Skip to content
Opens in a new window
Listen to this chapter • 5:41

[1] মিচৰৰ বিষয়ে কৰা ঘোষণা। চোৱা, যিহোৱাই দ্ৰুতগামী মেঘত উঠি মিচৰ দেশলৈ আহিছে; তেওঁৰ সন্মুখত মিচৰৰ মূৰ্ত্তিবোৰ কম্পমান কৰিছে, আৰু মিচৰীয়াসকলৰ হৃদয় তেওঁলোকৰ ভিতৰত দ্রৱ হৈছে।

[2] “মই মিচৰীয়াসকলৰ বিৰুদ্ধেই মিচৰীয়াসকলক উচটাম; মানুহে নিজৰ ভাইৰ বিৰুদ্ধে, আৰু নিজৰ চুবুৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব; নগৰৰ বিৰুদ্ধে নগৰ, আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যই যুদ্ধ কৰিব।

[3] মিচৰীয়াসকলৰ আত্মা নিজৰ ভিতৰত দুৰ্ব্বল হ’ব, মই তেওঁলোকৰ মন্ত্র ধ্বংস কৰিম; তাতে তেওঁলোকে মূৰ্ত্তিবোৰৰ, ভূত পোহা, আৰু আত্মজ্ঞানীসকলৰ মন্ত্র চিঞৰীব।

[4] বাহিনীসকলৰ প্রভু যিহোৱাই কৈছে, “মই মিচৰীয়াসকলক এজন নিষ্ঠুৰ মালিকৰ হাতত সমৰ্পণ কৰিম, আৰু এজন পৰাক্রমী ৰজাই তেওঁলোকক শাসন কৰিব।”

[5] সমুদ্রৰ পানী শুকাই যাব, আৰু নদী শুকাই খালী যাব।

[6] নদীবোৰ দুৰ্গন্ধযুক্ত হ’ব, আৰু মিচৰৰ নদীৰ পানী কমি শুকাই যাব; নল আৰু খাগড়ি নিৰ্জীব হ’ব।

[7] নীল নদীৰ ঘাট, আৰু নীল নদীৰ দাঁতিৰ ঘাঁহনিবোৰ শুকাই ধূলিলৈ পৰিণত হ’ব, আৰু বতাহে উৰুৱাই লৈ যাব।

[8] মাছমৰীয়াসকল ক্রন্দন কৰিব, আৰু নদীত বৰশী টুপুৱাসকলে বিলাপ কৰিব, তেওঁলোকৰ দৰে পানীত জাল পেলোৱাসকলেও দুঃখ কৰিব।

[9] শণ সূতা ফনিওৱা কাম কৰাসকল আৰু বগা বস্ত্ৰ বোৱাসকল বিবৰ্ণ হ’ব।

[10] মিচৰীয়াৰ কাপোৰৰ কাম কৰা লোকসকলক ভগ্ন কৰা হ’ব; আৰু হাজিৰাত কাম কৰাসকলে মনত কষ্ট পাব।

[11] চোৱনৰ ৰাজকুমাৰ সকল সম্পূৰ্ণ মূৰ্খ, আৰু ফৰৌণৰ সকলোতকৈ জ্ঞানী পৰামৰ্শদাতা সকলৰ মন্ত্রণা জ্ঞানশূন্য হ’ব। “মই জ্ঞানীলোকৰ পুত্ৰ, প্ৰাচীন ৰজাসকলৰ সন্তান,” এই বুলি ফৰৌণৰ আগত তোমালোক প্ৰতিজনে কেনেকৈ ক’ব পাৰা?

[12] তেনেহ’লে তোমালোকৰ জ্ঞানীলোক ক’ত? তেওঁলোকে তোমালোকক কওক, আৰু মিচৰৰ বিষয়ে বাহিনীসকলৰ যিহোৱাই কি পৰিকল্পনা কৰিছে, সেই বিষয়ে তেওঁলোকে জানক।

[13] চোৱনৰ ৰাজকুমাৰসকল মূৰ্খ হ’ল, নোফ নগৰৰ ৰাজকুমাৰ সকল প্ৰতাৰিত হ’ল; তেওঁলোকে মিচৰৰ জাতিবোৰৰ চুকৰ শিল স্বৰূপ, তেওঁলোকে মিচৰীয়াসকলক বিপথগামী কৰিলে।

