Skip to content
Opens in a new window
Listen to this chapter • 8:08

[1] যিহোৱাৰ ক্ৰোধৰ দণ্ডৰ দ্বাৰাই দুখ ভোগ কৰা পুৰুষজন ময়েই।

[2] তেওঁ মোক খেদি পঠিয়ালে আৰু মোক পোহৰত নহয়, কিন্তু অন্ধকাৰৰ পথতহে গমন কৰালে।

[3] নিশ্চয়কৈ তেওঁ মোক বিমুখ কৰিলে; ওৰে দিনটো তেওঁ মোৰ অহিতে নিজ হাত চলায়।

[4] তেওঁ মোৰ মাংস আৰু ছাল জীৰ্ণ কৰিলে; তেওঁ মোৰ হাড়বোৰ ভাঙিলে।

[5] তেওঁ মোৰ অহিতে চাৰিওফালে তিক্ততা আৰু শ্ৰান্তিৰূপ গড়েৰে অৱৰোধ কৰিলে।

[6] বহু সময় ধৰি মৃত্যু হোৱা মানুহৰ দৰে, তেওঁ মোক অন্ধকাৰ ঠাইবোৰত বাস কৰালে।

[7] মই ওলাই যাব নোৱাৰাকৈ তেওঁ মোৰ চাৰিওফালে বেৰা দিলে। তেওঁ মোৰ শিকলি গধূৰ কৰিলে।

[8] যদিও মই সহায়ৰ বাবে চিঞৰি কাতৰোক্তি কৰিছোঁ, তথাপি তেওঁ মোৰ প্ৰাৰ্থনালৈ কাণ নিদিয়ে।

[9] তেওঁ মোৰ পথবোৰ কটা শিলেৰে বন্ধ কৰিলে; মই লোৱা প্রতিটো বাটেই বেঁকা।

[10] মোৰ পক্ষে তেওঁ খাপ দি থকা ভালুক, গুপুত ঠাইত থকা সিংহৰ দৰে।

[11] তেওঁ মোৰ বাট আওবাট কৰিলে। তেওঁ মোক চকুলোৰে পৃথক কৰিলে, আৰু মোক অনাথ কৰিলে।

[12] তেওঁ নিজৰ ধনু ভিৰাই ল’লে আৰু মোলৈ লক্ষ্য কৰি কাঁড় মাৰিলে।

[13] তেওঁ নিজৰ তূণৰ বাণ মোৰ মৰ্ম্মস্থানত সুমুৱালে।

[14] মই মোৰ লোকসকলৰ হাহি উদ্ৰেক কৰা ব্যক্তি হৈ পৰিলোঁ, দিনে দিনে তেওঁলোকৰ বিদ্রূপাত্মক গানৰ বিষয় হৈছোঁ।

[15] তেওঁ মোক তিতাৰে পূৰ কৰিলে আৰু মোক অধিককৈ নাগদানা খুৱালে।

[16] খোৱা বস্তুত মিহলি হোৱা শিল গুটিৰে তেওঁ মোৰ দাঁতো ভাঙিলে; তেওঁ মোক ছাঁইলৈ ঠেলি পঠিয়ালে।

[17] তুমি মোৰ জীৱনৰ পৰা শান্তি আঁতৰ কৰিলা; মই মঙ্গল পাহৰিলোঁ।

[18] গতিকে মই ক’লো, “মোৰ জাকজমকতা শেষ হৈ গ’ল, সেয়ে মোৰ আশা অৱশ্যেই যিহোৱাৰ পৰা আহিব!”

[19] মোৰ দুখ আৰু তাড়না সোঁৱৰণ কৰোঁতে, মই নাগদানা আৰু বিহ সোঁৱৰণ কৰোঁ।

[20] মোৰ প্ৰাণৰ সোঁৱৰণত সেইবোৰ এতিয়াও আছে আৰু মোৰ প্ৰাণ মোৰ অন্তৰত নত হৈছে।

[21] কিন্তু মোৰ মনত ইয়াক পুনৰায় সোঁৱৰণ কৰোঁ, এই হেতুকে মোৰ আশা আছে।

[22] আমি যে সম্পূৰ্ণ শেষ নহলোঁ, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য নিয়ম; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই!

