[1] হে যিহোৱা, আমালৈ যি ঘটিল, তাক সোঁৱৰণ কৰা। দৃষ্টি কৰা আৰু আমাৰ অপমান চোৱা।
[2] আমাৰ আধিপত্য বিদেশীসকলৰ হাতলৈ গ’ল; আমাৰ ঘৰবোৰ বিজাতীয়সকলৰ অধিকাৰলৈ গ’ল।
[3] আমি অনাথ আৰু পিতৃহীন হলোঁ, আমাৰ মাতৃসকল বিধৱা যেন হ’ল।
[4] আমাৰ পানী আমি ধন দি পান কৰোঁ আৰু আমাৰ খৰি আমি দাম দি কিনো।
[5] আমাৰ তাড়নাকাৰীবোৰে আমাৰ ডিঙিত যুৱলি লগাইছে। আমি শ্ৰান্ত হলোঁ আৰু অলপো বিশ্ৰাম নাপাওঁ।
[6] আমি মিচৰীয়াহঁতৰ ফালে হাত মেলিলো, আৰু আহাৰেৰে তৃপ্ত হ’বৰ বাবে অচূৰীয়াহঁতলৈ হাতযোৰ কৰিলোঁ।
[7] আমাৰ পূৰ্বপুৰুষসকলে পাপ কৰিলে, আৰু তেওঁলোক এতিয়া নাই, আমি তেওঁলোকৰ অপৰাধৰ ভাৰ বৈছোঁ।
[8] আমাৰ ওপৰত বন্দীবোৰে শাসন কৰে, তেওঁলোকৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰোঁতা কোনোৱেই নাই।
[9] আমাৰ প্ৰাণৰ সংশয়েৰেহে আমি আমাৰ আহাৰ আনো, অৰণ্যৰ তৰোৱালৰ কাৰণে,
[10] দুৰ্ভিক্ষৰ জ্বলন্ত তাপৰ কাৰণে; আমাৰ ছাল তন্দুৰৰ নিচিনাকৈ জ্বলে।
[11] শত্ৰুবোৰে চিয়োনত মহিলাসকলক বলাৎকাৰ কৰিলে, সিহঁতে যিহূদা নগৰবোৰত কুমাৰীসকলক ভ্ৰষ্টা কৰিলে।
[12] প্ৰধান লোকসকলক হাতত ডোল লগাই ওলোমাই দিয়া হ’ল, বৃদ্ধাসকলৰ মুখক আদৰ কৰা নহ’ল।
[13] ডেকাসকলে জাঁত-শিল বলে, আমাৰ লৰাসকলে খৰিৰ ভৰত উজুটি খালে।
[14] বৃদ্ধসকলে ঘৰ-দুৱাৰ ত্যাগ কৰিলে, ডেকাসকলে গানবাদ্য এৰিলে।
[15] আমাৰ মনৰ উল্লাস গ’ল; আমাৰ নাচবাগ গুচি শোক হ’ল।
[16] আমাৰ মুৰৰ পৰা মুকুটটি খহি পৰিল! আমাৰ সন্তাপ হ’ল! কিয়নো আমি পাপ কৰিলোঁ!
[17] এই কাৰণে আমাৰ অন্তৰ পীড়িত হ’ল, এইবোৰৰ বাবে আমাৰ চকু দুৰ্ব্বল হ’ল,
[18] কিয়নো চিয়োন পৰ্ব্বতক ধংস কৰা হ’ল, তাৰ ওপৰত শিয়ালবোৰ ফুৰে।
[19] হে যিহোৱা, তুমি চিৰকাললৈকে আছা, তোমাৰ সিংহাসন পুৰুষানুক্ৰমে আছে।
[20] তুমি চিৰকাললৈকে আমাক কিয় পাহৰিলা? আৰু ইমান কাল আমাক কিয় ত্যাগ কৰিবা?
[21] হে যিহোৱা, তোমালৈ আমাক উভতাই আনা, তেতিয়াহে আমি অনুতপ্ত হ’ম; আগৰ কালৰ নিচিনা আমাৰ দিন পুনৰায় কৰা,
[22] যদিহে তুমি আমাক সম্পূৰ্ণকৈ ত্যাগ কৰা নাই, আৰু আমাৰ অহিতে অতিশয় ক্ৰুদ্ধ হোৱা নাই!