[1] বিন্যামীনৰ পাঁচ জন পুত্র, তেওঁৰ প্ৰথম পুত্র বেলা, তাৰ পাছত অচবেল, অহৰহ,
[2] নোহা, আৰু ৰাফা।
[3] বেলাৰ পুত্র অদ্দৰ, গেৰা, অবীহূদ,
[4] অবীচূৱা, নামন, অহোহ,
[5] গেৰা, চফুফন, আৰু হূৰম।
[6] এওঁলোক এহূদৰ বংশৰ লোক, এওঁলোক গেবাৰ গোষ্ঠীৰ মূৰব্বী আছিল, মানহতলৈ যাবলৈ বাধ্য কৰা লোক এওঁলোক:
[7] নামন, অহিয়া, আৰু গেৰা। তেওঁলোকৰ যাত্ৰাত গেৰাই নেতৃত্ব দিছিল। গেৰাৰ পুত্র উজ্জা আৰু অহীহূদ।
[8] চহৰয়িমে তেওঁৰ ভাৰ্যা হূচীম আৰু বাৰাক ত্যাগ কৰাৰ পাছত, চহৰয়িম মোৱাব দেশত তেওঁৰ সন্তান সকলৰ পিতৃ হ’ল।
[9] তেওঁৰ ভাৰ্যা হোদচৰ পৰা জন্ম হোৱা পুত্র যোবব, চিবিয়া মেচা, আৰু মল্কমৰ তেওঁ পিতৃ হ’ল।
[10] যিয়ূচ, চবিয়া, আৰু মিৰ্মা। এওঁলোক তেওঁৰ পুত্র আছিল আৰু তেওঁলোকৰ গোষ্ঠীৰ নেতা আছিল।
[11] ইতিমধ্যে তেওঁ হূচীমে জন্ম দিয়া পুত্র অবীটুব আৰু ইল্পালৰ পিতৃ হ’ল।
[12] ইল্পালৰ পুত্র এৰব, মিচয়ম, আৰু চেমদ, তেৱেঁই ওনো আৰু চাৰিওফালৰ গাৱেঁ সৈতে লোদৰ নিৰ্ম্মাণ কৰিছিল,
[13] তাত বৰীয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালোন নিবাসী গোষ্ঠীৰ প্রধান লোক, যি জনে গাত নিবাসীসকলক বাহিৰ কৰি দিছিল।
[14] এওঁলোক বৰীয়াৰ পুত্র: অহিয়ো, চাচক, যিৰেমোৎ,
[15] জবদিয়া অৰদ, এদৰ,
[16] মীখায়েল, যিস্পা, আৰু যোহা,
[17] এওঁলোক ইল্পালৰ পুত্র: জবদিয়া, মচুল্লম, হিস্কী, হেবৰ, যিচমৰয়, যিজলিয়া, আৰু যোবব,
[19] এওঁলোক চিমিয়ীৰ পুত্র: যাকীম, জিখ্ৰী, জব্দী, ইলীঐনয়, চিল্লথয়, ইলীয়েল, অদায়া, বৰায়া, আৰু চিম্ৰৎ।
[22] এওঁলোক চাচকৰ পুত্র: যিস্পন, এৰব, ইলীয়েল, অব্দোল, জিখ্ৰী, হানন, হননিয়া, এলম, অন্তোথিয়া, যিফদিয়া আৰু পনূৱেল,
[26] এওঁলোক যিৰোহমৰ পুত্র: চমচৰয়, চহৰিয়া, অথলিয়া, যৰেচিয়া, এলিয়া, আৰু জিখ্ৰী,
[28] এওঁলোক যিৰূচালেমত বাস কৰা লোকসকলৰ বংশৰ প্রধান লোক আৰু নেতা আছিল।
[29] গিবিয়োনৰ পিতৃ যিয়ীয়েল গিবিয়োনত বাস কৰিছিল; তেওঁৰ ভাৰ্য্যাৰ নাম মাখা আছিল।
[30] তেওঁৰ প্ৰথমে জন্মা পুত্র আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নাদব,
[31] গদোৰ, অহিয়ো, আৰু জেখৰ।
[32] আন এজন যিজীয়েলৰ পুত্র মিক্লোত, মিক্লোতৰ পুত্র চিমিয়া। তেওঁলোকে নিজৰ সম্বন্ধীয় সকলৰ ওচৰতে যিৰূচালেমত বাস কৰিছিল।
[33] নেৰৰ পুত্র কীচ আছিল। কিচৰ পুত্র চৌল আছিল। চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব, আৰু ইচবাল।
[34] যোনাথনৰ পুত্র মৰীব-বাল। মৰীব-বালৰ পুত্র মীখা আছিল।
[35] মীখাৰ পুত্র পীথোন, মেলক, তৰেয়া, আৰু আহজ।
[36] আহজৰ পুত্র যিহোৱদ্দা। যিহোৱদ্দাৰ পুত্র আলোমোৎ, অজমাবৎ, আৰু যিম্ৰী। যিম্ৰীৰ পুত্র মোচা।
[37] মোচাৰ পুত্র বিনিয়া। বিনিয়াৰ পুত্র ৰাফা। ৰাফাৰ পুত্র ইলিয়াচা। ইলিয়াচাৰ পুত্র আচেল।
[38] আচেলৰ ছয় জন পুত্র আছিল: অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন। এওঁলোক সকলো আচেলৰ সন্তান।
[39] আচেলৰ ভায়েক এচেকৰ প্রথম পুত্র উলম, দ্বিতীয় যিয়ুচ, আৰু তৃতীয় ইলীফেলট।
[40] উলমৰ পুত্রসকল যুদ্ধাৰু আৰু ধনুৰ্দ্ধৰ আছিল। তেওঁলোকৰ বহুতো পুত্র আৰু নাতি ল’ৰা আছিল, সৰ্বমুঠ এশ পঞ্চাশ জন। এই সকলো লোকেই বিন্যামীনৰ বংশৰ আছিল।