[23] তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ!

[24] মোৰ প্ৰাণে কয়, “যিহোৱায়েই মোৰ অংশ,” এই হেতুকে মই তেওঁত ভাৰসা কৰিম।

[25] যিহোৱালৈ অপেক্ষা কৰোঁতা সকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মঙ্গলময়।

[26] যিহোৱাৰ পৰিত্ৰাণলৈ আশা কৰি নীৰৱে বাট চাই থকাই ভাল।

[27] যৌৱন-কালত যুৱলি বোৱাই মানুহৰ পক্ষে মঙ্গলময়।

[28] তেওঁ তাৰ ওপৰত যুৱলি দিয়াৰ কাৰণে সি অকলেই বহি থাকক আৰু নিজম দি থাকক।

[29] সি নিজৰ মুখ ধূলিত ৰাখক; কিজানি আশা হ’ব পাৰে।

[30] সি তাৰ প্ৰহাৰ কৰা জনলৈ গাল পাতি দিয়ক, সি নিন্দাৰে পৰিপূৰ্ণ হওঁক,

[31] যাতে প্ৰভুৱে চিৰকাললৈকে তাক ত্যাগ নকৰিব!

[32] যদিও তেওঁ কষ্ট দিয়ে, তথাপি তেওঁৰ অধিক দয়া অনুসাৰে কৃপা কৰিব।

[33] কিয়নো তেওঁ নিজ ইচ্ছাৰে কষ্ট নিদিয়ে, বা মানুহৰ সন্তান সকলক বেজাৰ নিদিয়ে।

[34] পৃথিৱীৰ আটাই বন্দীবোৰক ভৰিৰ তলত গুড়ি কৰা,

[35] সৰ্ব্বোপৰি জনাৰ আগত মানুহৰ স্বত্ব গুচুউৱা,

[36] আৰু মানুহৰ গোচৰত তাক অন্যায় কৰা - যিহোৱাই জনো সেইবোৰৰ বিষয়ে নেদেখে?

[37] প্ৰভুৱে আজ্ঞা নকৰাকৈ, কোন ব্যক্তিয়ে কোৱা বাক্য সিদ্ধ হয়?

[38] সৰ্ব্বোপৰি জনাৰ মুখৰ পৰা মঙ্গল আৰু অমঙ্গল নোলায়?

[39] জীৱিত মানুহে কিয় আপত্তি কৰে? মানুহে নিজ পাপৰ দণ্ডৰ বাবে কিয় আপত্তি কৰে?

[40] আহাঁ, আমি বিচাৰ কৰি আমাৰ নিজ পথবোৰ পৰীক্ষা কৰোঁহক আৰু পুনৰায় যিহোৱালৈ ঘূৰোহঁক।

[41] স্বৰ্গনিবাসী ঈশ্বৰলৈ আমাৰ হৃদয় আৰু হাত তুলি প্রাৰ্থনা কৰোঁহক।

[42] “আমি অপৰাধ আৰু বিদ্ৰোহ কৰিলোঁ, সেয়ে তুমিও আমাক ক্ষমা নকৰিলা।

[43] তুমি নিজকে ক্ৰোধেৰে ঢাকিলা আৰু আমাক পাছে পাছে খেদিলা। তুমি আমাক হত্যা কৰিলা, আৰু আমাক তুমি দয়া নকৰিলা।

