Skip to content
Opens in a new window
Listen to this chapter • 4:27

[1] “তোমালোকৰ হৃদয় ব্যাকুল নহওক৷ ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা।

[2] মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে; আৰু নথকা হ’লে তোমালোকক ক’লোহেঁতেন; কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ।

[3] যদি মই যাওঁ আৰু তোমালোকলৈ ঠাই যুগুত কৰোঁ, তেনেহলে মই যি ঠাইত থাকোঁ, তোমালোকো সেই ঠাইতে থাকিবলৈ পাবা, এই কাৰণে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম।

[4] মই যি ঠাইলৈ যাওঁ, তোমালোকে তাৰ বাট জানা।”

[5] থোমাই যীচুক ক’লে, “হে প্ৰভু, আপুনি ক’লৈ যায়, তাকেই আমি নাজানো; তেনেহলে বাট নো আমি কেনেকৈ জানিম?”

[6] যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।

[7] তোমালোকে মোক জনা হ’লে, মোৰ পিতৃকো জানিলাহেঁতেন; এতিয়াৰ পৰা তোমালোকে তেওঁক জানিছা আৰু দেখিছাও।”

[8] ফিলিপে যীচুক ক’লে, “হে প্ৰভু, পিতৃক আমাক দেখুৱাওঁক, সেয়ে আমালৈ যথেষ্ট হ’ব”।

[9] যীচুৱে ক’লে, “হে ফিলিপ, তোমালোকৰ সৈতে ইমান দিন থকাতো তুমি মোক চিনি পোৱা নাই নে? যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে; ইয়াৰ পাছতো পিতৃক দেখুৱাওঁক বুলি কেনেকৈ কব পাৰিলা?”

[10] “মই যে পিতৃত আছোঁ আৰু পিতৃও যে মোৰ লগত আছে, ইয়াক তুমি বিশ্বাস নকৰা নে? মই যি যি কথা তোমালোকক কওঁ, সেইবোৰ নিজৰ পৰা নকওঁ; কিন্তু পিতৃয়ে মোৰ লগত থাকি তেওঁৰ কাৰ্যবোৰ সম্পন্ন কৰে।

[11] মই যে পিতৃত আছোঁ, আৰু পিতৃও যে মোৰ লগত আছে, মোৰ এই কথাতে বিশ্বাস কৰা; নাইবা মই কৰা কাৰ্যবোৰৰ কাৰণে মোক বিশ্বাস কৰা।

[12] মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি যি কাৰ্য কৰোঁ, মোক বিশ্বাস কৰা জনেও তেনেকুৱা কাৰ্য কৰিব আৰু তাতকৈয়ো মহৎ মহৎ কাৰ্য কৰিব; কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ।

[13] তোমালোকে মোৰ নামেৰে যিহকে খুজিবা, মই তাকে পূর্ণ কৰিম; তাতে পিতা, পুত্ৰৰ দ্বাৰাই যেন মহিমান্বিত হয়।

[14] তোমালোকে মোৰ নামেৰে যদি কিবা খোজা, তেনেহলে সেয়া মই পূর্ণ কৰিম।

[15] তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা।

[16] আৰু মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম, তেওঁ যাতে তোমালোকক আন এজন সহায়কর্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে৷

[17] সেই সত্যৰ আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে; কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও; তোমালোকে হ’লে তেওঁক জানা; কিয়নো তেওঁ তোমালোকৰ সঙ্গে সঙ্গে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব।

[18] মই তোমালোকক অনাথকৈ এৰি নাযাওঁ; মই তোমালোকৰ ওচৰলৈ আকৌ আহিম।

[19] অলপ সময়ৰ পাছত জগতে মোক পূণৰ দেখিবলৈ নাপায়, কিন্তু তোমালোকে হ’লে মোক দেখা পাবা; কাৰণ মই জীয়াই আছোঁ বাবে তোমালোকো জীয়াই থাকিবা।

[20] সেইদিনা তোমালোকে জানিবা যে, মই পিতৃত আছোঁ আৰু তোমালোকো মোত আছা, ময়ো তোমালোকত আছোঁ।

[21] যি জনে মোৰ আজ্ঞা পাই পালন কৰে, সেই জনে মোক প্ৰেম কৰে; আৰু যি জনে মোক প্ৰেম কৰে, সেই জন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হ’ব আৰু ময়ো সেই জনক প্ৰেম কৰি, তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম।”

[22] তেতিয়া ঈষ্কৰিয়োতীয়া নহয়, আন যিহুদাই তেওঁক ক’লে, “হে প্ৰভু, কিনো হ’ল যে, আপুনি জগতৰ আগত প্ৰকাশিত নহয়, কিন্তু আমাৰ আগত নিজকে প্ৰকাশ কৰিব?”

[23] যীচুৱে উত্তৰ দি তেওঁক ক’লে, “কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম।

[24] যি জনে মোক প্ৰেম নকৰে, সেই জনে মোৰ বাক্যও পালন নকৰে; আৰু যি বাক্য তোমালোকে শুনিবলৈ পাইছা, সেই বাক্য মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰহে।

[25] মই তোমালোকৰ লগত থাকোতেই, এইবোৰ কথা তোমালোকক ক’লো;

[26] কিন্তু সেই সহায়কর্তা পবিত্ৰ আত্মা, যি জনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব, তেওঁ তোমালোকক সকলো শিক্ষা দিব আৰু মই তোমালোকক যি যি কৈছোঁ, এই আটাই কথা তোমালোকক সোঁৱৰাব।

[27] মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।

[28] মই তোমালোকক যি দৰে ক’লো, সেই বিষয়ে তোমালোকে শুনিলা, মই গৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম৷ তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহ’লে মই পিতৃ ওচৰলৈ যাব ওলোৱাৰ কাৰণে তোমালোকে আনন্দ কৰিলাহেঁতেন; কিয়নো পিতৃ মোতকৈ মহান।

[29] এইবোৰ ঘটা কালত তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই তোমালোকক এইবোৰ কথা ক’লোঁ।

[30] তোমালোকৰ সৈতে মই অধিক কথা এতিয়া নহ’ম, কিয়নো জগতৰ অধিকাৰী আহিছে; আৰু মোৰ ওচৰত তাৰ একো নাই।

[31] কিন্তু মই যে পিতৃক প্ৰেম কৰোঁ, আৰু পিতৃয়ে মোক দিয়া আজ্ঞাবোৰ মই যে পালন কৰোঁ, এই বিষয়ে জগতে জানিবলৈ; এতিয়া উঠা, আমি ইয়াৰ পৰা যাওঁহক।”

যোহনে লিখা শুভবাৰ্তা — Chapters