[1] যি সময়ত চিনাৰ দেশৰ ৰজা অম্ৰাফল আছিল, তেতিয়া অৰিয়োক আছিল ইল্লাচৰৰ ৰজা, এলমৰ ৰজা আছিল কদৰ্লায়োমৰ আৰু গোয়ীমৰ ৰজা তিদিয়ল আছিল,
[2] সেইসময়ত এই কেইজন ৰজাই মিলি চদোমৰ বিৰা ৰজা, ঘমোৰাৰ বিৰ্চা ৰজা, অদ্মাৰ চিনাব ৰজা, চবোয়ীমৰ চিমেবৰ ৰজা আৰু বিলা অৰ্থাৎ চোৱৰৰ ৰজাসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
[3] পাছৰ এই পাঁচজন ৰজা চিদ্দিম উপত্যকাত একত্রিত হ’ল। এই ঠাইখিনিক লোণসমুদ্ৰ বোলা হ’য়।
[4] এই ৰজাসকল বাৰ বছৰলৈকে ৰজা কদৰ্লায়োমৰ অধীনত আছিল, কিন্তু তেৰ বছৰত তেওঁলোকে বিদ্ৰোহ কৰিলে।
[5] তাৰ পাছত চৈধ্য বছৰত ৰজা কদৰ্লায়োমৰ আৰু তেওঁৰ সংগী ৰজাসকলে গৈ ৰফায়ীয়াসকলক অস্তৰোৎকৰ্ণয়িমত, জজীয়াসকলক হামত, এমীয়াসকলক চাবি-কিৰিয়াথয়িমত আহি আক্রমণ কৰিলে আৰু
[6] হোৰীয়াসকলক এল-পাৰণলৈকে তেওঁলোকৰ পাহাৰীয়া অঞ্চল চেয়ীত পৰাজয় কৰিলে। এল-পাৰণ মৰু-প্রান্তৰৰ কাষত অৱস্থিত।
[7] তাৰ পাছত এই ৰজাসকল ঘূৰি গৈ অয়িন-মিস্পাট অৰ্থাৎ কাদেচলৈ গ’ল। তেওঁলোকে অমালেকীয়াসকলৰ গোটেই দেশ জয় কৰি ল’লে আৰু হচচোন-তামৰত থকা ইমোৰীয়াসকলকো পৰাজয় কৰিলে।
[8] এই সকলো ঘটনাৰ পাছত চদোমৰ ৰজা, ঘমোৰাৰ ৰজা, অদ্মাৰ ৰজা, চবোয়ীমৰ ৰজা আৰু বিলাৰ ৰজা অৰ্থাৎ চোৱৰৰ ৰজা ওলাই গৈ যুদ্ধৰ কাৰণে যুগুত হ’ল।
[9] তেওঁলোকে এলমৰ ৰজা কদৰ্লায়োমৰ, গোয়ীমৰ ৰজা তিদিয়ল, চিনাৰ দেশৰ ৰজা অম্ৰাফল, ইল্লাচৰৰ ৰজা অৰিয়োকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। এই যুদ্ধ পাঁচ জন ৰজাৰ বিৰুদ্ধে চাৰিজন ৰজাৰ মাজত হৈছিল।
[10] চিদ্দিম উপত্যকাত আলকতৰাৰে পূর্ণ বহুতো গাত আছিল; যেতিয়া চদোম আৰু ঘমোৰাৰ ৰজা পলাই গৈছিল, তেতিয়া তেওঁলোক সেই গাতত পৰিল; আন অৱশিষ্ট লোকসকল পাহাৰলৈ পলাই গ’ল।
[11] শত্রুপক্ষই চদোম আৰু ঘমোৰাৰ সকলো ধন-সম্পত্তি আৰু বয়-বস্তু লুট কৰি লৈ গুচি গ’ল।
[12] তেওঁলোক যাওঁতে সকলো সম্পদেৰে সৈতে চদোমত বাস কৰা অব্ৰামৰ ভতিজা পুতেক লোটকো বন্দী কৰি লৈ গ’ল।
