[1] আদম, চেথ, ইনোচ,
[2] কৈনন, মহললেল, যেৰদ,
[3] হনোক, মথুচেলহ, লেমক,
[4] নোহ, চেম, হাম, আৰু যেফৎ।
[5] যেফতৰ পুত্ৰ গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক, আৰু তীৰচ।
[6] গোমৰ পুত্ৰ অস্কিনজ, দীফত, আৰু তোগৰ্মা।
[7] যাবনৰ পুত্ৰ ইলীচা, তৰ্চীচ, কিত্তীম, আৰু দদানীম।
[8] হামৰ পুত্ৰ কুচ, মিচৰ, পূট, আৰু কনান।
[9] কুচৰ পুত্ৰ চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা। ৰয়মাৰ পুত্ৰ চিবা আৰু দদান।
[10] কুচৰ পুত্ৰ নিম্রোদ; যি জন পৃথিৱীৰ প্রথম জয়কাৰী লোক আছিল।
[11] লুদীয়া, অনামীয়া, লহাবীয়া, আৰু নপ্তুহীয়াৰ পূৰ্বপুৰুষ আছিল মিচৰীয়া,
[12] পথ্ৰোচীয়াসকল আৰু কচলুহীয়াসকল (এওঁলোকৰ পৰা পলেষ্টীয়াসকল আহিল), আৰু কপ্তোৰীয়াসকল।
[13] কনানৰ জেষ্ঠ পুত্ৰ চীদোন, চীদোনৰ পাছত হেৎ;
[14] তেওঁ যিবুচীয়া, ইমোৰীয়া, গিৰ্গাচীয়া,
[15] হিব্বীয়া, অৰ্কীয়া, চীনীয়া,
[16] অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলৰ পূৰ্বপুৰুষ আছিল।
[17] চেমৰ পুত্ৰসকল এলম, অচুৰ অৰ্ফকচদ, লুদ, অৰাম, উচ, হুল, গেথৰ, আৰু মেচেক।
[18] অৰ্ফকচদৰ পুত্ৰ চেলহ; আৰু চেলহৰ পুত্ৰ এবৰ।
[19] এবৰৰ দুজন পুত্ৰ আছিল, এজনৰ নাম পেলগ, কিয়নো তেওঁৰ সময়তেই পৃথিৱী বিভক্ত হৈছিল, আৰু তেওঁৰ ভায়েকৰ নাম যক্তন আছিল।
[20] অলমোদদ, চেলফ, হচমাবৎ, যেৰহ,
[21] হদোৰাম, উজল, দিক্লা,
[22] এবল, অবীমায়েল, চিবা,
[23] ওফীৰ, হবীলা, আৰু যোবব; এওঁলোক যক্তনৰ পুত্ৰ আছিল।
[24] চেম, অৰ্ফকচদ, চেলহ,
[25] এবৰ, পেলগ, ৰিয়ু
[26] চৰূগ, নাহোৰ, তেৰহ,
[27] অব্ৰাম, এই জনেই অব্ৰাহাম আছিল।
[28] ইচহাক আৰু ইশ্মায়েল অব্ৰাহামৰ পুত্র আছিল।
[29] তেওঁলোকৰ বংশৱলি এই, ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োতৰ পাছত কেদৰ, অদবেল, মিবচম,
[30] মিস্মা, দুমা, মচ্ছা, হদদ, তেমা,
[31] যটূৰ, নাফীচ, কেদ্মা; এই সকল ইশ্মায়েলৰ সন্তান।
[32] অব্ৰাহামৰ উপপত্নী কটুৰাৰ সন্তান সকল হ’ল জিম্ৰণ, যকচন, মদান, মিদিয়ন, যিচবক, আৰু চুহ। যক্সনৰ সন্তান চিবা আৰু দদান।
[33] মিদিয়নৰ সন্তান ঐফা, এৰফ, হনোক, অবীদা, আৰু ইলদায়া; এই সকল কটুৰাৰ বংশধৰ।
[34] অব্ৰাহামৰ পুত্ৰ ইচহাক। ইচহাকৰ পুত্ৰ এচৌ আৰু ইস্ৰায়েল।
[35] ইলীফজ, ৰূৱেল, যিয়ুচ, যালম, আৰু কোৰহ এচৌৰ সন্তান আছিল।
[36] তৈমন, ওমাৰ, চফী, গয়িতম, কনজ, তিম্না, আৰু অমালেক ইলীফজৰ সন্তান আছিল।
[37] ৰূৱেলৰ সন্তান নহৎ, জেৰহ, চম্মা, আৰু মিজ্জা।
[38] চেয়ীৰৰ সন্তান লোটন, চোবল, চিবিয়োন, অনা, দিচোন, এচৰ আৰু দীচন।
[39] লোটনৰ সন্তান হোৰী হোমম; আৰু লোটনৰ ভনীয়েক আছিল তিম্না।
[40] চোবলৰ সন্তান অলিয়ন, মানহৎ, এবল, চফি, আৰু ওনম। আৰু চিবিয়োনৰ সন্তান অয়া আৰু অনা।
[41] অনাৰ পুত্ৰ দীচন। দীচনৰ পুত্ৰ হিম্ৰন, ইচবন, যিত্ৰন, আৰু কৰান।
[42] এচৰৰ সন্তান বিলহন, জাবন, আৰু যাকন। দীচনৰ পুত্ৰ উচ, আৰু অৰান।
[43] ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে, ইদোম দেশত ৰাজত্ব কৰা ৰজা এইসকল; বিয়োৰ পুত্ৰ বিলা; তেওঁৰ নগৰৰ নাম দিনহাবা আছিল।
[44] বিলাৰ মৃত্যু হোৱাৰ পাছত, তেওঁৰ ঠাইত যোববে ৰাজত্ব কৰিছিল। তেওঁ বজ্ৰাৰ জেৰহৰ পুত্ৰ আছিল।
[45] যোববৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তৈমন দেশীয় হূচমে তেওঁৰ ঠাইত ৰাজত্ব কৰিছিল।
[46] আৰু হূচমৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত মোৱাব দেশত মিদিয়নক পৰাজিত কৰা বদদৰ পুত্ৰ হদদে ৰাজত্ব কৰিছিল, তেওঁৰ নগৰৰ নাম আছিল অবীৎ।
[47] আৰু হদদৰ মৃত্যু হোৱা পাছত তেওঁৰ ঠাইত মস্ৰেকাৰ চম্নাই ৰাজত্ব কৰিছিল।
[48] চম্নাৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তেওঁৰ সলনি ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল।
[49] চৌলৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল।
[50] যেতিয়া অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু হ’ল তেতিয়া তেওঁৰ ঠাইত হদদে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল পায়ী। তেওঁৰ ভাৰ্য্যাৰ নাম মহেটবেল তেওঁ মে-জাহবৰ নাতিনিয়েক মট্ৰেদৰ জীয়েক আছিল।
[51] হদদ মৃত্যু হ’ল। ইদোমৰ ফৈদৰ মুৰব্বী সকলৰ নাম; তিম্না, অলিয়া, যিথেৎ,
[52] অহলীবামা, এলা, পীনোন,
[53] কনজ, তৈমন, মিবচৰ,
[54] মগ্দীয়েল, আৰু ঈৰম। এওঁলোক ইদোমৰ ফৈদৰ মুৰব্বী আছিল।