Skip to content
Opens in a new window
Listen to this chapter • 2:31

[1] তুমি তেখেত সকলক সোঁৱৰাবা; তেখেত সকলে যেন শাসনকৰ্তা আৰু ক্ষমতা পোৱা লোক সকলৰ বশীভুত হৈ তেওঁলোকৰ আজ্ঞা পালন কৰে, সকলো সৎকর্ম্মত যুগুত হয় থাকে, আৰু

[2] কোনো ব্যক্তিক নিন্দা নকৰি, নির্ব্বিৰোধী আৰু ক্ষান্ত স্বভাৱী হৈ সকলো মানুহৰ প্ৰতি মৃদুভাব প্ৰকাশ কৰক৷

[3] কিয়নো পূর্বে আমিও নির্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানা বিধ অভিলাষ আৰু সুখভোগৰ সেৱাকর্ম কৰা, হিংসা আৰু ঈৰ্ষাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ।

[4] কিন্তু যেতিয়া আমাৰ ত্ৰাণকর্তা ঈশ্বৰৰ মধুৰ স্নেহ স্বভাব আৰু মনুষ্য জাতিলৈ প্ৰেম প্ৰকাশিত হল,

[5] তেতিয়া আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে৷

[6] তাৰ কাৰণে সেই আত্মা আমাৰ ত্ৰাণকর্তা যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে আমাৰ ওপৰত বাহুল্যৰূপে বাকি দিলে,

[7] যাতে তেওঁৰ অনুগ্ৰহত আমি ধার্মিক বুলি গণিত হৈ অনন্ত জীৱনৰ আশা অনুসাৰে উত্তৰাধিকাৰী হব পাৰোঁ৷

[8] এই কথা বিশ্বাসযোগ্য৷ ঈশ্ৱৰত বিশ্ৱাস কৰা সকলে যাতে তেওঁলোকৰ সন্মুখত থকা সৎকর্মত লাগি থাকিবলৈ চিন্তা কৰে, তাৰ কাৰণে তোমাক এই আজ্ঞা মই দিছোঁ৷ এইবোৰ কথা সকলো লোকৰ পক্ষে উত্তম আৰু লাভজনক।

[9] কিন্তু মূঢ় বাদ-বিবাদ, বংশাৱলী বিবাদ আৰু বিধানৰ বিষয়ে বাগযুদ্ধ, এই সকলোৰে পৰা তুমি পৃথকে থাকিবা; কিয়নো সেইবোৰ অনুপকাৰী আৰু অনর্থক।

[10] দলভেদী মানুহক দুই এবাৰ চেতনা দিয়াৰ পাছত তেনেলোকক অগ্ৰাহ্য কৰিবা;

[11] তেনেধৰণৰ মানুহ যে বিপথগামী আৰু নিজ প্ৰমাণত দোষী হৈ পাপ কৰে, সেই বিষয়ে তুমি জানা।

[12] মই তোমাৰ তালৈ আর্ত্তিমা বা তুখিকক পঠালোঁ, নীকপলিত মোৰ ওচৰলৈ বেগাই আহিব বাবে তুমি যত্ন কৰিবা; কিয়নো মই সেই ঠাইতে জাৰকালি কটাবলৈ সিদ্ধান্ত ললোঁ।

[13] পণ্ডিত চিনাক আৰু আপল্লোক অতি যত্নেৰে পঠাবা, যাতে তেওঁলোকৰ একোৰে অভাৱ নহয়।

[14] আমাৰ মানুহবোৰ যেন নিষ্ফল নহয়, তাৰ বাবে প্ৰয়োজনীয় অভাৱ পুৰণ কৰিবলৈ সৎকর্মত লাগি থাকিবৰ বাবে শিকক।

[15] মোৰ লগত থকা সকলোৱে তোমাক মঙ্গলবাদ কৰিছে। বিশ্বাসত থাকি আমাক প্ৰেম কৰা সকলোকে মঙ্গলবাদ দিবা। তোমালোক সকলোৰে লগত অনুগ্ৰহ থাকক। আমেন৷

তীতৰ প্ৰতি পত্ৰ — Chapters