Skip to content
Opens in a new window
Listen to this chapter • 5:47

[1] ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ পূর্বে যীচুৱে জানিব পাৰিলে, যে এই জগতৰ পৰা পিতৃৰ ওচৰলৈ তেওঁৰ যোৱাৰ সময় ওচৰ চাপি আহিছে; সেয়েহে জগতত থকা নিজৰ লোক সকলক সকলো সময়তে প্ৰেম কৰি তেওঁলোকক শেষলৈকে প্ৰকৃত প্ৰেমৰ প্ৰমাণ দিলে।

[2] তেওঁলোকৰ ৰাতিৰ আহাৰ খোৱাৰ সময় হ’ল; ইতিমধ্যে চয়তানে যীচুক বিশ্বাসঘাতকতা কৰিবলৈ চিমোনৰ পুত্র ঈষ্কৰিয়োতীয়া যিহূদাৰ মনত কু-বুদ্ধি সুমুৱাই দিলে।

[3] যীচুৱে জানিছিল যে, পিতৃয়ে তেওঁক সকলো বস্তুৰ ওপৰত ক্ষমতা দিছে; তেওঁ ঈশ্বৰৰ পৰা আহিছে আৰু পুনৰাই তেওঁ ঈশ্বৰৰ ওচৰলৈ উভতি যাব।

[4] তেওঁ ৰাতি আহাৰ খোৱা ঠাইৰ পৰা উঠি আহিল আৰু গাত লোৱা কাপোৰ খন থৈ, এখন গামোচা ললে আৰু নিজৰ কঁকাল বান্ধিলে,

[5] তাৰ পাছত চৰিয়াত পানী বাকি লৈ তেওঁ শিষ্য সকলৰ ভৰি ধুৱাবলৈ ধৰিলে আৰু কঁকালত বান্ধি লোৱা গামোচাৰে তেওঁলোকৰ ভৰি মচিলে।

[6] তাতে তেওঁ চিমোন পিতৰৰ ওচৰলৈ অহাত, পিতৰে তেওঁক ক’লে, “হে প্ৰভু আপুনি মোৰ ভৰি ধুৱাব নে?”

[7] যীচুৱে উত্তৰ দি তেওঁক ক’লে, “মই কি কৰিছোঁ তুমি এতিয়া বুজি নাপাবা; কিন্তু এই বিষয়ে পাছত বুজি পাবা।”

[8] পিতৰে তেওঁক ক’লে “আপুনি মোৰ ভৰি কেতিয়াও নুধুৱাব।” যীচুৱে উত্তৰ দিলে, “যদি তোমাৰ ভৰি নুধুৱাওঁ, তেনেহলে মোৰে সৈতে তোমাৰ একো সম্পর্ক নাই।”

[9] তেতিয়া চিমোন পিতৰে তেওঁক ক’লে, “হে প্ৰভু, মোৰ অকল ভৰি ধুই দিয়াই নহয়, কিন্তু মোৰ হাত আৰু মূৰো ধুৱাওক।”

[10] যীচুৱে তেওঁক ক’লে, “গা ধোৱা লোকৰ ভৰি ধোৱাৰ বাহিৰে, আন একো ধুবৰ প্ৰয়োজন নাই; কিয়নো তেওঁৰ গোটেই শৰীৰ পৰিষ্কাৰ আছে। তোমালোকো পৰিষ্কাৰ হৈ আছা, কিন্তু সকলোৱেই নহয়৷”

[11] কোনে তেওঁক বিশ্বাসঘাতকতা কৰিব, সেই বিষয়ে যীচুৱে জানিছিল; এই কাৰণে তেওঁ ক’লে, “তোমালোক সকলো নিৰ্মল নহয়।”

[12] যীচুৱে তেওঁলোকৰ ভৰি ধুৱাই উঠি, নিজৰ পিন্ধা কাপোৰ লৈ আকৌ বহিল; পাছত তেওঁ তেওঁলোকক ক’লে, “তোমালোকৰ কাৰণে মই যি কৰিলোঁ, সেই বিষয়ে তোমালোকে বুজিলা নে?

[13] তোমালোকে যে মোক ‘গুৰু’ আৰু ‘প্ৰভু’ বুলি মাতিছা, সেয়া ঠিকেই কৰিছা; কিয়নো মই সেয়েই হওঁ।

[14] এতেকে প্ৰভু আৰু গুৰু যি মই; মই যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেনেহলে তোমালোকেও ইজনে সিজনৰ ভৰি ধুই দিয়া উচিত।

[15] কিয়নো মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেইদৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ।

[16] মই তোমালোকক অতি স্বৰূপকৈ কওঁ, নিজ গৰাকীতকৈ দাস ডাঙৰ নহয়; আৰু যি জনে পঠালে সেই জনতকৈ পঠোৱা বাৰ্তাবাহক জন ডাঙৰ নহয়।

[17] তোমালোকে এই সকলোবোৰ পালন কৰা; এইবোৰ পালন কৰিলে, তোমালোক আশীৰ্বাদৰ ভাগী হবা।

[18] তোমালোকৰ সকলোৰে বাবে এই বিষয়ে কথা কৈছোঁ এনে নহয়; কিন্তু যি সকলক মই জানো তেওঁলোককহে মনোনীত কৰিলোঁ, তেওঁলোকক জানো; কিন্তু ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ; ‘যি জনে মোৰ পিঠা খায়, সেই জনে মোৰ বিৰুদ্ধে গেৰুৱা দাঙিলে।’