[13] তেতিয়া পলাই আহি ৰক্ষা পোৱা এজন পলাতকে ইব্ৰীয়া অব্ৰামক সেই খবৰ দিলে; সেই সময়ত অব্রাম ইষ্কোল আৰু আনেৰৰ ভায়েক ইমোৰীয়া মম্ৰিৰ ওক গছবোৰৰ ওচৰত বাস কৰিছিল আৰু তেওঁলোক অব্ৰামৰ মিত্ৰ আছিল।
[14] অব্ৰামে যেতিয়া শুনিলে যে তেওঁৰ আত্মীয়ক বন্দী কৰি লৈ গৈছে, তেতিয়া তেওঁ প্রশিক্ষণ প্রাপ্ত তেওঁৰ গৃহতেই জন্ম হোৱা তিনি শ ওঠৰ জন দাসক লৈ শত্রুবোৰৰ পাছে পাছে দানলৈকে খেদি গ’ল।
[15] পাছত ৰাতি তেওঁ নিজৰ লোকসকলক কিছুমান দলত বিভক্ত কৰি শত্রুবোৰক আঘাত কৰিলে আৰু দম্মেচকৰ উত্তৰে অৱস্থিত হোবা পর্যন্ত তেওঁলোকক খেদি পঠিয়ালে।
[16] তেওঁ সকলোবোৰ সম্পত্তি ঘূৰাই আনিলে; তেওঁৰ ভতিজা পুতেক লোটক তেওঁৰ বয়-বস্তুৰে সৈতে উদ্ধাৰ কৰিলে আৰু পুৰুষ-মহিলা সকলোকে ওভটাই আনিলে।
[17] কদৰ্লায়োমৰ আৰু তেওঁৰ সংগী ৰজাসকলক অব্রামে যেতিয়া হৰুৱাই উভতি আহিছিল, তেতিয়া চদোমৰ ৰজাই তেওঁৰ লগত সাক্ষাত হবলৈ চাবি উপত্যকালৈ অৰ্থাৎ ৰজাৰ উপত্যকালৈ ওলাই গ’ল।
[18] চালেমৰ ৰজা মল্কীচেদকে পিঠা আৰু দ্ৰাক্ষাৰস আনিলে; মল্কীচেদক সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল।
[19] তেওঁ অব্ৰামক আশীৰ্ব্বাদ কৰি ক’লে, “স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকর্তা সৰ্ব্বোপৰি ঈশ্বৰৰ দ্বাৰা অব্ৰাম আশীৰ্ব্বাদপ্ৰাপ্ত হওক;
[20] যিজনে আপোনাৰ শত্রুবোৰক আপোনাৰ হাতত সমৰ্পণ কৰিছে, সেই সৰ্ব্বোপৰি ঈশ্বৰৰ ধন্য হওক।” তেতিয়া অব্ৰামে সকলো বস্তুৰে দহ ভাগৰ এভাগ তেওঁক দিলে।
[21] পাছত চদোমৰ ৰজাই অব্ৰামক ক’লে, “আপুনি ধন-সম্পদবোৰ ৰাখি লোকসকলক মোক দিয়ক।”
[22] অব্ৰামে চদোমৰ ৰজাক ক’লে, “মই স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকর্তা সৰ্ব্বোপৰি ঈশ্বৰ যিহোৱাৰ নামেৰে হাত দাঙি শপত খাই কৈছোঁ যে,
[23] আপোনাৰ একো বস্তুৱেই, এনে কি এগছি সূতা কি জোতাৰ ফিটাও নলওঁ; যাতে আপুনি কেতিয়াও ক’ব নোৱাৰে ‘মইহে অব্ৰামক ধনৱান কৰিলোঁ’ বুলি।
[24] কেৱল মোৰ যুবকসকলে ইতিমধ্যে যি খালে, তাৰ বাহিৰে মই ইয়াৰ পৰা একো নিনিও; কিন্তু আনেৰ, ইষ্কোল আৰু মম্ৰি মোৰ লগত গৈছিল; তেওঁলোকক নিজৰ ভাগ ল’ব দিয়ক।”