[1] হে মোৰ পুত্রসকল, পিতৃৰ উপদেশ শুনা, আৰু মনোযোগ দিয়া, যাতে তুমি সুবিবেচনা বুজিব পাৰা।
[2] মই তোমালোকক উত্তম কৰ্মবিধি দিওঁ। মোৰ শিক্ষা প্রণালী পৰিত্যাগ নকৰিবা।
[3] মই যেতিয়া মোৰ পিতৃৰ পুত্ৰ আছিলোঁ, মোৰ মাতৃৰ মৰমৰ একমাত্র সন্তান আছিলোঁ।
[4] তেওঁ মোক শিকাইছিল আৰু মোক কৈছিল, “তোমাৰ হৃদয়ত মোৰ বাক্য ধৰি ৰাখা; মোৰ আজ্ঞাবোৰ পালন কৰা আৰু জীৱন ধাৰণ কৰা।”
[5] প্রজ্ঞা আৰু বিবেচনা শক্তি অৰ্জন কৰা; মোৰ মুখৰ পৰা ওলোৱা বাক্য নাপাহৰিবা আৰু ত্যাগ নকৰিবা।
[6] প্ৰজ্ঞাক ত্যাগ নকৰিবা, তেতিয়া তেওঁ তোমাৰ ওপৰত দৃষ্টি ৰাখিব; তেওঁক প্ৰেম কৰা, আৰু তেওঁ তোমাক সুৰক্ষিত কৰি ৰাখিব।
[7] প্ৰজ্ঞা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়ে প্ৰজ্ঞা অৰ্জন কৰা; আৰু তুমি অৰ্জন কৰা প্রজ্ঞাক সকলোতে ব্যৱহাৰ কৰা, তাতে তুমি বিবেচনা শক্তি লাভ কৰিবা।
[8] প্রজ্ঞাক সস্নেহে প্রতিপালন কৰা, তেওঁ তোমাক উচ্চ স্হানত স্হাপন কৰিব; তুমি তেওঁক আঁকোৱালি ধৰিলে, তেওঁ তোমাক আদৰ কৰিব।
[9] তেওঁ তোমাৰ মুৰত সন্মানীয় মালা দিব, তেওঁ তোমাক এটা সুন্দৰ মুকুট দিব।”
[10] হে মোৰ পুত্র শুনা, আৰু মোৰ কথালৈ মনোযোগ দিয়া; তেতিয়া তুমি বহু বছৰ জীয়াই থাকিবা।
[11] মই তোমাক প্রজ্ঞাৰ পথত পৰিচালনা কৰিছোঁ, মই তোমাক সৰল পথত নেতৃত্ব দিছোঁ।
[12] তুমি যেতিয়া খোজ দিবা, তেতিয়া কোনো এজনেও তোমাৰ পথত থিয় নহ’ব; আৰু তুমি দৌৰ মাৰিলেও উজুটি নাখাবা।
[13] নিয়ম প্রণালী মানি চলিবা, ইয়াক যাবলৈ নিদিবা; ইয়াক পহৰা দিয়া, কাৰণ এয়ে তোমাৰ জীৱন।
[14] পাপীবোৰৰ পথ অনুসৰণ নকৰিবা, আৰু যিসকলে দুষ্টকৰ্ম কৰে, তেওঁলোকৰ পথত নাযাবা।
[15] তেওঁলোকৰ পৰা দূৰত থাকিবা, সেই পথত নাযাবা, সেই পথৰ পৰা ঘূৰি আহাঁ, আৰু অন্য পথত যোৱা;
[16] কাৰণ তেওঁলোকে কুকৰ্ম নকৰালৈকে তেওঁলোকৰ টোপনি নাহে, আৰু তেওঁলোকে কোনো লোকক উজুটি নোখোৱালৈকে তেওঁলোকৰ টোপনি নাহে।
[17] কাৰণ তেওঁলোকে দুষ্টতাৰূপ পিঠা ভোজন কৰে, আৰু উপদ্ৰৱৰূপ দ্ৰাক্ষাৰস পান কৰে।
[18] ধাৰ্মিকলোকৰ পথ সূৰ্যদয়ৰ দীপ্তিৰ দৰে, সেয়ে উজ্জলতাৰ পৰা উজ্জলতালৈ গতি কৰে।
[19] দুষ্টবোৰৰ পথ অন্ধকাৰৰ নিচিনা; সিহঁতে কিহত উজুতি খায় তাক নাজানে।
[20] হে মোৰ পুত্র, মোৰ বাক্যলৈ মনোযোগ দিয়া, মই কোৱা কথা শুনা।
[21] সেইবোৰ তোমাৰ দৃষ্টিৰ পৰা দূৰ হব নিদিবা; সেইবোৰ তোমাৰ হৃদয়ত বান্ধি ৰাখা।
[22] কাৰণ যিসকলে সেইবোৰ বিচাৰি পায়, তেওঁলোকৰ বাবে মোৰ বাক্য জীৱনস্বৰূপ, আৰু তেওঁলোকৰ সৰ্ব্বশৰীৰলৈ সুস্বাস্থ্যস্বৰূপ।
[23] সকলো অধ্যৱসায়ৰ দ্বাৰাই তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰ পৰাই জীৱন উৎপন্ন হয়।
[24] তোমাৰ মুখৰ পৰা কটুকথা দূৰ কৰা, আৰু নৈতিকতাহীন কথা তোমাৰ পৰা দূৰ কৰা।
[25] তোমাৰ চকুৱে সন্মুখলৈ চাওক, আৰু তোমাৰ দৃষ্টি তোমাৰ সন্মুখত স্থিৰ কৰা।
[26] তোমাৰ ভৰিৰ কাৰণে পথ সমান কৰা, তেতিয়া তোমাৰ সকলো পথ সুৰক্ষিত হ’ব।
[27] সোঁ হাতে কি বাওঁ হাতে নুঘুৰিবা, মন্দৰ পৰা তোমাৰ ভৰি দূৰত ৰাখিবা।”