

[31] যেতিয়া দ্ৰাক্ষাৰস ৰঙা হৈ থাকে, পাত্ৰত দগমগায়, আৰু সহজে পেটলৈ যায়, তেতিয়া তালৈ দৃষ্টি নকৰিবা।

[32] শেষতে সেয়ে সাপৰ নিচিনাকৈ কামুৰিব, আৰু বিষাক্ত সাপৰ দৰে ইয়াৰ দংশন।

[33] তোমাৰ চকুৱে আচৰিত বস্তু দেখিব, আৰু তোমাৰ হৃদয়ে মন্দ কথা কব;

[34] প্রচণ্ড সমুদ্ৰৰ ওপৰত শোৱা জনৰ দৰে, বা জাহাজৰ মাজস্থলৰ ওপৰত শোৱা লোকৰ দৰে হবা;

[35] তুমি কবা, “তেওঁলোকে মোক মাৰিলে!” কিন্তু মই আঘাত পোৱা নাই, তেওঁলোকে মোক প্ৰহাৰ কৰিলে, কিন্তু মই অনুভব কৰা নাই। মই যেতিয়া সাৰ পাম? তেতিয়া মই পুনৰ দ্রাক্ষাৰস পান কৰিম।”

হিতোপদেশ — Chapters