Skip to content
Opens in a new window
Listen to this chapter • 3:59

[1] যিহোৱাই মোচিক মাতিলে, আৰু সাক্ষাৎ কৰা তম্বুৰ পৰা তেওঁ এই কথা ক’লে,

[2] “তুমি ইস্ৰায়েলৰ সন্তানসকলক এই কথা কোৱা, ‘তোমালোকৰ মাজৰ কোনোৱে যদি যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰে, তেন্তে সেয়ে ষাঁড়-গৰু আৰু মেৰ বা মেৰ-ছাগ হ’ব লাগিব।

[3] যদি তেওঁৰ উপহাৰ ষাঁড়-গৰুৰ জাকৰ পৰা অনা হোম বলি হয়, তেন্তে নিৰ্ঘূণী মতা গৰু উৎসৰ্গ কৰিব লাগিব। যিহোৱাৰ আগত গ্ৰাহ্য হ’বৰ কাৰণে, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ইয়াক উৎসৰ্গ কৰিব লাগিব।

[4] পাছত তেওঁ হোম-বলিৰ মূৰত হাত দিব; তেতিয়া সেই বলি তেওঁৰ প্ৰায়শ্চিত্তৰ অৰ্থে তেওঁৰ পক্ষত গ্ৰাহ্য হ’ব।

[5] আৰু তেওঁ যিহোৱাৰ সন্মুখত সেই দমৰা ষাঁড়-গৰুটো কাটিব। তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে তাৰ তেজ আনিব, আৰু সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ সন্মুখত থকা যজ্ঞবেদীৰ চাৰিওফালে সেই তেজ ছটিয়াই দিব।

[6] তেতিয়া সেই বলিৰ ছাল বখলিয়াই তাক খণ্ড খণ্ড কৰা হ’ব।

[7] আৰু হাৰোণ পুৰোহিতৰ পুত্ৰসকলে বেদীৰ ওপৰত জুই ৰাখিব আৰু জুইৰ ওপৰত কাঠ জাপি দিব।

[8] আৰু হাৰোণৰ পুত্ৰ পুৰোহিতসকলে সেই বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত সেই খণ্ডবোৰ, মূৰ আৰু তেল ঠিক মতে ৰাখিব।

[9] কিন্তু তেওঁ তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীত ধুব লাগিব। তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব। সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।

[10] আৰু যদি তেওঁৰ উপহাৰ মেৰ-ছাগ বা ছাগলীৰ জাকৰ পৰা অনা হোম-বলি হয়, তেন্তে তেওঁ নিৰ্ঘূণী মতা পশু উৎসৰ্গ কৰিব।

[11] আৰু যজ্ঞবেদীৰ কাষত উত্তৰফালে যিহোৱাৰ সন্মুখত তাক কটা হ’ব; তেতিয়া হাৰোণৰ পুত্ৰ পুৰোহিত সকলে বেদীৰ চাৰিওফালে তাৰ তেজ ছটিয়াব।

[12] পাছত তেওঁ তাক খণ্ড খণ্ড কৰি কাটিব; আৰু পুৰোহিতে তাৰ মূৰ আৰু তেলেৰে সৈতে তাক বেদীৰ ওপৰত থকা জুই আৰু কাঠৰ ওপৰত ঠিকমতে সজাই ৰাখিব।

[13] কিন্তু তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীৰে ধুব লাগিব; তাৰ পাছত পুৰোহিতে সেই সকলো উৎসৰ্গ কৰিব আৰু বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।

[14] যদি যিহোৱাৰ উদ্দেশ্যে দিয়া তেওঁৰ উপহাৰ পক্ষীবোৰৰ মাজৰ পৰা অনা হোম-বলি হয়, তেন্তে তেওঁ কপৌবোৰৰ বা পাৰ পোৱালিবোৰৰ মাজৰ পৰা নিজ উপহাৰ উৎসৰ্গ কৰিব।

[15] পাছত পুৰোহিতে তাক বেদীৰ ওপৰলৈ আনি, মূৰটো মুচৰি চিঙি, তাক বেদীত দগ্ধ কৰিব; আৰু তাৰ তেজ বেদীৰ কাষেৰে উলিয়াই দিব লাগিব।

[16] পাছত পুৰোহিতে তাৰ নাড়ী-ভুৰু আৰু আমঠুটো লৈ, বেদীৰ কাষত থকা পূবফালৰ ছাঁই পেলোৱা ঠাইত পেলাই দিব লাগিব।

[17] তাৰ পাছত পুৰোহিতে তাৰ ডেউকা দুখন কাটিব, কিন্তু সম্পূৰ্ণৰূপে তাক দুভাগ নকৰিব, আৰু বেদীত জুই আৰু কাঠৰ ওপৰত তাক দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।

লেবীয়া পুস্তক — Chapters