[1] অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই সৰ্ব্বশক্তিমান ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
[2] মোৰ আৰু তোমাৰ মাজত মই মোৰ বিধি স্থাপন কৰিম আৰু মই তোমাৰ বংশক অতিশয় ৰূপে বৃদ্ধি কৰিম।”
[3] তেতিয়া অব্ৰামে উবুৰি খাই মাটিত মুখ থৈ প্রণিপাত কৰিলে আৰু ঈশ্বৰে তেওঁৰে সৈতে কথা ক’বলৈ ধৰিলে।
[4] তেওঁ ক’লে, “শুনা, তোমাৰ সৈতে স্থাপন কৰা মোৰ বিধি এই: তুমি এক বাহুল্য জাতিৰ আদিপিতৃ হ’বা।
[5] তোমাক অব্ৰাম বুলি পুনৰ কোৱা নহ’ব, কিন্তু এতিয়াৰ পৰা তোমাৰ নাম অব্ৰাহামহে হ’ব; কিয়নো মই তোমাক আদিপিতৃ হ’বলৈ নিৰূপণ কৰিলোঁ।
[6] মই তোমাৰ বংশ অতিশয়ৰূপে বৃদ্ধি কৰিম। তোমাৰ পৰা মই অনেক নতুন জাতিৰ সৃষ্টি কৰিম আৰু তোমাৰ পৰা ৰজাসকলৰো জন্ম হ’ব।
[7] এই বিধি মোৰ, তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ মাজত পুৰুষানুক্রমে স্থাপন কৰিলোঁ; ই এক চিৰকালৰ বিধি হ’ব। মই তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ লোকসকলৰ ঈশ্বৰ হ’বলৈ মোৰ বিধি স্থাপন কৰিলোঁ।
[8] যি কনান দেশত তুমি প্রবাসী হৈ বাস কৰিছা, মই তোমাক আৰু তোমাৰ ভাবী-বংশক এই সমুদায় দেশ সদাকালৰ অধিকাৰৰ অৰ্থে দিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।”
[9] পুনৰ ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমালোকৰ বাবে মোৰ এই বিধি পালন কৰিব লাগিব; তুমি আৰু তোমাৰ ভাবী-বংশই পুৰুষানুক্ৰেমে তাক পালন কৰিব লাগে।
[10] তোমালোকে মানিবলগীয়া এই বিধি হৈছে - তোমালোকৰ মাজৰ প্রত্যেক পুৰুষৰ চুন্নৎ হ’ব লাগিব; এই বিধি তোমাৰ আৰু তোমাৰ বংশৰ লোকসকলে মানি চলিব লাগিব।
[11] তোমালোকে নিজ নিজ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিবা আৰু সেয়ে মোৰে আৰু তোমালোকৰ মাজত স্থাপিত হোৱা নিয়মৰ চিন হ’ব।
[12] বংশানুক্রমে তোমালোকৰ প্রত্যেকজন পুত্ৰ-সন্তানৰ জন্মৰ আঠ দিনৰ দিনা এই চুন্নৎ হ’ব লাগিব; বংশৰ কোনো নহলেওঁ তোমালোকৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা কিনি লোৱা দাসবোৰৰো চুন্নৎ হ’ব লাগিব।
[13] তোমাৰ ঘৰত জন্ম হোৱা পুৰুষ আৰু তুমি কিনি লোৱা সকলো পুৰুষৰে চুন্নৎ হ’বই লাগিব; এইদৰে তোমালোকৰ শৰীৰত মোৰ বিধি চিৰকালৰ এক নিয়ম হ’ব।
[14] যি জন পুৰুষৰ লিঙ্গগ্ৰ-চৰ্ম্ম ছেদন কৰা নহয়, এনে চুন্নৎ নোহোৱা পুৰুষক নিজ জাতিৰ মাজৰ পৰা বহিস্কাৰ কৰা হ’ব; কাৰণ তেওঁ মোৰ বিধি অমান্য কৰিলে।”
[15] ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমাৰ ভাৰ্যা চাৰীক আৰু চাৰী বুলি নামাতিবা; কিন্তু তেওঁৰ নাম চাৰা [ৰাণী] হ’ব।
[16] মই তেওঁক আশীৰ্ব্বাদ কৰিম আৰু তেওঁৰ পৰা তোমাক এটি পুত্ৰও দিম; মই তেওঁক আশীৰ্ব্বাদ কৰিম যাতে তেওঁ অনেক জাতি আৰু তেওঁলোকৰ ৰজাসকলৰ আদিমাতৃ হ’ব।”
[17] এই কথা শুনি অব্ৰাহামে মাটিত উবুৰি হৈ পৰিল আৰু হাঁহি মাৰি মনতে ক’লে, “এশ বছৰীয়া বৃদ্ধই সন্তান পাবনে আৰু নব্বৈ বছৰীয়া চাৰাই জানো সন্তান প্ৰসৱ কৰিব পাৰে?”
