Skip to content
Opens in a new window
Listen to this chapter • 3:55

[1] হিব্ৰোণত জন্ম হোৱা দায়ূদৰ সন্তান সকলৰ নাম: তেওঁৰ প্ৰথম পুত্র অম্নোন, তেওঁ যিজ্ৰিয়েলীয়া অহীনোৱমৰ পুত্র; দ্বিতীয় দানিয়েল, তেওঁ কৰ্মিলীয়া অবীগলৰ পুত্র;

[2] তৃতীয় অবচালোম, তেওঁ গচুৰৰ তল্ময় ৰজাৰ জীয়েক মাখাৰ পুত্র; চতুৰ্থ অদোনীয়া, তেওঁ হগ্গীতৰ পুত্র;

[3] পঞ্চম চফটিয়া, তেওঁ অবীটলৰ পুত্র; ষষ্ঠ যিত্ৰিয়ম, তেওঁৰ ভাৰ্যা ইগ্লাৰ পুত্র;

[4] দায়ূদৰ এই ছয়জন পুত্র হিব্ৰোণত জন্ম হৈছিল; এই ঠাইত তেওঁ সাত বছৰ ছমাহ ৰাজত্ব কৰিছিল। তাৰ পাছত তেওঁ যিৰূচালেমত তেত্ৰিশ বছৰ ৰাজত্ব কৰিছিল।

[5] যিৰূচালেমত অম্মীয়েলৰ জীয়েক বৎ-চূৱাৰ পৰা জন্মা তেওঁৰ চাৰি জন পুত্রৰ নাম: চিমিয়া, চোবব, নাথন, আৰু চলোমন।

[6] দায়ূদৰ আন আৰু ন জন পুত্রৰ নাম যিভৰ, ইলীচামা, ইলীফেলট,

[7] নোগহ, নেফগ, যাফীয়া,

[8] ইলীচামা, ইলিয়াদা, আৰু ইলীফেলট,

[9] উপপত্নীসকলৰ পৰা হোৱা সন্তান সকলক বাদ দি এইসকলো দায়ূদৰ সন্তান; তামাৰ তেওঁলোকৰ ভনীয়েক আছিল।

[10] চলোমনৰ পুত্র ৰহবিয়াম। ৰহবিয়ামৰ পুত্র অবিয়া। অবিয়াৰ পুত্র আচা। আচাৰ পুত্র যিহোচাফট;

[11] যিহোচাফটৰ পুত্র যোৰাম; যোৰামৰ পুত্র অহজিয়া; অহজিয়াৰ পুত্র যোৱাচ;

[12] যোৱাচৰ পুত্র অমচিয়া; অমচিয়াৰ পুত্র অজৰিয়া; অজৰিয়াৰ পুত্র যোথম; যোথমৰ পুত্র আহজ;

[13] আহজৰ পুত্র হিষ্কিয়া; হিষ্কিয়াৰ পুত্র মনচি;

[14] মনচিৰ পুত্র আমোন; আমোনৰ পুত্র যোচিয়া।

[15] যোচিয়াৰ প্ৰথম পুত্র যোহানন, দ্বিতীয় যিহোয়াকীম, তৃতীয় চিদিকিয়া, আৰু চতুৰ্থ চল্লুম।

[16] যিহোয়াকীমৰ পুত্র যকনিয়া, শেষৰ জন ৰজা আছিল চিদিকিয়া।

[17] বন্দী কৰি নিয়া যকনিয়াৰ পুত্রসকল, চল্টীয়েল,

[18] মল্কিৰাম, পদায়া, চিনচৰ, যকমিয়া, হোচামা, আৰু নদবিয়া।

[19] পদায়াৰ পুত্র জৰুব্বাবিল আৰু চিমিয়ী; জৰুব্বাবিলৰ পুত্র মচূল্লম আৰু হননিয়া; আৰু চলোমীৎ তেওঁলোকৰ ভনীয়েক আছিল।

[20] তেওঁৰ আন পাঁচ জন পুত্র হ’ল হচূবা, ওহেল, বেৰেখিয়া, হচদিয়া আৰু যুচবহচেদ।

[21] হননিয়াৰ বংশধৰ সকল পলটিয়া, যিচয়া আৰু ৰফায়াৰ সন্তান সকল হ’ল অৰ্ণনৰ, ওবদিয়াৰ, আৰু চখনিয়া।

[22] চখনিয়াৰ পুত্র চমৰিয়া। আৰু চমৰিয়াৰ ছয় জন পুত্র হ’ল হটূচ, যিগাল, বাৰীহ, নিয়ৰিয়া, আৰু চাফট।

[23] নিয়ৰিয়াৰ তিনি জন পুত্র হ’ল ইলীয়োঐনয়, হিষ্কিয়া, আৰু অজ্ৰীকাম।

[24] ইলীয়োঐনয়ৰ সাত জন পুত্র হ’ল হোদবিয়া, ইলিয়াচীব, পলায়া, অক্কুব, যোহানন, দলায়া, আৰু অনানী।

1 বংশাৱলি — Chapters