Skip to content
Opens in a new window
Listen to this chapter • 3:45

[1] তাৰ পাছত যিহোৱাই মোচিক ক’লে,

[2] “চোৱা, মই যিহূদা ফৈদৰ পৰা হূৰ, হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলক নাম কাঢ়ি মাতিলোঁ।

[3] মই বচলেলক মোৰ আত্মাৰে পৰিপূৰ্ণ কৰিম, তেওঁলৈ সকলো প্রকাৰ শিল্পকৰ্মৰ বাবে প্রজ্ঞা, বুদ্ধি, আৰু জ্ঞান দিম।

[4] সোণ, ৰূপ, আৰু পিতলত শিল্পিসুলভ নক্সাৰে কাম কৰিব।

[5] তেওঁ পাথৰ কটা, পাথৰ খটোৱা আৰু কাঠৰ কাম, এই সকলো প্রকাৰৰ শিল্পকৰ্ম কৰে।

[6] চোৱা, মই দান ফৈদৰ অহীচামকৰ পুত্ৰ অহলীয়াবক তেওঁৰ সহকাৰী নিযুক্ত কৰিলোঁ। সকলো জ্ঞানী লোকৰ হৃদয়ত দক্ষতাৰে পৰিপূৰ্ণ কৰিলোঁ; সেয়ে মই তোমাক যিবোৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিলোঁ, সেই সকলোবোৰ তেওঁলোকে নিৰ্মাণ কৰিব।

[7] সাক্ষাৎ কৰা তম্বু, সাক্ষ্য-ফলিৰ নিয়ম চন্দুক, আৰু নিয়ম চন্দুকৰ ওপৰত থকা পাপাবৰণ, আৰু তম্বুৰ সকলো আচবাবপত্র।

[8] মেজ আৰু তাৰ সামগ্রী, শুদ্ধ সোণৰ দীপাধাৰাৰ সৈতে তাৰ সকলো সামগ্রী, ধূপবেদী,

[9] হোমবেদিৰ সৈতে সকলো সামগ্রী, প্ৰক্ষালন-পাত্ৰৰ সৈতে তাৰ খুৰা।

[10] এই সকলো বোৱা বস্ত্রৰ লগত সংযুক্ত কৰা হৈছিল। পুৰোহিতৰ পৰিচৰ্যাৰ বাবে পুৰোহিত হাৰোণ আৰু তেওঁৰ পুত্ৰসকল বাবে এই সকলো পবিত্ৰ বস্ত্ৰ।

[11] অভিষেক তেল, আৰু পবিত্ৰ স্থানৰ বাবে মধুৰ সুগন্ধি ধূপ। মই যিদৰে তোমাক আজ্ঞা কৰিলোঁ, সেইদৰেই শিল্পকাৰ সকলে সকলো বস্তু তৈয়াৰ কৰিব।”

[12] যিহোৱাই মোচিক ক’লে,

[13] “তুমি ইস্ৰায়েলী লোকসকলক কোৱা, ‘তোমালোকে নিশ্চয় মোৰ বিশ্ৰাম-দিন পালন কৰিব লাগিব। ময়েই যে তোমালোকৰ যিহোৱা, ইয়াক যেন তোমালোকে বুজি পোৱা, সেই বাবে তোমালোকৰ পুৰুষানুক্ৰমে মোৰ আৰু তোমালোকৰ মাজত এয়ে এক চিন হ’ব।

[14] সেয়ে তোমালোকে বিশ্ৰাম-দিন পালন কৰিব লাগিব; কিয়নো তোমালোকৰ বাবে সেয়ে পবিত্ৰ দিন। যিজনে সেই দিন অপবিত্ৰ কৰিব, অৱশ্যেই তেওঁৰ প্ৰাণ দণ্ড হ’ব; কিয়নো যিকোনোৱে সেই দিনা কাম কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।

[15] ছয়দিন কাম কৰিব লাগিব, কিন্তু সপ্তম দিন সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ দিন; সেই বিশ্ৰাম দিনত যি কোনোৱে কাম কৰিব, তাৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।

[16] এই হেতুকে ইস্ৰায়েলী লোকসকলে চিৰস্থায়ী বিধিৰূপে পুৰুষানুক্ৰমে মানি চলিবলৈ এই বিশ্ৰাম দিন পালন কৰিবা।

[17] মোৰ আৰু ইস্ৰায়েলী লোকসকলৰ মাজত এয়ে চিৰস্থায়ী চিন হ’ব; কাৰণ যিহোৱাই ছয়দিনতে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰি সপ্তম দিনা বিশ্ৰাম কৰিবৰ বাবে বিশ্রাম লৈছিল’।”

[18] যিহোৱাই যেতিয়া চীনয় পৰ্ব্বতত মোচিৰ সৈতে কথা পাতি শেষ কৰিলে, তেতিয়া ঈশ্বৰে নিজৰ হাতেৰে লিখা সাক্ষ্য-ফলি দুখন মোচিক দিলে।

যাত্ৰা পুস্তক — Chapters