[19] এইদৰে যেতিয়া ঘটিব, তেতিয়া ময়েই যে সেই জন হয়, ইয়াক তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই এতিয়াৰ পৰা তোমালোকক কৈ আছোঁ।

[20] মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি জনক পঠাই দিওঁ, তেওঁক যি কোনাৱে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।”

[21] এই কথা কৈ, যীচুৱে আত্মাত বিৰক্তি পাই সাক্ষ্য দি ক’লে, “মই তোমালোকক অতি সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনেই মোক বিশ্বাসঘাতকতা কৰিব৷”

[22] শিষ্য সকলে ইজনে সিজনৰ মুখলৈ চাব ধৰিলে, কিন্তু কোন জনৰ বিষয়ে এই কথা ক’লে, সেই বিষয়ে নজনাৰ বাবে তেওঁলোক আচৰিত হ’ল।

[23] যীচুৰ শিষ্য সকলৰ মাজৰ এজনক তেওঁ বহুত প্ৰেম কৰিছিল সেই শিষ্য জনে মেজৰ কাষত হেলনীয়া হৈ পৰি যীচুৰ বুকুৰ কাষতে আছিল৷

[24] তেতিয়া চিমোন পিতৰে ইঙ্গিত দি সেই শিষ্য জনক ক’লে, “তেওঁ কাৰ বিষয়ে এই কথা কৈছে, সোধাচোন”?

[25] তেতিয়া তেওঁ যীচুৰ বুকুলৈ হাউলি গৈ সুধিলে, “হে প্ৰভু, সেই জন নো কোন?”

[26] যীচুৱে উত্তৰ দিলে, “মই যি জনক এই পিঠা ডোখৰ ভাঙি জুবুৰিয়াই ভগাই দিম, তেৱেঁই সেই জন।” তেতিয়া তেওঁ পিঠা ডোখৰ জুবুৰিয়াই লৈ, ঈষ্কৰিয়োতীয়া চিমোনৰ পুতেক যিহূদাক দিলে।

[27] সেই পিঠা ডোখৰ পোৱাৰ পাছতেই, চয়তান তেওঁৰ ভিতৰ সোমাল। তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি যি কাম কৰিবলৈ লৈছা, সেই কাম বেগতে কৰা।”

[28] কিন্তু তেওঁ কিয় এই কথা ক’লে, সেই বিষয়ে তেওঁৰ লগত মেজত ভোজন কৰিবলৈ বহা লোক সকলৰ কোনেও বুজি পোৱা নাছিল৷

[29] কিয়নো কিছুমানে ভাবিলে যে, যিহূদাৰ লগত ধনৰ জোলোঙা থকাৰ কাৰণে, ‘পৰ্বলৈ যি যি লাগে সেইবোৰ কিনিবলৈ নাইবা দৰিদ্ৰ সকলক কোনো বস্তু দিবলৈ’ যীচুৱে তেওঁক এই কথা ক’লে,।

[30] তাতে তেওঁ সেই পিঠা ডোখৰ গ্ৰহণ কৰি, তেতিয়াই বাহিৰলৈ গ’ল। সেই সময়, নিশাৰ সময় আছিল।

[31] যেতিয়া সেই ঠাইৰ পৰা যিহূদা বাহিৰলৈ ওলাই গ’ল, যীচুৱে ক’লে, “এতিয়া মানুহৰ পুত্ৰ মহিমান্বিত হ’ল, ঈশ্বৰো তেওঁৰ যোগেদি মহিমান্বিত হ’ল৷

[32] ঈশ্বৰ যদি তেওঁৰ যোগেদি মহিমান্বিত হ’ল, তেতিয়া ঈশ্বৰেও পুত্ৰক নিজৰ যোগেদি মহিমান্বিত কৰিব, তেওঁ তৎক্ষণাৎতেই কৰিব।”

[33] মোৰ প্ৰিয় সন্তান সকল, তোমালোকৰ লগত মই অলপ সময়হে আছোঁ। তোমালোকে মোক বিচাৰিবা; কিন্তু ইহুদী সকলক যেনেকৈ কৈছিলোঁ যে, ‘মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ তোমালোকে যাব নোৱাৰা’, তেনেকৈ এতিয়া তোমালোককো কৈছোঁ।

[34] মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ, তোমালোকে পৰস্পৰে প্ৰেম কৰিবা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।

[35] তোমালোকৰ যদি পৰস্পৰৰ মাজত প্ৰেম থাকে, তেনেহলে তোমালোক যে মোৰ শিষ্য হয়, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।”

[36] চিমোন পিতৰে তেওঁক সুধিলে, “হে প্ৰভু, আপুনি ক’লৈ যায়?” যীচুৱে উত্তৰ দি ক’লে, “মই য’লৈ যাওঁ, তালৈ তুমি এতিয়া মোৰ পাছে পাছে আহিব নোৱাৰা; কিন্তু পাছত তুমি মোৰ পাছে পাছে আহিবা।”

[37] পিতৰে তেওঁক ক’লে, “হে প্ৰভু, এতিয়াই নো কি কাৰণে আপোনাৰ পাছে পাছে যাব নোৱাৰো? মই আপোনাৰ কাৰণে মোৰ প্ৰাণকো দিম।”

[38] যীচুৱে উত্তৰ দি ক’লে, “মোৰ কাৰণে তোমাৰ প্ৰাণ দিবা নে? মই তোমাক অতি স্বৰূপকৈ কওঁ, তুমি মোক দোকমোকালিতে কুকুৰাই ডাক দিয়াৰ আগেয়ে তিনি বাৰ অস্বীকাৰ কৰিবা।”

যোহনে লিখা শুভবাৰ্তা — Chapters