Skip to content
Opens in a new window
Listen to this chapter • 5:22

[1] কিয়নো চোৱা, বাহিনীসকলৰ প্রভু যিহোৱাই, যিৰূচালেম আৰু যিহূদাৰ পৰা লাখুটি আৰু সাহায্য, আহাৰৰ সকলো যোগান, আৰু পানীৰ সকলো যোগান গুচাব।

[2] পৰাক্রমী লোক, যুদ্ধাৰু, বিচাৰকৰ্ত্তা, ভাববাদী, মঙ্গল চোৱা লোক আৰু প্রধানলোক,

[3] পঞ্চাশপতি সন্মানীয় নাগৰিক, পৰামর্শদাতা, দক্ষ শিল্পকাৰ, আৰু নিপুণ মায়াবী, এই সকলো দূৰ কৰিব।

[4] “মই কেৱল যুৱকসকলক তেওঁলোকৰ অধিপতি নিযুক্ত কৰিম, আৰু যুৱকসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব।

[5] প্ৰতিজন লোকে ইজনে সিজনৰ পৰা, আৰু নিজৰ চুবুৰীয়াৰ পৰা উপদ্ৰৱ পাব; সন্তানে অহংকাৰেৰে ডাঙৰক অমান্য কৰিব, আৰু নীহ লোকে সন্মানীয় লোকক প্রত্যাহ্বান দিব।

[6] এনে কি, এজন মানুহে নিজৰ ভায়েকক নিজৰ পিতৃৰ ঘৰত ধৰি ক’ব, “তোমাৰ এটা বস্ত্ৰ আছে, আমাৰ শাসনকৰ্ত্তা হোৱা, আৰু এই ধ্বংস তোমাৰ অধীনত হওঁক।”

[7] সেই দিনা তেওঁ চিঞৰী ক’ব, “মই সুস্থকাৰী হ’ব নোৱাৰো; মোৰ আহাৰ অথবা বস্ত্ৰ নাই; তোমালোকে মোক লোকসকলৰ শাসনকৰ্ত্তা নিযুক্ত কৰিব নোৱাৰা।”

[8] কাৰণ যিৰূচালেম ধ্বংস হৈছে, আৰু যিহূদা পতিত হৈছে; কিয়নো তেওঁলোকৰ কথা আৰু কাৰ্যবোৰ যিহোৱাৰ বিৰুদ্ধে, এনে কি, তেওঁৰ ৰাজকীয় ক্ষমতাও অমান্য কৰা হৈছে।

[9] তেওঁলোকৰ মুখ-চোৱা কাৰ্যই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে, আৰু তেওঁলোকৰ নিজৰ পাপ গোপন নকৰি চদোমৰ দৰে প্ৰকাশ কৰে। তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোকে নিজৰ ওপৰত আকস্মিক দুৰ্ঘটনা আনে।

[10] তোমালোকে ধাৰ্মিক লোকৰ বিষয়ে কোৱা যে, তেওঁলোকৰ মঙ্গল হ’ব, কাৰণ তেওঁলোকে নিজৰ কাৰ্যৰ ফল ভোগ কৰিব।

[11] দুষ্ট লোকৰ সন্তাপ হ’ব; তেওঁৰ অমঙ্গল হ’ব; কাৰণ তেওঁৰ হাতৰ কাৰ্যৰ ফল তেওঁ পাব।

[12] মোৰ লোকসকল! সন্তান সকল তেওঁলোকৰ উপদ্ৰৱকাৰী, আৰু মহিলাসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব। মোৰ লোকসকল, তোমালোকৰ পৰিচালকসকলে তোমালোকক বিপথে নিব, আৰু তোমালোকৰ পথৰ লক্ষ্য বিভ্রান্ত কৰিব।

[13] যিহোৱাই ন্যায়ালয়ত থিয় হৈছে; তেওঁ তেওঁৰ লোকসকলৰ বিচাৰ কৰিবলৈ থিয় হৈছে।

[14] যিহোৱাই পৰিচাৰকসকল আৰু লোকসকলৰ অধ্যক্ষসকলৰ বিচাৰত কৈছে, “তোমালোকে দ্ৰাক্ষাবাৰীখন খাই পেলাইছিলা, আৰু দৰিদ্ৰসকলৰ পৰা কাঢ়া বস্তু তোমালোকৰ ঘৰতেই আছে।

[15] বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লোকসকলক চূৰ্ণ কৰিলা, আৰু দৰিদ্রসকলৰ মুখ পিহিলা?

[16] যিহোৱাই কৈছে যে, চিয়োনৰ জীয়াৰীসকল অহংকাৰী, আৰু নিজৰ মুৰ দাঙি অহঙ্কাৰেৰে খোজ কাঢ়ে, আৰু তেওঁলোকে চকুৰে প্রেমৰ অভিনয় কৰে, তেওঁলোকে কৃত্রিম ভংগীত খোজ দিয়ে, আৰু ভৰিৰে মৃদু শব্দ কৰে।

[17] সেই কাৰণে যিহোৱাই চিয়োনৰ জীয়াৰীসকলৰ মুৰত খজুৱতি ৰোগ দিব, আৰু যিহোৱাই তেওঁলোকক টকলা কৰাব।

[18] সেই দিনা প্ৰভুৱে তেওঁলোকৰ ধুনীয়া নেপুৰ, মুৰৰ ফিটা, অৰ্ধচন্দ্রকাৰ অলঙ্কাৰ,

[19] কাণফুলি, খাৰু, ওৰণি,

[20] কপালি, ভৰিৰ শিকলি, টঙালি, সুগন্ধি দ্ৰব্যৰ টেমা, অমঙ্গল নিবাৰণ কৰা তাবীজ।

[21] তেওঁ আঙঠি, আৰু নথ সকলো সোলোকাব;

[22] উৎসৱৰ সাজ, আৱৰণ, ওৰণি, আৰু হাতত লোৱা বেগ,

[23] হাতত লোৱা দাপোণ, মিহি শন সূতাৰ বস্ত্ৰ, পাগুৰি, আৰু গা ঢকা কাপোৰ, এই সকলো শোভাৰ বস্ত্ৰ কাঢ়ি ল’ব।

[24] সুগন্ধি দ্রব্যৰ সলনি দুৰ্গন্ধ, আৰু টঙালিৰ সলনি ৰচি, পৰিপাটিকৈ ৰখা চুলিৰ সলনি টকলা মূৰ, আৰু দীঘল পৰিধান বস্ত্ৰৰ সলনি চট কাপোৰ, আৰু সৌন্দৰ্যৰ সলনি পোৰা দাগ দিব।

[25] তোমালোকৰ পুৰুষসকল তৰোৱালৰ দ্বাৰাই পৰাজিত হ’ব, আৰু তোমালোকৰ পৰাক্রমী লোকসকল ৰণত পৰাজয় হ’ব।

[26] যিৰূচালেমৰ ৰাজ-দুৱাৰবোৰে ক্ৰন্দন আৰু বিলাপ কৰিব, আৰু তেওঁ অকলশৰে মাটিত বহিব।

যিচয়া — Chapters