Skip to content
Opens in a new window
Listen to this chapter • 5:48

[1] তাৰ পাছত যিহোৱাই মোচিক কলে,

[2] “তুমি নতুন বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনা সাক্ষাৎ কৰা তম্বুৰ আবাস স্থাপন কৰিবা।

[3] তুমি তাৰ ভিতৰত সাক্ষ্য-ফলিৰ নিয়ম চন্দুক ৰাখি পৰ্দাৰে সেই চন্দুক আঁৰ কৰি ৰাখিবা।

[4] মেজ ভিতৰলৈ আনি তাক সজাই ৰাখিবা; আৰু দীপাধাৰ ভিতৰলৈ আনি, তাৰ ওপৰত প্ৰদীপবোৰ জ্বলাই দিবা।

[5] ধূপ জ্বলাবৰ বাবে সোণৰ বেদিটো সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ আগত ৰাখিবা, আৰু আবাসৰ দুৱাৰত পৰ্দাবোৰ লগাই দিবা।

[6] সাক্ষাৎ কৰা তম্বুৰ আবাসৰ দুৱাৰৰ সন্মুখত হোমবেদি ৰাখিবা।

[7] সাক্ষাৎ কৰা তম্বু আৰু হোম-বেদিৰ মাজত প্ৰক্ষালন-পাত্ৰ থৈ, তাত পানী ভৰাবা।

[8] চাৰিওফালে চোতাল যুগুত কৰিবা, আৰু চোতালৰ দুৱাৰত পৰ্দাবোৰ লগাবা।

[9] তুমি অভিষেক কৰা তেল লৈ, আবাস আৰু তাৰ সকলোকে অভিষেক কৰি, তাক আৰু তাৰ সকলো বস্তু পবিত্ৰ কৰিবা; তাতে সেয়ে পবিত্ৰ হ’ব।

[10] তুমি হোম-বেদিটো আৰু তাৰ সকলো সঁজুলি অভিষেক কৰি, সেই বেদি পবিত্ৰ কৰিবা; তাতে সেই বেদি অতি পবিত্ৰ হ’ব।

[11] তুমি প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা অভিষেক কৰি তাক পবিত্ৰ কৰিবা।

[12] তুমি হাৰোণক আৰু তেওঁৰ পুত্রসকলক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ আনি, তেওঁলোকক পানীৰে গা ধুৱাবা।

[13] হাৰোণক পবিত্ৰ বস্ত্ৰ পিন্ধাই, মোৰ অৰ্থে পুৰোহিত কৰ্ম কৰিবলৈ তেওঁক অভিষেক কৰি পবিত্ৰ কৰিবা।

[14] তেওঁৰ পুত্ৰসকলকো আনি, কোট চোলা পিন্ধাবা।

[15] তেওঁলোকৰ পিতৃক যেনেকৈ অভিষেক কৰিবা, তেনেকৈ, তেওঁলোকেও মোৰ অৰ্থে পুৰোহিত কৰ্ম কৰিবলৈ পুত্রসকলক অভিষেক কৰিব। তাতে সেই অভিষেকেই তেওঁলোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী পুৰোহিত পদৰ চিন হ’ব।”

[16] মোচিয়ে সেইদৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।

[17] পাছে দ্বিতীয় বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনা আবাস স্থাপন কৰা হ’ল।

[18] যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাস স্থাপন কৰিবলৈ, তাৰ চুঙী বহুৱাই, তক্তা খুৱাই ডাং সুমুৱাই, আৰু তাৰ খুটাবোৰ তুলি,

[19] সেই আবাসৰ ওপৰত তম্বু তৰিলে, আৰু তাৰ ওপৰত তম্বুৰ আৱৰণ লগালে।

[20] পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষ-ফলি দুখন লৈ নিয়ম চন্দুকটোৰ ভিতৰত ভৰাই, চন্দুকত কানমাৰি লগাই, নিয়ম চন্দুকৰ ওপৰত পাপাবৰণ থৈ,

[21] আৰু আবাসৰ ভিতৰলৈ নিয়ম চন্দুকটো আনি, আঁৰ কৰি ৰখা পৰ্দা লগাই, সাক্ষ-ফলিৰ নিয়ম চন্দুক ঢাকিলে।

[22] যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাসৰ উত্তৰফালে পৰ্দাৰ বাহিৰত সাক্ষাৎ কৰা তম্বুত মেজ ৰাখিলে,

[23] তাৰ ওপৰত যিহোৱাৰ সন্মুখত পিঠা সজাই থলে।

[24] পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুত মেজৰ সন্মুখত আবাসৰ দক্ষিণফালে দীপাধাৰ ৰাখিলে।

[25] যিহোৱাৰ সন্মুখত প্ৰদীপবোৰ জ্বলাই দিলে।

[26] পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুৰ পৰ্দাৰ আগত সোণৰ বেদি ৰাখিলে।

[27] তাৰ ওপৰত সুগন্ধি ধূপ জ্বলালে।

[28] পাছে যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁ আবাসৰ দুৱাৰৰ পৰ্দা লগালে,

[29] আৰু সাক্ষাৎ কৰা তম্বুত আবাসৰ দুৱাৰৰ মুখত হোম-বেদি ৰাখি তাৰ ওপৰত হোমবলি আৰু ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিলে।

[30] পাছে যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰে, তেওঁ সাক্ষাৎ কৰা তম্বুৰ আৰু হোম-বেদিৰ মাজত, প্ৰক্ষালন-পাত্ৰ ৰাখি ধুবলৈ তাত পানী ভৰাই থলে।

[31] তাৰ পৰাই মোচি, হাৰোণ, আৰু তেওঁৰ পুত্ৰসকলে নিজৰ নিজৰ হাত ভৰি ধোৱে।

[32] যেতিয়া তেওঁলোকে সাক্ষাৎ কৰা তম্বুত সোমায়, বা বেদিৰ ওচৰলৈ আহে, তেতিয়া ধোৱে।

[33] পাছে তেওঁ আবাসৰ আৰু হোমবেদিৰ চাৰিওফালে চোতাল যুগুত কৰিলে; আৰু চোতালৰ দুৱাৰত পৰ্দা লগালে। এইদৰে মোচিয়ে কাৰ্য সমাপ্ত কৰিলে।

[34] তাৰ পাছত মেঘে সাক্ষাৎ কৰা তম্বুটো ঢাকি ধৰিলে, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিলে।

[35] মোচিয়ে সাক্ষাৎ কৰা তম্বুত সোমাব নোৱাৰিলে; কিয়নো মেঘ তাৰ ওপৰত আছিল, আৰু যিহোৱাৰ প্ৰতাপে আবাস পৰিপূৰ্ণ কৰিছিল।

[36] পাছে আবাসৰ ওপৰৰ পৰা মেঘ উঠিলে, ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰে।

[37] কিন্তু আবাসৰ ওপৰৰ পৰা যদি মেঘ আঁতৰি নাযায়, তেতিয়ালৈকে তেওঁলোকে যাত্ৰা নকৰে।

[38] কিয়নো গোটেই ইস্ৰায়েল বংশৰ চকুৰ আগত, তেওঁলোকৰ আটাই যাত্ৰাত, দিনত যিহোৱাৰ মেঘ আবাসৰ ওপৰত আছিল, আৰু ৰাতি অগ্নি আবাসৰ ভিতৰত আছিল।

যাত্ৰা পুস্তক — Chapters