[44] তুমি নিজকে মেঘে সৈতে ঢাকিলা, সেয়ে কোনো প্ৰাৰ্থনাই ভেদ কৰিব নোৱাৰিলে।

[45] তুমি আমাক লোক সমূহৰ মাজত পৰিত্যক্ত আৰু অস্বীকাৰ কৰিলা।

[46] আমাৰ আটাই শত্ৰুৱে আমাৰ অহিতে মুখ বহলকৈ মেলি ঠাট্টা কৰিলে।

[47] সেই গাতৰ ভয়, নিৰ্জনতা আৰু নিষ্পেষণ, আমালৈ একেলগে আহিছে।”

[48] মোৰ জাতিস্বৰূপা জীয়াৰীৰ নিষ্পেষণৰ কাৰণে, মোৰ চকুৰ পৰা পানীৰ সোঁত বৈছে।

[49] মোৰ চকুৰ পানী নিগৰে, আৰু ই ক্ষান্ত নহয় আৰু শেষ নোহোৱাকৈ নিগৰে;

[50] যেতিয়ালৈকে যিহোৱাই স্বৰ্গৰ পৰা তললৈ চাই দৃষ্টি নকৰে।

[51] মোৰ নগৰৰ আটাই জীয়াৰীৰ কাৰণে মোৰ চকুৱে মোৰ প্ৰাণক দুখ দিছে।

[52] শত্ৰুবোৰে বিনাকাৰণত পক্ষী চিকাৰ কৰাৰ দৰে, মোক নিৰ্দয়ভাবে চিকাৰ কৰিলে।

[53] তেওঁলোকে অন্ধকূপত মোৰ প্ৰাণ সংহাৰ কৰিলে আৰু মোৰ ওপৰত এটা শিল ৰাখি হ’ল।

[54] মোৰ মূৰৰ ওপৰেদি পানী বৈ গ’ল; মই কলোঁ যে, “মই উচ্ছন্ন হলোঁ!”

[55] হে যিহোৱা, মই দ অন্ধকূপৰ পৰা তোমাৰ নাম ললোঁ।

[56] যেতিয়া মই ক’লো, “সহায় পাবলৈ কৰা মোৰ কাতৰোক্তিলৈ তুমি কাণত সোপা নিদিবা।” তেতিয়া তুমি মোৰ ধ্বনি শুনিলা।

[57] তোমাৰ নাম লোৱা দিনত, তুমি ওচৰ চাপি আহি ক’লা, “ভয় নকৰিবা!”

[58] হে প্ৰভু, তুমি মোৰ প্ৰাণৰ অভিযোগ প্ৰতিবাদ কৰিলা; তুমি মোৰ জীৱন মুক্ত কৰিলা।

[59] হে যিহোৱা, তেওঁলোকে মোলৈ কৰা অন্যায় তুমি দেখিছা; মোৰ গোচৰ বিচাৰ কৰা।

[60] তেওঁলোকৰ আটাই প্ৰতিকাৰৰ কাৰ্য আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলচ তুমি দেখিলা।

[61] হে যিহোৱা, তেওঁলোকৰ ধিক্কাৰ আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলোচনা তুমি শুনিলা।

[62] তুমি মোৰ অহিতে উঠাবোৰৰ ওঁঠৰ বাক্য আৰু গোটেই দিন মোৰ বিৰুদ্ধে কৰা তেওঁলোকৰ কল্পনা শুনিলা।

[63] তুমি তেওঁলোকৰ বহা আৰু উঠা দেখা; মই তেওঁলোকৰ ঠাট্টাৰ গানৰ বিষয়।

[64] হে যিহোৱা, তেওঁলোকৰ হাতৰ কাৰ্য অনুসাৰে তুমি তেওঁলোকক প্ৰতিফল দিয়া।

[65] তুমি তেওঁলোকক মনৰ জঠৰতা প্ৰদান কৰা; তোমাৰ শাও তেওঁলোকৰ ওপৰত পৰক।

[66] তুমি ক্ৰোধত তেওঁলোকৰ পাছে পাছে খেদি যোৱা আৰু যিহোৱাৰ আকাশ-মণ্ডলৰ তলৰ পৰা তেওঁলোকক উচ্ছন্ন কৰা।

বিলাপ — Chapters