[18] অব্ৰাহামে ঈশ্বৰক ক’লে, “ইশ্মায়েলেই যেন আপোনাৰ দৃষ্টিত জীয়াই থাকে, মোলৈ এয়ে সন্তোষজনক।”
[19] ঈশ্বৰে ক’লে, “নহয়, তোমাৰ ভাৰ্যা চাৰাই তোমালৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম ইচহাক [হাঁহি] ৰাখিবা; মই চিৰকালৰ এক বিধিৰূপে ইচহাক আৰু তেওঁৰ ভাবী-বংশৰ লোকসকলৰ সৈতে মোৰ বিধি স্থাপন কৰিম।
[20] ইশ্মায়েলৰ বিষয়ে হ’লে মই তোমাৰ কথা শুনিলোঁ; চোৱা, মই তেওঁক আশীৰ্ব্বাদ কৰিলোঁ; তেওঁকো মই বহুবংশ কৰিম আৰু তেওঁৰ সন্তান-সন্ততি অতিশয়ৰূপে বৃদ্ধি কৰিম; তেৱোঁ বাৰজন গোষ্ঠী-নেতাৰ পিতৃ হ’ব আৰু তেওঁৰ পৰা মই এক মহাজাতি উৎপন্ন কৰিম।
[21] কিন্তু মোৰ নিয়মটি হ’লে অহা বছৰ এই সময়তে চাৰাই তোমালৈ যি সন্তান প্ৰসৱ কৰিব, সেই ইচহাকৰ সৈতেহে স্থাপন কৰিম।”
[22] অব্ৰাহামৰ লগত কথা কৈ শেষ কৰাৰ পাছত ঈশ্বৰ তেওঁৰ ওচৰৰ পৰা ওপৰলৈ গুছি গ’ল।
[23] তাৰ পাছত ঈশ্বৰৰ কথা অনুসাৰে অব্ৰাহামে তেওঁৰ পুতেক ইশ্মায়েলক, তেওঁৰ ঘৰত জন্ম হোৱা আৰু কিনি লোৱা দাসবোৰক অৰ্থাৎ অব্ৰাহামৰ ঘৰত যিমান পুৰুষ আছিল, তেওঁ সেই দিনাই সকলোৰে লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিলে।
[24] অব্ৰাহামে যেতিয়া নিজৰ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিছিল, সেই সময়ত তেওঁৰ বয়স আছিল নিৰানব্বৈ বছৰ আৰু
[25] তেওঁৰ পুত্ৰ ইশ্মায়েলৰ বয়স আছিল তেৰ বছৰ।
[26] সেই একে দিনাই অব্ৰাহাম আৰু তেওঁৰ পুত্ৰ ইশ্মায়েল দুয়োৰে চুন্নৎ কৰা হ’ল।
[27] তেওঁৰ লগতে ঘৰৰ আন সকলো পুৰুষৰ অর্থাৎ তেওঁৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা যি সকলক কিনি লোৱা হৈছিল, সেই সকলো পুৰুষৰে চুন্নৎ কৰা হ’ল।