[14] যিহোৱাই তেওঁৰ ভিতৰত বিকৃত আত্মা বাকি দিলে, মতলীয়ালোকে বমি কৰি ঢলংপলং কৰাৰ দৰে, তেওঁলোকে মিচৰক তেওঁৰ সকলো কাৰ্যত বিপথগামী কৰিলে,

[15] মূৰ বা নেগুৰ, খাজুৰ পাত বা খাগৰি তাত কোনো এজনে মিচৰৰ বাবে একো কৰিব নোৱাৰে।

[16] সেই দিনা, মিচৰীয়াসকল মহিলাৰ দৰে হ’ব; বাহিনীসকলৰ যিহোৱাই তেওঁলোকৰ ওপৰত হাত উঠোৱাৰ বাবে, তেওঁলোকে কঁপিব আৰু ভয় কৰিব।

[17] যিহূদা দেশ মিচৰীয়াসকলৰ আগত ত্ৰাসৰ কাৰণ হ’ব। মিচৰৰ বিৰুদ্ধে বাহিনীসকলৰ যিহোৱাই কৰা পৰিকল্পনাৰ কাৰণে যেতিয়াই কোনো এজনে তেওঁলোকক সোঁৱৰণ কৰিব, তেতিয়া তেওঁলোকে ভয় কৰিব।

[18] সেই দিনা কনানীয়া ভাষা কোৱা আৰু বাহিনীসকলৰ যিহোৱালৈ শপত খোৱা পাঁচখন নগৰ হ’ব। এই পাচঁখনৰ এখন সূৰ্যৰ নগৰ নামেৰে প্রখ্যাত হ’ব।

[19] সেই দিনা মিচৰ দেশৰ মাজত যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী, আৰু সীমাত যিহোৱাৰ উদ্দেশ্যে এটা শিলৰ স্তম্ভ হ’ব।

[20] সেয়ে মিচৰ দেশত বাহিনীসকলৰ যিহোৱাৰ অৰ্থে এটা চিন আৰু সাক্ষীস্বৰূপ হ’ব। যেতিয়া তেওঁলোকে উপদ্ৰৱকাৰী সকলৰ বাবে যিহোৱাৰ আগত কাতৰোক্তি কৰিব; তেতিয়া তেওঁলোকৰ ওচৰলৈ তেওঁ এজন ত্রানকৰ্ত্তা আৰু উদ্ধাৰকৰ্ত্তা পঠাব, আৰু তেওঁ তেওঁলোকক মুক্ত কৰিব।

[21] যিহোৱা মিচৰত জনাজাত হ’ব, আৰু সেই দিনা মিচৰীয়াসকলে যিহোৱাক জানিব। তেওঁলোকে বলিদান আৰু উৎসৰ্গৰ সৈতে তেওঁৰ আৰাধনা কৰিব, আৰু যিহোৱাৰ উদ্দেশ্যে সঙ্কল্প কৰিব, আৰু সিদ্ধও কৰিব।

[22] যিহোৱাই মিচৰক প্রহাৰ কৰিব, আৰু প্রহাৰ কৰি সুস্থ কৰিব; তেওঁলোকে যিহোৱালৈ ঘূৰি আহিব, তাতে তেওঁ তেওঁলোকৰ নিবেদন শুনিব আৰু তেওঁলোকক সুস্থ কৰিব।

[23] সেই দিনা সেই ঠাইত মিচৰ দেশৰ পৰা অচূৰলৈকে এটা ৰাজপথ হ’ব, তাতে অচূৰীয়া লোকে মিচৰলৈ, আৰু মিচৰীয়া লোকে অচোৰলৈ অহা যোৱা কৰিব; আৰু মিচৰীয়াসকলে অচূৰীয়াসকলৰ সৈতে আৰাধনা কৰিব।

[24] সেই দিনা মিচৰ আৰু অচূৰৰ সৈতে ইস্রায়েল তৃতীয় হৈ পৃথিৱীৰ মাজত আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।

[25] বাহিনীসকলৰ যিহোৱাই তেওঁলোকক আশীৰ্ব্বাদ কৰিব আৰু ক’ব, “মোৰ মিচৰীয়া লোকসকল, মোৰ হাতে কৰা কাৰ্য অচূৰ, আৰু মোৰ আধিপত্য ইস্ৰায়েল আশীৰ্ব্বাদপ্ৰাপ্ত হওক।”

যিচয়া — Chapters