Skip to content
Opens in a new window
Listen to this chapter • 5:52

[1] পাছত যিহোৱাই মোচিক ক’লে,

[2] “তুমি ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা।

[3] তোমালোকে যেতিয়া মিচৰ দেশত বাস কৰিছিলা, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা। মই তোমালোকক যি কনান দেশলৈ লৈ আহিম, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা আৰু তেওঁলোকৰ বিধি অনুসাৰেও নচলিবা।

[4] তোমালোকে মোৰ শাসন প্ৰণালী মতে কাৰ্য কৰিবা আৰু মোৰ বিধিবোৰ পালন কৰিবা, আৰু সেইদৰে আচৰণ কৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।

[5] এই হেতুকে তোমালোকে মোৰ বিধি আৰু শাসন প্ৰাণালীবোৰ সকলোকে পালন কৰিবা। কোনো এজন লোকে যদি সেইবোৰ পালন কৰে, তেনেহলে তেওঁ তাৰ দ্বাৰাই জীয়াই থাকিব। মই যিহোৱা।

[6] তোমালোকে কোনেও উলঙ্গতা অনাবৃত কৰিবলৈ, নিজ বংশ পৰিয়ালৰ কাৰো ওচৰলৈ নাযাবা; মই যিহোৱা।

[7] তুমি নিজ পিতৃক, তোমাৰ মাতৃৰ উলঙ্গতাৰেই অনাবৃত নকৰিবা; তেওঁ তোমাৰ মাতৃ; তেওঁক লজ্জিত নকৰিবা।

[8] তোমাৰ পিতৃৰ ভাৰ্য্যাৰ উলঙ্গতা অনাবৃত নকৰিবা; সেইদৰে তোমাৰ পিতৃক লজ্জিত নকৰিবা।

[9] তোমাৰ বাই, ভনী, তোমাৰ পিতৃৰ জীয়েক বা তোমাৰ মাতৃৰ জীয়েক, ঘৰত জন্মাই হওঁক বা আন ঠাইতে জন্মা হওঁক, তেওঁলোকৰ উলঙ্গতা অনাবৃত নকৰিবা।

[10] তোমাৰ পো-নাতিয়েৰ বা জী-নাতিয়েৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তেওঁলোকৰ উলঙ্গতা তোমাৰ নিজৰেই উলঙ্গতা।

[11] তোমাৰ পিতৃৰ ঔৰসত জন্মা তোমাৰ পিতৃৰ ভাৰ্য্যাৰ জীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তাই তোমাৰ ভনী।

[12] তোমাৰ পিতৃৰ বায়েক বা ভনীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তাই তোমাৰ পিতৃৰ ওচৰ সম্বন্ধীয়া।

[13] তোমাৰ মাতৃৰ বায়েক বা ভনীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তাই তোমাৰ মাতৃৰ ওচৰ সম্বন্ধীয়া।

[14] তোমাৰ পিতৃৰ ককায়েক বা ভায়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তুমি তেওঁৰ ভাৰ্য্যাৰ ওচৰলৈ নাযাবা; তাই তোমাৰ বৰমা, বা খুৰী।

[15] তোমাৰ বোৱাৰীয়েৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তাই তোমাৰ পো’ৰ ভাৰ্য্যা। তাইৰ উলঙ্গতা অনাবৃত নকৰিবা।

[16] তোমাৰ ককায়েৰা বা ভায়েৰাৰ ভাৰ্যাৰ উলঙ্গতা অনাবৃত নকৰিবা; সেয়ে তোমাৰ ককায়েৰা বা ভায়েৰাৰ উলঙ্গতা।

[17] কোনো মহিলা আৰু তাইৰ জীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; উলঙ্গতা অনাবৃত কৰিবলৈ তাইৰ পো-নাতিয়েক বা জী-নাতিয়েকক বিয়া নকৰিবা। তেওঁলোক ওচৰ সম্বন্ধীয়া; এইয়ে লম্পটতা।

[18] নিজ তিৰোতাৰ সতিনী খটাবলৈ তাই জীয়াই থকা কালত, উলঙ্গতা অনাবৃত কৰিবৰ অৰ্থে তাইৰ লগত বায়েক বা ভনীয়েকক বিয়া নকৰিবা।

[19] আৰু কোনো মহিলাৰ মাহেকীয়া অশৌচেৰে অশুচি হৈ থকা সময়ত, তাইৰ উলঙ্গতা অনাবৃত কৰিবলৈ তাইৰ ওচৰলৈ নাযাবা।

[20] আৰু তুমি নিজকে অশুচি কৰিবলৈ ওচৰ-চুবুৰিয়াৰ ভাৰ্য্যাৰ লগত সহবাস নকৰিবা।

[21] তোমাৰ সন্তানৰ কাকো মোলক দেৱতাৰ উদ্দেশ্যে অগ্নিৰ মাজেদি গমণ কৰাই, তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা; মই যিহোৱা।

[22] তুমি মহিলাৰ লগত শয়ন কৰাৰ দৰে পুৰুষে সৈতে শয়ন নকৰিবা। সেয়ে ঘিণলগীয়া কৰ্ম।

[23] আৰু তুমি নিজকে অশুচি কৰিবলৈ, কোনো জন্তুত পতিত নহ’বা; আৰু কোনো মহিলাই নিজৰে সৈতে সংসৰ্গ কৰিবলৈ, কোনো জন্তুৰ আগত থিয় নহ’ব, সেয়ে স্বভাৱৰ বিৰুদ্ধে কৰা কাৰ্য।

[24] তোমালোকে এই কার্যবোৰৰ ভিতৰৰ কোনো কাৰ্যৰ দ্বাৰাই নিজকে অশুচি নকৰিবা; কিয়নো যি যি জাতিক মই তোমালোকৰ সন্মুখৰ পৰা খেদিম, তেওঁলোক এই সকলো কৰ্মৰ দ্বাৰাই অশুচি হ’ল।

[25] আৰু সেই দেশখনো অশুচি হ’ল; এই হেতুকে মই তাৰ অপৰাধৰ ফল তাক ভোগ কৰালো আৰু সেই দেশে নিজ নিবাসীসকলক বতিয়াই পেলালে।

[26] এই হেতুকে তোমালোকে মোৰ বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিবা, আৰু স্বদেশীয় বা তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশীয়েই হওঁক, তোমালোকে সেই সকলো ঘিণলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য নকৰিবা।

[27] কিয়নো তোমালোকৰ পূৰ্বে থকা লোকসকলে এই সকলো ঘিণলগীয়া কৰ্ম কৰাত সেই দেশ অশুচি হ’ল।

[28] কিয়নো সাৱধান, তোমালোকে সেই দেশ অশুচি কৰিলে, তোমালোকৰ পূৰ্বে থকা সেই জাতিক বতিয়াই পেলোৱাৰ নিচিনাকৈ, সেই দেশে তোমালোককো বতিয়াই পেলাব।

[29] কিয়নো যি যি লোকে এইবোৰ ঘিণলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য কৰিব, ঘিণলগীয়া কাৰ্য কৰা সেই সকলোকে নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।

[30] এই হেতুকে তোমালোকৰ পূৰ্বে প্ৰচলিত হোৱা ঘিণলগীয়া ৰীতি-নীতিবোৰৰ মাজৰ একোকে তোমালোকে যেন নকৰা, আৰু তাৰ দ্বাৰাই নিজকে যেন অশুচি নকৰা, এই কাৰণে মোৰ আজ্ঞা পালন কৰিবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”

লেবীয়া পুস্তক — Chapters