[1] জ্ঞানৱান সন্তানে নিজৰ পিতৃৰ কথা শুনে; কিন্তু নিন্দকে অনুযোগ নুশুনে।
[2] মানুহে নিজৰ মুখৰ ফলৰ দ্বাৰাই মঙ্গল ভোগ কৰে; কিন্তু বিশ্বাসঘাতকে অত্যাচাৰলৈ অভিলাষ কৰে।
[3] যিজনে নিজৰ মুখ চম্ভালে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যিজনে মুখ বহলকৈ মেলে, তেওঁৰ সৰ্ব্বনাশ হয়।
[4] এলেহুৱাই ইচ্ছা কৰিলেও একো নাপায়; কিন্তু পৰিশ্ৰমীজনে ইচ্ছা কৰিলে সম্পূৰ্ণভাৱে সন্তুষ্ট হয়।
[5] সত্যতাত চলাজনে মিছা কথা ঘিণ কৰে; কিন্তু দুষ্টলোকে নিজকে বিৰক্ত কৰে আৰু তেওঁ লজ্জাজনক কাৰ্য কৰে।
[6] যেতিয়া এজন লোকে সত্যতাত চলে, তেওঁ ন্যায়ৰ পথ সুৰক্ষিত কৰে। কিন্তু দুষ্ট লোকসকল তেওঁলোকৰ পাপৰ কাৰণে বিনষ্ট হয়।
[7] এনে লোক আছে, যিয়ে নিজকে ধনী দেখুৱাই, কিন্তু তেওঁৰ একো নাথাকে; আৰু এনে লোকো আছে যি সকলো দান কৰে, তথাপি তেওঁ প্রকৃততেই ধনৱান।
[8] এজন ধনী লোকে নিজৰ সম্পত্তিৰ দ্বাৰাই নিজৰ জীৱনৰ প্রায়শ্চিত কৰিব পাৰে, কিন্তু এজন দুখীয়া তেনেধৰণৰ ভীতিপ্রদৰ্শনৰ সন্মুখীন নহয়।
[9] যিজনে সত্যতাত চলে, তেওঁৰ প্ৰদীপ প্রজ্বলিত হৈ থাকে; কিন্তু দুষ্টলোকৰ চাকি নুমাই যাব।
[10] অহঙ্কাৰে কেৱল বিবাদ জন্মায়; কিন্তু যিসকলে সুপৰামৰ্শ শুনে, তেওঁলোকৰ লগত প্রজ্ঞা থাকে।
[11] অধিক অহঙ্কাৰে সম্পত্তি হ্রাস কৰে; কিন্তু যি জনে পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰে, তেওঁৰ ধন বৃদ্ধি হয়।
[12] যেতিয়া আশা সিদ্ধ হ’বলৈ পলম হয়, তেতিয়া হৃদয় ভাগি পৰে; কিন্তু আকাংক্ষা সিদ্ধ হোৱাই জীৱনৰ বৃক্ষৰ দৰে।
[13] যি জনে নিৰ্দেশ অবজ্ঞা কৰে, তেওঁ তাৰ আলোচনাৰ বিষয় হ’ব; কিন্তু যি জনে আজ্ঞা সন্মান কৰে, তেওঁ পুৰস্কাৰ পায়।
[14] জ্ঞানী লোকৰ শিক্ষা জীৱনৰ ভুমুকস্বৰূপ হয়। মৃত্যু ফান্দৰ পৰা তোমাক আঁতৰাই ৰাখিব।
[15] ভাল অন্তদৃষ্টিয়ে অনুগ্ৰহ জয় কৰে; কিন্তু বিশ্বাস-ঘাতকসকলৰ পথ দুৰ্গম।
[16] জ্ঞানে প্ৰতিটো সিদ্ধান্ত লওঁতে সুবিবেচনা কৰে; কিন্তু অজ্ঞানী লোকে মুৰ্খতা বিস্তাৰ কৰে।
[17] দুষ্ট বৰ্ত্তাবাহক সমস্যাত পৰে; কিন্তু এজন বিশ্বাসী দূতে পুনৰ মিলন কৰায়।
[18] যি জনে নিয়মানুৱৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ দৰিদ্ৰ হয় আৰু লাজত পৰে; কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা গ্রহণ কৰে, তেওঁ সন্মান পায়।
[19] বাঞ্ছা সিদ্ধিয়ে আত্মা সন্তুষ্টি দিয়ে; কিন্তু অজ্ঞানীলোকে বেয়াৰ পৰা আঁতৰি আহিবলৈ ইচ্ছা নকৰে।
[20] জ্ঞানীলোকৰ সঙ্গত থাকা, তাতে তুমিও জ্ঞানী হবা; কিন্তু অজ্ঞানীলোকৰ সঙ্গীয়ে কষ্ট ভোগ কৰিব।
[21] দুৰ্যোগে পাপীৰ পাছত দৌৰ মাৰে; কিন্তু যিসকলে সত্যতাত চলে, তেওঁলোকে উত্তম পুৰস্কাৰ পায়।
[22] ভাল ব্যক্তিয়ে নিজৰ নাতি-নাতিনীয়েকৰ বাবে উত্তৰাধিকাৰ এৰি যায়; কিন্তু পাপীৰ ধন সম্পত্তি সত্যতাত চলাজনৰ বাবে সংৰক্ষিত হয়।
[23] দুখীয়াসকলে নতুন মাটিত চহালে বহুতো শস্য উৎপন্ন হয়; কিন্তু অন্যায়ৰ দ্বাৰাই ই নষ্ট হয়।
[24] যি জনে নিজৰ সন্তানক নিয়মানুৱৰ্তিতাত নচলায়, তেওঁ তাক ঘিণ কৰে, কিন্তু যিজনে তাক প্ৰেম কৰে, তেওঁ উচিত সময়ত তাক শাস্তিও দিয়ে।
[25] যিসকলে সত্যতাত চলে, তেওঁলোকে হেঁপাহ পলোৱাকৈ আহাৰ খায়; কিন্তু দুষ্টলোক সদায় ভোকত থাকে।