Skip to content
Opens in a new window
Listen to this chapter • 4:22

[1] এয়া হৈছে আদমৰ বংশৰ বিৱৰণ। মানুহ সৃষ্টি কৰাৰ দিনা, ঈশ্বৰে তেওঁলোকক নিজৰ সাদৃশ্যেৰে সৃষ্টি কৰিলে;

[2] তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে; সৃষ্টিৰ সময়ত তেওঁলোকক আশীৰ্ব্বাদ কৰি “মানুহ” নাম দিলে।

[3] এশ ত্ৰিশ বছৰ বয়সত নিজৰ সাদৃশ্যেৰে আদমৰ এটি পুত্ৰ জন্মিল আৰু তেওঁৰ নাম চেথ ৰাখিলে।

[4] চেথৰ জন্মৰ পাছত আদম আঠশ বছৰ জীয়াই থাকিল। ইতিমধ্যে তেওঁৰ আৰু পুতেক জীয়েকৰ জন্ম হ’ল।

[5] সৰ্ব্বমুঠ ন শ ত্রিশ বছৰ জীয়াই থকাৰ পাছত আদমৰ মৃত্যু হ’ল।

[6] চেথৰ যেতিয়া এশ পাঁচ বছৰ বয়স হ’ল, তেতিয়া তেওঁৰ পুত্ৰ ইনোচৰ জন্ম হ’ল।

[7] ইনোচৰ জন্মৰ পাছত চেথ আঠ শ সাত বছৰ কাল জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুতেক জীয়েকৰ জন্ম হ’ল।

[8] মুঠ ন শ বাৰ বছৰ জীয়াই থকাৰ পাছত চেথৰ মৃত্যু হ’ল।

[9] ইনোচৰ নব্বই বছৰ বয়সত তেওঁৰ পুতেক কৈনন জন্মিল।

[10] কৈননৰ জন্মৰ পাছত ইনোচ আঠ শ পোন্ধৰ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।

[11] সৰ্ব্বমুঠ ন শ পাঁচ বছৰ জীয়াই থকাৰ পাছত ইনোচৰ মৃত্যু হ’ল।

[12] কৈননৰ সত্তৰ বছৰ বয়সত তেওঁৰ পুতেক মহললেল জন্মিল।

[13] মহললেলৰ জন্মৰ পাছত কৈনন আঠ শ চল্লিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুতেক জীয়েক জন্মিল।

[14] সৰ্ব্বমুঠ ন শ দহ বছৰ জীয়াই থকাৰ পাছত কৈননৰ মৃত্যু হ’ল।

[15] মহললেলৰ পয়ষষ্ঠি বছৰ বয়সত তেওঁৰ পুত্র যেৰদ জন্মিল।

[16] যেৰদৰ জন্মৰ পাছত মহললেল আঠশ ত্রিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।

[17] সৰ্ব্বমুঠ আঠ শ পঞ্চানব্বৈ বছৰ জীয়াই থকাৰ পাছত মহললেলৰ মৃত্যু হ’ল।

[18] যেৰদৰ এশ বাষষ্ঠি বছৰ বয়সত তেওঁৰ পুতেক হনোক জন্মিল।

[19] হনোকৰ জন্মৰ পাছত যেৰদ আঠ শ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।

[20] সৰ্ব্বমুঠ ন শ বাষষ্ঠি বছৰ জীয়াই থকাৰ পাছত যেৰদৰ মৃত্যু হ’ল।

[21] হনোকৰ পয়ষষ্ঠি বছৰ বয়সত তেওঁৰ পুতেক মথুচেলহ জন্মিল।

[22] মথুচেলহৰ জন্মৰ পাছত তিনি শ বছৰ পর্যন্ত ঈশ্বৰৰ লগত হনোকৰ অহা-যোৱাৰ সম্বন্ধ আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।

[23] হনোক সৰ্ব্বমুঠ তিনি শ পয়ষষ্ঠি বছৰ কাল আছিল।

[24] তাৰ পাছত তেওঁক পুনৰ দেখা নগ’ল; ঈশ্বৰৰ লগত অহা-যোৱাৰ সম্বন্ধ আছিল বাবেই ঈশ্বৰে তেওঁক লৈ গ’ল।

[25] মথুচেলহৰ এশ সাতাশী বছৰ বয়সত তেওঁৰ পুতেক লেমক জন্মিল।

[26] লেমকৰ জন্মৰ পাছত মথুচেলহ সাত শ বিৰাশী বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল।

[27] সৰ্ব্বমুঠ ন শ উনসত্তৰ বছৰ জীয়াই থকাৰ পাছত মথুচেলহৰ মৃত্যু হ’ল।

[28] লেমকৰ এশ বিৰাশী বছৰ বয়সত এটি পুত্ৰ জন্মিল;

[29] তেওঁ ক’লে, “যিহোৱাই ভূমিক শাও দিয়াৰ কাৰণে আমি যি পৰিশ্রম আৰু হাতেৰে কষ্ট কৰিব লাগে, তাৰ মাজতো আমাক এই ল’ৰায়েই শান্তনা দিব।” এই বুলি কৈ তেওঁ তেওঁৰ নাম নোহ ৰাখিলে।

[30] নোহৰ জন্মৰ পাছত লেমক পাঁচ শ পঞ্চানব্বৈ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক আৰু জীয়েক জন্মিল।

[31] সৰ্ব্বমুঠ সাত শ সাতসত্তৰ বছৰ জীয়াই থকাৰ পাছত লেমকৰ মৃত্যু হ’ল।

[32] নোহ পাঁচ শ বছৰ জীয়াই থকাত তেওঁৰ চেম, হাম আৰু যেফৎ এই তিনিজন পুত্ৰৰ জন্ম হ’ল।

আদি পুস্তক — Chapters